পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৮ )


বিদ্যাদান, অধ্যয়ন, যজন, যাজন দান আরু দানগ্ৰহণ এই ছয়টি ব্ৰাহ্মণ সফলৰ; প্ৰজা রক্ষা কৰা, দান, যজ্ঞ, অধ্যয়ন আরু ভোগাশক্তি পৰি বজ্জন এই কেইটি কৰ্ম্ম ক্ষত্ৰিয় সকলৰ; পশুপালন, দান যজ্ঞ, অধ্যয়ন, বাণিজ্যৰ জন্য ধন প্ৰদান আরু কৃষি কৰ্ম্ম বৈশ্যৰ, আরু একান্ত মনে উক্ত তিনি বৰ্ণক সেবা করি, পৰমেশ্বৰৰ চৰণত ভক্তি ৰখা শূদ্ৰৰ নিয়ম কৰি দেছে।

 পুৰুষৰ ভৰিৰ পৰা মুৰলৈকে সমস্ত শৰীৰ পবিত্ৰ। তাৰ ভিতৰত নাভিৰ পৰা উপৰে সমস্ত গা খণ্ড, নিম্ন ভাগতকৈ বেচি পবিত্ৰ; কিন্তু মুখ হলে সকলোতকৈ বেচি পবিত্ৰ। সেই হেঁতুকে ব্ৰাহ্মণ প্ৰভূর মুখৰ পৰা উদ্ভব হৈছে দেখি, অন্যান্য বণতকৈ অতি উত্তম। আরু সেই দেখিয়ে শ্ৰদ্ধাদিত দিয়া অন্নবোৰ পিতৃ সকলে ব্ৰাহ্মণৰ মুখেহে গ্ৰহণ কৰে।

 এই সংসাৰত থকা বস্তুৰ মাজত যি বিলাকৰ জীব আছে অৰ্থাৎ লৰচৰ কৰি ফুৰিব পাৰে, তাহাঁত শ্ৰেষ্ঠ। ইহ’তকে প্ৰাণী ও বোলে। এই প্ৰাণী সকলৰ মাজত যাৰ বুদ্ধি আছে, তেওঁলোক অতি শ্ৰেষ্ঠ। বুদ্ধি জীবী সকলৰ মাজত আকৌ মানুহ শ্ৰেষ্ঠ এই মানহ সকলৰ মাজত আকৌ বাহ্মণ শ্ৰেষ্ঠ। ব্ৰাহ্মণৰ মাজত আকৌ যিবোৰ বিদ্বান তেওঁলোক শ্ৰেষ্ঠ। বিদ্বান, সকলৰ ভিতৰত যি বোরর শাস্ত্ৰে কোৱা নিয়মানুসাৰে কৰ্ত্তব্য বুদ্ধি জন্মিছে তেওঁলোকেই শ্ৰেষ্ঠ , আকৌ কৃত বুদ্ধি সকলৰ মাজত যি বোৰে সদাই কৰ্ত্তব্য়ানুযায়ী কাম কৰে, তেওঁ লোক শ্ৰেষ্ঠ; কিন্তু সকলোতকৈ আকৌ ৰহ্মবেদী ব্ৰাহ্মণ শ্ৰেষ্ঠ।

বিশ্ব পৰমেশ্বৰৰ একান্ত ভক্ত সবাতকৈ শ্ৰেষ্ঠ॥

। ধম্ম সত্য দম তপ্ জপ্ যজ্ঞ বৰ। অনুসূয়া ক্ষমা ধৃতি লজ্জা অমৎসৰ। দান সমে এই বাট গুণ ব্ৰাহ্মণৰ। সদায়েই সব গুণ যুক্ত দ্বিজবৰ॥ । ভকতৰ ভিতৰত বৰ্ণৰ বিচাৰ নাই। আন কি চাণ্ডাল একান্ত। ভকতেও সৰ্ব্ব শ্ৰেষ্ঠ।

(গীতা-নাম ঘোষা )