পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


(৩২) হলেও ইয়াতকৈ বেচি ব্ৰাহ্মণ ভোজন কৰোৱা উচিত নহয়। কিয়নো ব্ৰাহ্মণ বেচি হলে তোওঁ লোকৰ সেৱা শুশ্ৰুষা আৰু যোগ্য়াযোগ্য বিচাৰ কৰাৰ নিয়ম নেথাকে; এই হেঁতুকে কাৰ্য্য়ে ব্ৰাহ্মণ বেচি কৰা অনুচিত। মাহিলি শ্ৰাদ্ধ প্ৰতি অমাৱস্যায় আৰু বছৰেকীয়া শ্ৰদ্ধা মৃত্যু মাহ তিথি মিলাত কৰিলে, পিতৃলোকৰ উপকাৰ হয়। যি লোকে এই পিতৃ কাৰ্য্য যথা সময়ে নিয়মিত ৰূপে কৰি থাকে, তেঁওৰ ধন ধান্যাদি সম্পদ লাভ হয় | পূজ্যত্তম বেদাধ্যায়ী ব্ৰাহ্মণক দেৱ পিতৃ সম্বন্ধীয় হব্যকব্যাদি অন্নবোৰ প্ৰদান কৰা দাতা সকলৰ কৰ্ত্তব্য। তেনেকুৱা ব্ৰাহ্মণক দান কৰিলে মহা ফল জন্মে। দেৱ-পিতৃ কাৰ্য্য়ে এটি বেদজ্ঞ ব্ৰাহ্মণক ভোজন কৰালেই সম্পূৰ্ণ ফল লাভ হব। বেদ ন জনা এক লক্ষ ব্ৰাহ্মণক ভোজন কৰালেও একো ফল ন হব। যি ব্ৰাহ্মণৰ উপৰী পুৰুষ সকল বেদজ্ঞ আছিল, তেনেকুৱা ব্ৰাহ্মণ বিচাৰ কৰি লোৱা উচিত। তেনে ব্ৰাহ্মণক দান কৰিলে, অতিথি সেৱাৰ নিচিনা মহা ফল পোয়া যায়।| শোণিত লগা হাত যেনে শোণিতেৰে ধুলে কেতিয়াও নিকা নহয় , তেনেকুৱা মূৰ্খ জ্ঞানহীন পাপী ব্ৰাহ্মণ লোকক ভোজন কৰালেও পাপীৰ পাপ দূৰ নহয়। এতেকে অতিশয় জ্ঞানী বেদজ্ঞ ব্ৰাহ্মণকেই হব্য কৰ্য প্ৰদান কৰা উচিত। শ্ৰাদ্ধৰ কাৰ্য্য়ত শত্ৰু - মিত্ৰ উভয় ব্ৰাহ্মণকে নিমন্ত্ৰ কৰা উচিত নহয়। শত্ৰু ও নহয় মিত্ৰ ও নহয় তেনেকুৱা ব্ৰাহ্মণক শ্ৰাদ্ধত ভোজন কৰোৱা কৰ্ত্তব্য় |প্ৰায় শ্ৰাদ্ধাদিত কেৱল মিত্ৰ সকলে মাথোন ভোজন কৰে তেনে