পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৩৭)


আৰাধনা করিবলৈ নেজানে, তেন্তে ব্ৰাহ্মণৰ হাতেৰেই উক্ত আহুতি তিনটী প্ৰদান কৰিব। কিয়নো অগ্নি আৰু ব্ৰাহ্মণ উভয়ে সমান। পূজাদি যিমান যি কৰা যায় সমস্ত দক্ষিণ মুখহৈ কবি। দক্ষিণ হাতেৰে পিণ্ডৰ আধাৰ থকা মাটিত জলদান কৰিব লাগে। অগ্নিত আহুতি প্ৰদান কৰি হুতাব শিষ্ঠ দ্ৰব্য সকল লগ কৰি, তিনটি পিণ্ড প্ৰস্তুত ক্ৰমে দক্ষিণ মুখে একান্ত মনে দক্ষিণ হাতৰ পিতৃ তীৰ্থেৰে সেই কুশৰ ওপৰে প্ৰদান কৰিব। আদেশ মতে যত্ন পূৰ্ব্বক কুশ আরু পিণ্ডা ধাবৰ উপৰ পিণ্ড দান কৰি, লেপভুক (ভূকত খোৱা) বুদ্ধ প্ৰপিতা মহাদি উৰ্দ্ধ তিনি পুৰুষৰ তৃপ্তিৰ জন্যে সেই পিণ্ডাধাৰৰ গোবত হস্ত ঘৰ্ষণ কৰিব। তাৰ পিছে উত্তৰ মুখ হৈ আচমন কৰি অন্তৰৰ বায়ুৰোধ পূৰ্ব্বক "বসস্থায় নমস্তভ্যং" ইত্যাদি মন্ত্ৰেৰে ছয় ঋতুক নমস্কাৰ কৰিব। আৰু “নমেবঃ পিতৰঃ” ইত্যাদি মন্ত্ৰেৰে দক্ষিণ মুখে পিত্ৰাদিকো নমস্কাৰ কৰিব। জল পাত্ৰত থকা শেষ জল, প্ৰত্যেক পিণ্ডৰ গুৰিত ক্ৰমে ক্ৰমে উচৰ্গ কৰিব, আরু যি ৰূপে ক্ৰমান্বয়ে পিণ্ড দিয়া হৈছে, একান্ত মনে সেই রূপে ক্ৰমে ক্ৰমে প্ৰত্যেক পিণ্ডৰেই আঘ্ৰাণ লৱ। তাৰ পিছে প্ৰতি পিণ্ডৰে পৰা অলপ্ অলপকৈ লৈ আসনত বহি থকা ব্ৰাহ্মণক আগে ভোজন কৰাব। পিতা বৰ্ত্তমাণে পিতামহাদি তিনি পুরুষৰ শ্ৰাদ্ধ কৰিব তাৰ পিছে ব্ৰাহ্মণ সকলৰ হাতে পিণ্ডাধাৰ আৰু তিল জল দি পূৰ্বে্ব কোৱা পিণ্ডাগ্ৰা বিলাক “প্ৰিত্ৰোস্বধান্তঃ” ইত্যাদি বুলি সম্পূৰ্ণ কৰিব।


* বৰ্ত্তমান ডাঙ্গৰ জনেই শ্ৰাদ্ধ কৰিলে ভাল। ডাঙ্গৰ জনৰ অনুমতি

লৈ সরুৱেও কৰিব পাৰে। কিন্তু তেনেকুৱা অৱস্থাৰ বিশেষ নিয়ম আছে। মনুসংহিতাৰ তৃতীয় অধ্যায়ৰ ২২০/২২১/২২২ শ্লোক দেখা।