পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 উপৰত যে দৈৱ যুগৰ পৰিমাণ বাৰহেজাৰ বছৰ কোৱা হল, তাৰ আঠলক্ষ বাৱন্ন হেজাৰ বছৰে এটা এটা মন্বন্তৰ অৰ্থাৎ এক এক মনুৰ অধিকাৰ কাল শেষ হয়। এইৰূপে অসংখ্য অসংখ্য মন্বন্তৰ মিলিত হৈছে। আৰু অসংখ্য বাৰ বিশ্বৰ সৃষ্টি আৰু লয় হৈছে। আকৌ সেই জগৎস্ৰষ্টা পিতামহে যেন ক্ৰীড়া কৌতুক কৰি উক্ত লিখিত কাৰ্য্যবোৰ সম্পন্ন কৰি থাকে।

 এতিয়া উল্লিখিত সুগচাৰিটিৰ বিষয় কোৱা যাওক। প্ৰথম সন্তামুণে সকলো ধম্মহ পুৰ্নভাৱে অবস্থিতি, অসত্য মাত্ৰেই নাই। এই যুণত শাস্ত্ৰ নিসিদ্ধ উপায়েৰে অৰ্থ নাইবা বিদ্যা লাভ নাই। ক্ৰমে অন্যান্য তিনি যুগে, ধৰ্ম্ম এক এক ভাগ ক্ষয় হৈ আহে যেনে,—— ত্ৰেতাত তিনি দ্বাপৰত দুই আৰু কালত এক ভাগ মাত্ৰ ধৰ্ম্ম থাকে। সেইৰূপ ধন-বিদ্যা অৰ্জন ও ধৰ্মৰ এক এক পাদ ক্ষয় হৈ থাকে।

 সত্য যুগৰ মানুহ বোৰ নিৰোগী, সিদ্ধ কৰ্ম্মী আৰু চাৰিশ বছৰ জীয়াই থাকে। কিন্তু ত্ৰেতাদি পিচৰ যুগ তিনটি ও ক্ৰমে এশ বছৰকে হ্ৰাস হয়। বেদোক্ত কৰ্ম্ম অনুসাৰে পৰমাঃ প্ৰাপ্তি কামনা পূৰ্ব্বক ফল লাভ হৈ থাকে।

 চাৰিও যুগে ধৰ্ম সাধনা বিষয়ো ভিন্ন প্ৰকাৰ যেনে, সত্য যুগত তপস্যাই প্ৰধান ধম্ম, ত্ৰেতা যুগত জ্ঞানেই প্ৰধান, দ্বাপৰ যুগত যজ্ঞ আৰু কলি যুগত দান আৰু নাম।

চতৰ্থ অধ্যায়।

চাৰি বৰ্ণৰ ধৰ্ম্ম, তাৰ শ্ৰেষ্ঠতা আৰু আচাৰ ধৰ্ম।

 ম্মৰ মূল কেবল কৰ্ম্ম, সেই দেখি চাৰিও বৰ্ণৰে নিয়ম কৰোতা পৰমেশ্বৰে কেতবোৰ কৰ্ম্ম নিৰ্দেশ কৰিছে। সেই সকল কৰ্ম্ম যেনে;—