(৩৩)
সেই কামত একো ফল নাই। আৰু সি কেতিয়াও স্বৰ্গ লাভয় অধিকাৰী
নহয়। যেনে;-
যঃ সঙ্গতানি কুৰুতে মহা শ্ৰাদ্ধেন মানবঃ।
স স্বৰ্গচ্চ্যবতে লোকাচ্ছাদ্ধামিত্ৰো দ্বিজাধমঃ।|
( ইতি মনুঃ তৃঃ অঃ ১৪০। )
ব্ৰাহ্মণক নিয়ম পূৰ্ব্বক দক্ষিণা দান কৰিলে দাতা আৰু দান গ্ৰহণকাৰী
এই দুইও জনে ইহ পৰ উভয় লোকে ফল লাভ কৰে। শ্ৰাদ্ধে স্থল
বিশেষে মিত্ৰকেই, ভোজন কৰাবলৈ পাৰে কিন্তু শত্ৰু যদি অতি
বিদ্বানো হয় তথাপি তাক ভোজন কৰোৱা উচিত নহয়। শত্ৰুলোকে
শ্ৰাদ্ধীয় দ্ৰব্য ভোজন কৰিলে, পৰ লোকৰ পক্ষে একেবাৰেই নিষ্ফল।
যেনে;-
কামঃ শ্ৰাৰ্দ্ধে হয়েৰ্চ্চান্মত্ৰং নাভিৰূপ মপিত্বৰিম্।
দ্বিষতাহি হৰিৰ্ভুক্তং ভবতি প্ৰেত্যনিষ্ফলম।|
( ইতি মনুঃ তৃঃ অঃ ১৪৪।)
বেদ পাৰগ ঋগ্বেদী শাখাধ্যায়ী যজুৰ্ব্বেদী কিম্বা সমাপ্তাধ্যায়ী সামবেদী ,
এই তিনি ব্ৰাহ্মণৰ একজনও যাৰ শ্ৰাদ্ধত সম্মানিত হৈ ভোজন কৰে;
তাৰ পিত্ৰাদি সপ্তম পুৰুষৰ চিৰস্থায়িনী তৃপ্তি লাভ হয়। এনেকুৱা
ব্ৰাহ্মণৰ যদি নেপায়, তেন্তে মাতামহ, মামা, ভাগিন, শসুৰ, গুৰু,
কন্যাৰ পুত্ৰ, জামাতা, বন্ধু পুৰোহিত, শিষ্যাদিকেই ভোজন কৰাব।
যি ব্ৰাহ্মণে চুৰ কৰে, যি জন পতিত, ক্লীব, নাস্তিক ধৰ্ম্মাৱলম্বী ,
বেদাধ্যায়ন নকৰে; চৰ্ম্ম ৰোগী, দুতক্ৰীড়া কৰে, বহুযাজক বেজালি,
কৰে, প্ৰতিমা পৰিচাৰক মাংস বেচে বানিজ্য কৰি জীবিকা নিৰ্ব্বাহ
কৰে, গাঁওৰ বা ৰজাৰ চাকৰী কৰে, কুনখি, যাৰ দাঁত ৰোয় কলা,
পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
