পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৬ )


ইন্দ্ৰিয় বোৰে সহিতে অবস্থান কৰে। যেতিয়া সেই পৰামাত্মা পৰমেশ্বৰত এই নিখিল সংসাৰ লয় হয়, তেতিয়া সেই সৰ্ব্বভূতাত্মা অচিন্ত মনে পৰম সুখে টোপনি যায়।

তৃতীয় অধ্যায়।
সময়বৰ্ণন, প্ৰলয়নিরুপণ।
আৰু যুগ ধৰ্ম্ম।

 ষ্টাদশ নিমেষে এক কাষ্ঠা হয়। ত্ৰিশ কাষ্ঠায় এক কলা, ত্ৰিশ কলায় এক মুহূৰ্ত আৰু ত্ৰিশ মুহূৰ্তে এক অহোৰাত্ৰ হয়। সূৰ্য্য়ই মনুষ্য আরু দেৱতা সকলৰ অহোৰাত্ৰ ভাগ কৰে। ইয়াৰ ভিতরত জীৱ সকলৰ ৰাতি টোপনি আরু দিন কামকৰাৰ নিমিত্তে নিৰ্দিষ্ট হৈছে। ডেৰকুৰি অহোৰাত্ৰে মানুহৰ এমাহ আৰু এইরূপ বাৰমাহে এবছৰ হয়। মানুহৰ এমাহে পিতৃলোকৰ এদিন এৰাতি হয়। তাৰ ভিতৰত কৃষ্ণ পক্ষে দিন আৰু শুক্ল পক্ষে ৰাতি। মানুহৰ এৱছৰে দেবতা সকলৰ এদিন এৰাতি হয়। উত্তৰায়ণ দিন আরু দক্ষিণায়ন ৰাতি। এতিয়া ব্ৰহ্মাৰ দিন ৰাতিৰ পৰিমাণ কোৱা যাওক। দেৱতাৰ চাৰি হেজাৰ বছৰে মানুহৰ সত্যযুগ হয়। ইয়াৰ আদিৰ চাৰিশ বছৰে দিন আৰু শেষৰ চাৰিশ বছৰে ৰাতি হয়। অন্যান্য তিনি যুগত ক্ৰমে এশ এশ বছৰকৈ কমি যায়; অৰ্থাৎ দেবতাৰ তিনিশ বছৰে ত্ৰেতা, দুশ’ বছৰে দ্বাপৰ আৰু এশ বছৰে কলি যুগ হয়। এই মানুহৰ চারি ও যুগৰ ভিতৰত দেৱতাৰ বাৰ হেজাৰ বছৰ হয়। এই সময় তাঁহাতৰ এযুগ এই হিচাবে দৈৱ পৰিমাণৰ হেজার যুগে ব্ৰহ্মাৰ এদিন আৰু এই পৰিমাণে তেওৰ এৰাতি হয়।