[২২ ]
তিনি জনৰ শুশ্ৰূষাকে পণ্ডিত সকলে পৰম তপস্যা বুলি কৈছে। এওঁ
লোকৰ আদেশ ন হলে আন কোনো ধৰ্ম্ম আচৰণ কৰিবৰ নিয়ম নাই।
এওঁলোক তিনি জনেই ত্ৰিলোক, তিনি আশ্ৰম, তিনি বেদ আৰু তিনি
অগ্নি। এই তিনি জনেই সংসাৰত গৰিষ্ঠ। যি লোকে এই তিনি
জনক সদাই সন্তুষ্ট ৰাখিব পাৰে; তেওঁ তাৰে ত্ৰিলোক জয় কৰি;
সশৰীৰে প্ৰকাশিত হৈ দেৱতা সকলৰ নিচিনাকৈ স্বৰ্গত অতিশয়
সুখ ভোগ কৰিবগৈ। মাতৃ ভক্তিৰে ভূৰ্লোক, পিতৃ ভক্তিৰে স্বৰ্গলোক
আৰু গুৰু ভক্তিৰে ব্ৰহ্মলোক লাভ কৰা যায়। যি জনে এই তিনি
জনক আদৰ কৰে, তাৰ ধৰ্ম্মক আদৰ কৰা হয়। আৰু যি লোকে
এই তিন জনক অনাদৰ কৰে, তাৰ ধৰ্ম্ম কৰ্ম্ম সকলো বৃথা। যিমান
দিন এওঁলোক জীয়াই থাকে, তিমান দিন লৈকে স্বতন্ত্ৰভাৱে কোনো
ধৰ্ম্ম কৰ্ম্ম কৰিবৰ নিয়ম নাই; কিন্তু প্ৰতিদিনে এওঁলোকৰ হলে
প্ৰিয় কাৰ্য্য সাধন আৰু সেৱা শুশ্ৰুষা কৰিব লাগিব। এওঁলোক
সেৱাদিৰ অবিৰোধে পৰলোক কামনাৰে কায়-মন-বাক্যেৰে যি অলপ
ধৰ্ম্ম কৰ্ম্মৰ অনুষ্ঠান্ কৰিব; সেই এটাইকে তেওঁলোকক নিবেদন কৰিব।
তিনো জনক উল্লিখিত মতে শুশ্ৰুষা কৰিলে পুৰুষৰ ইতি কৰ্তব্য।
(ইহ কালত কৰিব লগা কাম) শেষ হয়। এইয়েই সাক্ষাৎ পৰম ধৰ্ম্ম।
তদ্ভিন্ন যজ্ঞাদি অন্যান্য যি কিছু ধৰ্ম্ম আছে, সেই এটাইকে উপধৰ্ম্ম
বোলে। সামান্য লোকৰ ঠাইতে শ্ৰদ্ধা কৰি শ্ৰেষ্ঠ বিদ্যা শিকিব; অতি
অন্ত্যজ অৰ্থাৎ চান্দালাদিৰ পৰাও পৰম ধৰ্ম্ম লাভ কৰিব; লৰাৰ পৰাও
ভাল কথা গ্ৰহণ কৰিব। আৰু কুস্থানৰ পৰাও সুবৰ্ণাদি ৰত্নতুলি লব
লাগে। স্ত্ৰী, ৰত্ন, বিদ্য়া, ধৰ্ম্ম, পবিত্ৰতা, হিতোপদেশ আৰু শিল্প বিদ্যা
সকলোৰে পৰা সকলোৱে লাভ বা শিক্ষা কৰিব পাৰে।
- বোপাক গাৰ্হপত্যং মাক দক্ষিণাগ্নি আৰু গুৰু আৰহনীয় অগ্নি।