পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৫8 ) প্ৰকাৰে অশুদ্ধ হলে পানী সিচৰাই দিলে শুচি হয়; কিন্তু অলপ, হলে ধোৱ লাগিব। বেশমি কাপৰ ক্ষাৰ আৰু মাটিৰে, নেপাল দেশিয় কম্বল নিম ফলৰ গুড়াৰে শুচি হয়। ভাত ৰন্ধা খৰিত পানী সিচৰাৰ আৰু মাটিৰ সাজ, পুনঃ পুৰিব লাগে। কিন্তু মাটিৰ সাজ, মদ, গু, মূত, শ্লেম্মা (কফ), পূজ নাইবা তেজেৰে অপবিত্ৰ হলে পুনঃ শুদ্ধ ন হয়। যদি কোনো থোৱা বস্তু ভোক্ষ চৰাইয়ে চুৱা কৰে, গৰুৱে সুঙ্গে; উৰা পিন্ধা কাপোৰ কিম্বা ভৰি লাগে, ওপৰত হাঁচি পৰে নাইবা কেশ- পোক আদিয়ে দুষিত কৰে; তেণ্ডে অলপ্, মাটি পেলাই দিলে শুদ্ধ হয়। এটি গৰুৰে খালে পিয়াহ গুচে এনে পৰিমাণ পানী যদি ৰং, গন্ধ আৰু ৰস যুক্ত ন হয় সি শুদ্ধ। আৰু যি বস্তু বিকিবলৈ হাট্ বাজাৰে ওলায় তাক যদি অনেকে স্পৰ্শও কৰে, তথাপি শুব্ধ। কাউবী প্ৰভৃতি চৰাইবোৰে গছৰ পৰা ঠোঁটেৰে ঠুকি পেলোৱা গছৰ ফল শুচি, মৃগ মৰাৰ সময় কুকুৰৰ মুখ শুচি; আৰু পশু পক্ষী কুকুৰে মাৰিলে তাৰ মাংস শুচি; আকৌ চণ্ডাল আদি হীন জাতিৰ ব্যাধে মাৰি যি মাংস আনে সিও শুচি। নাইৰ ওপৰে যি বোৰ ইন্দ্ৰিয় আছে, সেই সমুদাই পবিত্ৰ; কিন্তু নাইৰ পৰা তলে থি বোৰ ইন্দ্ৰিয় আছে সিবোৰ এটাইয়ে অপবিত্ৰ, এতেকে সিবোৰ ইন্দ্ৰিয় স্পৰ্শ কৰিলে অশুচি হয় আৰু শৰীৰৰ পৰা ওলোৱা মল বিলাকো অপবিত্ৰ জানিবা। যি বোৰ দ্বাৰে মল-মূত্ৰ ওলায় তাক মাটি আৰু পাণীৰে শুদ্ধ কৰিব। আৰু চৰ্ব্বি (তেল), বীৰ্য, তেজ, মস্তিস্ক; বিষ্ঠা, মূত, নাকৰ মল, সেপ্, চকুৰ মল আৰু ঘাম্ (এই চাৰিটি শৰীৰৰ মল) এই এটাইকে পাণী আৰু মাটিৰে শুচি কৰিব। ইয়াৰ ভিতৰত প্ৰথম ছয় বিধ মাটি আৰু পাণী উভয়ৰে আৰু শেষৰ ছয়টি কেবল পাণীৰেই শুচি কৰিব।