কিন্নর; বানৰ, মৎস্য়, পশু; মৃগ, মনুষ্য আৰু দুই পাতি দাঁত থকা জন্তু,; সিংহাদি হিংস্ৰ জন্তু, কৃমি, কীট, পতঙ্গ, যুক; মাখী, ওকণী সকলো প্ৰকাৰ দংশক মহ প্ৰভৃতি আৰু বৃক্ষ-লতাদি আরু পৃথক পৃথক স্থাবৰ এই সমস্তকে এওঁ লোকে সৃজন কৰিলে।
উপরিউক্ত বিলাকৰ ভিতরত পশু, মৃগ, হিংস্ৰ জন্তু যেনে- বাঘ ইত্যাদি দুই পাতি দাঁত থকা জন্তু, রাক্ষস, পিশাচ আৰু মানুহ এই বোর জৰায়ুজ অৰ্থাৎ ইহঁতে গৰ্ভর পরা জন্ম ধরে। চরাঁই সাপ, কুম্ভীৰ মাছ, কাছ আৰু স্থলজ নেউল আরু জলজ বেং প্ৰভৃতি অন্দজ্ অৰ্থাৎ কনীৰ পৰা উৎপন্ন হয়। মহ, জোক, মাখী আরু ওকণী এই বোৰ স্বেদজ আৰু পরুৱা আদি উষ্ম অৰ্থাৎ মলীর পৰা জন্ম গ্ৰহণ কৰে। সকলো উদ্ভিদকেই স্থাবৰ বোলে। ইহঁতৰ মাজত কেতবোৰ বীজৰ পরা জন্মে আরু কোনো কোনোৱে ডালৰ পৰা উৎপন্ন হয়। যি বোৰৰ বেচি ফুল-ফল হয় আরু ফল পকিলে মৰে সেই বোৰক ওষধি কয়; যেনে ধান, মাহ, ইত্যাদি। যি বোৰ উদ্ভিদে নুফুলিয়েই ফল ধরে সেই বোৰক বনস্পতি বোলে, কিন্তু এটাইৰে সাধাৰণ নাম গচ। আকৌ কল, লতা, লাউ, কুমু র া আদি তৃণ জাতি উদ্ভিদ অনেক আছে; তাৰ কিছুমান বীজৰ পৰা আ র ু কিছুমানে মূলৰ পৰা গাজ মেলি (পোখা মেলি। জন্মে। সেই অচিন্ত্য পৰাক্ৰমী পৰমেশ্বৰে এই র ূপে স্থাবৰ জঙ্গম সমুদাই জগত আৰু মনুকে আদি সৃষ্টি কৰি; প্ৰলয় কাল পৰ্যন্ত সকলোকে প্ৰতিপাল কৰি ৰাখে। পিছে আকৌ প্ৰলয় কাল উপস্থিত কৰি, সকলো জীব জন্তু নিজৰ শৰীৰত ধৰে, শেষত নিজেও নিজতেই আন্তহিত হয়।
স্থিতি প্ৰলয় এই দুটি সেই পৰমেশ্বৰৰ নিজৰ জাগৰিত আ র ু টোপনি এই দুটি ক্ৰিয়া মাথোন। অৰ্থাৎ পৰমেশ্বৰ যেতিয়া আপোনাতে আপুনি অৱস্থিত্ থাকি বিশ্ৰাম উপভোগ কৰে, তেতিয়া কৰ্ম্ম লব্ধ স্নেহ