[২১ ]
ন হয়। সংসাৰত দেহধাৰী মাত্ৰেই সকলোৱে কাম ক্ৰোধৰ বশ. সেই কাৰণে বিদ্বান অবিদ্বান সকলোকে কামিনীয়ে অনায়াসে উন্মাদ কৰিবলৈ সমৰ্থ হয়। আন কি মাতৃ, ভনী, কন্যা প্ৰভৃতিৰ সহিতেও নিৰ্জ্জন ঘৰত বাশ কৰা অবিধি। ইন্দ্ৰিয় বোৰ ইমান বলৱান যে, সিহঁতে জ্ঞানৱান লোকৰও মন আকৰ্ষণ কৰে। সেই কাৰণে গুৰুপত্নী প্ৰভৃতি তিৰোতা বোৰে সহিতে উক্তৰূপ ব্যৱহাৰৰ বিধি আছে।
কোনোৱে কয় ধৰ্ম আৰু অৰ্থেই পৰম শ্ৰেষ্ঠ আৰু কোনোৱে অৰ্থ আৰু কামক, আকৌ কোনোৱেবা কেৱল ধৰ্ম্মকেই সমুদাই ত্ৰিবৰ্গ (ধৰ্ম্ম, অৰ্থ, কাম—উৎপত্তি, স্থিতি, ধ্বংস-সত্ব:, ৰজঃ, তমঃ) সাধনৰ মূল বুলি কয়; কোনোৱেবা অৰ্থকেই ইকালত শ্ৰেষ্ঠ বুলি প্ৰকাশ কৰে; কিন্তু আচলতে ধৰ্ম্ম, অৰ্থ আৰু কাম এই তিনিওটিৰ সংযোগেহে শ্ৰেষ্ঠতা লাভ কৰিব পাৰি। অকলে হলে কোনোৱেই শ্ৰেষ্ঠ হব নোৱাৰে।
⸻⸻
নৱম অধ্যায়।
পিতৃ-মাতৃ আৰু গুৰু ভক্তি হীনতা গ্ৰহণ।
আচাৰ্য্য পৰমেশ্বৰৰ মূৰ্ত্তি, জন্মদাতা পিতৃ প্ৰজাপতি ব্ৰহ্মাৰ মূৰ্ত্তি, গৰ্ভধাৰিণী মাতৃ সাক্ষাৎ পৃথিবীৰ মূৰ্ত্তি আৰু ভাই ককাই উভয়ে নিজৰ দ্বিতীয় মূৰ্তি। এই কাৰণে আচাৰ্য (গুৰু), পিতৃ মাতৃ আৰু সহোদৰৰ পৰা অত্যন্ত পীড়িত বা দুঃখিত হলেও, তেওলোেক অপমান দিয়া অনুচিত। সন্তানৰ নিমিত্তে মাক বাপেকে যি দুঃখ সহে, সন্তানৰ হেজাৰ বছৰেও তাৰ ধাৰ পৰিশোধ কৰিবৰ শক্তি নাই। সেই বাবে সন্তানে নিতৌ মা-বাপেকে আৰু গুৰুৱে ভাল পোৱা কাম কৰি সন্তোষ দিব। এওঁলোক তিনি জন তুষ্ট থাকিলে সকলো তপস্যাৰ ফল পায়। এওঁ