পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৪ )


 ব্ৰহ্মচারী যিমান দিন গুরুর ঘৰৰ পৰা পিত্ৰালয়লৈ নাহে, সেই কেই দিন হোম কাঠেৰে জুই ধরিব, ভিক্ষা করিব, খাট আদি উচ্চ ঠাইত নুশুব আরু সদায় গুরুর হিতকৰ কাম করিব।

 ব্ৰাহ্মণর গৰ্ভ ষোল বছরে, ক্ষত্ৰিয়ৰ গৰ্ভ দ্বাবিংশ বছরে আৰু বৈশ্যর চতুৰ্বিংশ বছরে কেশাস্ত নামে সংস্কার করিব লাগে।

 স্ত্ৰীলোকর শরীর শুদ্ধিৰ নিমিত্তে উপনয়নত বাহিরে অন্যান্য সমস্ত সংস্কার যথাকালে যথাক্ৰমে করা উচিত; কিন্তু মন্ত্ৰেরে করিব নে লাগে। বিবাহ সংস্কারেই তিরোতা বোরর বৈদিক উপনয়ন সংস্কার। ইয়াৰ স্বামী সেবায় ওৰু কুলত বাসা আৰু গৃহ কামেই পুয়া গধুলির হোম আরু অগ্নি পরিচৰ্যা বুলি জানিব লাগে।

 

সপ্তম অধ্যায়।

গুৰু শিষ্যৰ কৰ্ত্তব্য কৰ্ম্ম,জপ মাহাত্ম্য, ইন্দ্ৰিয় বোৰৰ নাম
আৰু দমনৰ উপায়।

 গুরুকে শিষ্যক উপনয়ন দি. প্ৰথমে আদ্যোপান্ত শৌচাচার শিক্ষা দিব। শিষ্য়ে শাস্ত্ৰানুসারে আচমন করি, উওর মুখে কৃতাঞ্জলিপুটে একান্ত মনে পবিত্ৰ বেশে বহিলে, গুরুরে উপদেশ দিব। শিষ্যে নিতৌ যোয়া অহার সময়ত গুরুর দুই ভরিত দুই হাত লগাই সেবা করিব আরু পঢ়া সময়ত কৃতাঞ্জলি হৈ গুরুর গুরিতে বহি থাকিব। গুরুরে