“আপোনিনো কেইটি প্ৰসঙ্গ কৰে ?" তেতিয়া তেওঁ কলে যে শুৰুৰ
কৃপাত তিনিও প্ৰসঙ্গতেই উপস্থিত থাকো ।" তাতে বুঢ়ীয়ে কলে
“আমি তিনি প্ৰসঙ্গীয়া ভকতক ভিক্ষা নিদিও”। এই কথা শুনি
তেওঁ উভতি আহি বহৰত বহি থাকিলে। পিছত ঈশ্বৰ মাধৱ দেৱ
পুৰুষে কিঙ্কৰৰ দ্বাৰাই মতাইনি শুধিলে যে "শ্ৰীৰাম তোমাৰ কি হৈছে?"
তাতে তেওঁ উল্লিখিত ঘটনাৰ আদ্যোপান্ত কলে। তেতিয়া গুৰুজনে
কলে যে “তুমি আকৌ কাইলৈ বুঢ়ীৰ ঠাইক ভিক্ষা কৰিবলৈ গৈ
চৌদ্ধটি প্ৰসঙ্গ কৰোঁ বুলি কবা”। সেই কথা মতে পাচ দিন। আকৌ
ভিক্ষাক গৈ, পূৰ্ব্ব দিনৰ নিচিনাকৈ বুঢ়ীয়ে শোধাত, গুৰু জনৰ কথা
মতে চৌদ্ধটি প্ৰসঙ্গৰ কথা কলে। তাতও বুঢ়ীয়ে কলে যে “চৌদ্ধ
প্ৰসঙ্গীয়া ভকতকো আমি ভিক্ষা নিদিম”। তেতিয়া সেই দিনাও
আগৰ দিনৰ নিচিনাকৈ ফিৰি আহি উল্লিখিত কথোপকথন গুৰু
জনৰ আগত কোৱাত গুৰু জনে পুনঃ কলে যে “বাৰু কালি আকৌ
গৈ পোন্ধৰটি প্ৰসঙ্গৰ কথা বুলিবা”। গুৰু জনৰ কথা মতে আকৌ
তেওঁ পাচ দিনা খলো বুঢ়ীৰ তলৈ গৈ পোন্ধৰ প্ৰসঙ্গৰ কথা কোৱাতহে
বুঢ়ীয়ে আদৰেৰে ভিক্ষা দিলে।
এই ঘটনাৰ পিছত তেওঁ ভিক্ষা কৰিব এৰিলে। এদিনাখন
উপবাসে থকাৰ কথা গুৰুজনে শুনিবলৈ পাই, নিজৰ পৰা কিঙ্কৰৰ
হতুৱাই একঠি চাউল দিয়ালে। পিছে অন্যান্য ভকত সকলেও এই
কথা জানিব পাৰি, এটাইয়ে এই ৰূপে চাউল দিয়াত, তেওঁৰ এটি সৰু
ডুলি আছিল সেইটি ভৰিলে। এই ৰূপে কেই দিন মান থকাত,বেচি
চাউল জমাত; আৰু সেই চাউলৰ নিমিত্তে নিগনি বোৰৰ উপদ্ৰৱ
হোৱাত, তেওঁৰ অসুখ অশান্তি হ'ল। এদিনাখন ঈশ্বৰ পুৰুষৰ
গুৰিলৈ গৈ সেৱা কৰি উল্লিখিত অসুখৰ কথা আৰু এইৰূপ অৱস্থাত
পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
