পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৫)

শিষ্যক প্ৰথমে “ভো” বুলি সম্বোধন করি পাঠ আরাম্ভ করাব; আরু এই ঠাইত পাঠ রল বুলি অধ্যয়ন শেষ করাব। বেদাধ্যয়নর আরম্ভতে আরু সমাপনতে ব্ৰাহ্মণে দুই হাতে কুশ ধরি, পবিত্ৰ হৈ সদাই প্ৰণৰ (তিনিটি শব্দ *) উচ্চাৰণ করিব। ইয়াক নকৰিলে শিক্ষার বহুত ব্যাঘাত জন্মে আরু নিস্ফল হয়।

 বেদ বিহিত যজ্ঞাদিতকৈ জপ্ জজ্ঞ দহ গুণে বেচি, জপ্ জজ্ঞর মাজত উপাংশু অৰ্থাৎ আনে নুশুনাকৈ করা জপ শগুণে বেচি; উপাংশুতকৈ আকৌ মানস মনেবে করা) জপ হেজার গুণে বেচি; ব্ৰাহ্মণে বৈদিক অন্যান্য কাৰ্য্য়বোৰ নকৰিলেও কেবল জপ বলেই সিদ্ধি লাভ করিব তাৰ কোনো সংশয় নাই যেনে--

জপ্যে নৈবতু সংসিধ্য়োদ্বাহ্মণো নাত্ৰ সংশয়ঃ।
কুৰ্য্য়োদন্যোন্য বা কুৰ্য্য়ান্মৈত্ৰো ব্ৰাহ্মণ উচ্যতে॥৮৭॥

(ইতি মনু দ্বি : অ :)

 * শুদ্ৰাদিয়ে সেই তিনিটি শব্দ উচ্চাৰণ কর ভাল নহয়। সেই দেখি লেখা নহল। ব্ৰহ্মা সেই তিনিটী শব্দ তিনি বেদর পবা উদ্ধার কৰিছে। সেই শব্দ তিনটি ব্যাহ্মণে উভয় সন্ধ্যাকালে একান্ত মনে উচ্চারণ কৰা উচিত। সি ব্ৰহ্ম প্ৰাপ্তির একমাত্ৰ উপায়। তার বহুত গুণ আছে। বৈদিক ক্ৰিয়াদি সমস্ত কালে নাশ হব , কিন্তু সেই প্ৰণবাক্ষর অক্ষয় থাকেই। প্ৰজাপতি ব্ৰহ্মা স্বৰূপ। যেনেং-

ক্ষয়ন্তি সব্বা বৈদিক্য়োজুহেতি যজতি ক্ৰিয়া।
অক্ষরন্তক্ষৎ জ্ঞেয়ব্ৰহ্মচৈব, প্ৰজাপতি :॥ ৮৪॥

( ইতি মনু দ্বিঃ অঃ॥)