নীতি-শিক্ষা
A MORAL CLASS BOOK, PART I.
আদিছোৱা।
শ্ৰীপদ্মনাথ গোহাঁই বৰুৱা।
Approved Text-Book for the Lower Primary,
Middle & High Schools of Assam.
NITISIKSHA.
(A MORAL CLASS BOOK.)
PART I.
BY
Rai Sahib Padmanath Gohain Borooah.
Special Literary Pensioner, Editor of the "Bijuli", "Usha", and
"Banti", Paper-setter of the Culcutta University, Examiner
of the Patna University. Ex. President of the Assamese
Language Improvement Society, Assam Literary Con-
ference, Assam Students' Conference, Assam Teachers
Conference, Ahom Association Conference, General
Secretary to the Ahom Associations, Member of
the Assam Legislative Council, Chairman
of the Tezpur Municipality, Honorary
Magistrate &c, &c.
SEVENTH EDITION -1924.
নীতি-শিক্ষা
আদিছোৱা।
⸻✴⸻
“বন্তি”, “বিজুলী”, আৰু “উষাৰ” সম্পাদক, কলিকতা আৰু পাট্না
বিশ্ববিদ্যালয়ৰ পৰীক্ষক, আহোম এচোচিয়েচনবিলাকৰ জেনেৰেল
চেক্ৰেটৰী, আসাম লেজিচ্লেটীভ্ কাউন্সিলৰ মেম্বৰ, আসাম
সাহিত্য-সম্মিলনী, ছাত্ৰ-সম্মিলনী, শিক্ষক-সম্মিলনী
আৰু আসাম কন্ফাৰেঞ্চ আদিৰ সভাপতি,
সাহিত্যিক পেঞ্চনভোগী
ৰায়চাহাব শ্ৰীযুত পদ্মনাথ গোহাঁই বৰুৱা প্ৰণীত।
৭ম, তাঙ্গৰণ।
তেজপুর, লীলা-এজেঞ্চিৰপৰা গ্ৰন্থকৰ্ত্তা কৰ্ত্তৃক প্ৰকাশিত।
১৮৪৫ শক।
⸺:⸺
বেচ্ ॥৽ আঠ-অনা মাথোন।
উছৰ্গা
—:∗:—
কেঁচুৱা-কালৰ
অজ্ঞান-আন্ধাৰত লাহে লাহে
জ্ঞানৰ পোহৰ পাৰোঁতেই কথাৰ ছলেৰে
যি আদিগুৰুৱে মোৰ কোমল হিয়াত জয়ে জয়ে
নীতিশিক্ষাৰ গুটী পচাইছিল,
সেই
পৰম পূজনীয়া
শ্ৰীল শ্ৰীশ্ৰীযুক্তা লম্ভী দেবী আইতাৰ
শ্ৰীশ্ৰীচৰণ-পদ্মত
কোমল নীতিফুলৰ
এই
আদি-নীতি-শিক্ষা-ফুল
একাঁজলি
হৃদয়ৰ অপাৰ ভক্তিৰ চিন্ স্বৰূপ
উছৰ্গা কৰা হল।
⸺
গ্ৰন্থকাৰ।
১। পাতনি।
আসামৰ দেশী ভাষাৰ নিচেই তলৰ খাপৰ পঢ়াশালিত চলাবৰ উপযোগী নীতি-বিষয়ক সাহিত্য-পুথিৰ অভাৱ দেখি, “চেম্বাৰ্চ মৰাল ক্লাচ বুক”ৰ (Chamber's Moral Class Book) আৰ্হিৰে “নীতিশিক্ষা” তিনি ছোৱা উলিয়াবলৈ কেতিয়াবাৰেপৰা আমাৰ সঙ্কল আছিল;—এয়ে তাৰ আদিছোৱা। পঢ়াশলীয়া পুথিৰ লিখাৰ ফালেও এয়ে আমাৰ প্ৰথম উদ্যম। এতেকে, ইয়াত যে অলেখ আসোঁৱাহ ওলাব তাক আগধৰি কৈ থোৱাই ভাল। গুণগ্ৰাহী ৰাইজে দোষ এৰি গুণ গ্ৰহণ কৰিলেই আমি আমাৰ শ্ৰম সাৰ্থক মানিম, আৰু বাকী দোছোৱা উলিয়াবলৈ উৎসাহিত হম। ইতি
বহাগ, ১৮১৯ শক। |
শ্ৰীপদ্মনাথ গোহাঁই বৰুৱা। |
⸻
২। পাতনি।
এই তাঙ্গৰণত ভালেমান লাগতিয়াল সালসলনি ঘটিছে। প্ৰথম তাঙ্গৰণৰ দোষাদোষ পাৰ্য্যমানে পৰিশোধন কৰি এইবাৰ ইয়াক তলৰ খাপৰ পঢ়াশালিৰ নিমিত্তে বেচি উপযোগী কৰা গৈছে। কিতাপখন এইবাৰ সচিত্ৰ কৰা গল; গতিকে ইয়াৰ বেচো চৰতীয়া এটি বাঢ়িল। ইতি
বহাগ, ১৮ ৪ শক। |
৩। পাতনি।
তৃতীয় তাঙ্গৰণত কিতাপৰ মূল বিষয়ৰ একো লৰচৰ ঘটোৱা নাই; মাথোন বৰ্ণাশুদ্ধি, আখৰজোঁটনি, ভাষাৰ প্ৰাঞ্জলতা ইত্যাদি বিষয়ত হাত ফুৰোৱা গৈছে। লৰা-ছোৱালীৰ মনৰোৱা কৰিবলৈ এই তাঙ্গৰণত গোটাদিয়েক ধুনীয়া ছবি বঢ়াই দি, কিতাপৰ ছপা আগতকৈ ধুনীয়া কৰা হৈছে। ইতি
বহাগ, ১৮৩৬ শক। |
⸻
৪। পাতনি।
এই তাঙ্গৰণত আগৰবাৰৰ ছপাৰ ভুল-ভ্ৰান্তি গুচাই দুই-চাইটা বাক্য পোনাই দিয়াত বাজে কিতাপৰ ভিতৰভাগত আন একো লৰচৰ ঘটোৱা নাই। ইতি।
মাঘ, ১৮৩৭ শক। |
⸻
৫। পাতনি।
যোৱা তাঙ্গৰণৰ ছপা ভুল যি অলপ আছিল, তাক শুধৰোৱাত বাজে এই তাঙ্গৰণত আন বিষয়ক লৰচৰ ঘটোৱা নাই; মাথোন কিতাপখন আগতকৈ ধুনীয়া কৰা গৈছে, আৰু বৰ্ত্তমান কাগজৰ বেচ অতিপাতকৈ চৰি উঠাত কিতাপৰ বেচ চৰতীৰা এটি বঢ়াব লগা হৈছে। ইতি
ভাদ, ১৮৪০ শক। |
⸻
৬। পাতনি।
যোৱাবাৰত বৈ যোৱা যৎসামান্য হীন ডেঢ়ি গুচাই কিতাপৰ ভিতৰ ভাগ এইবাৰ আগতকৈও নিমজ কৰি দিয়া গৈছে। ইতি
আঘোণ, ১৮৪৩ শক। |
⸻
৭। পাতনি।
এই তাঙ্গৰণত কিতাপৰ কিছুমান পঠিত ভাব আৰু ভাষা আগত্কৈও পোন আৰু প্ৰাঞ্জল কৰা গৈছে; আৰু শেহত যোজোনাৰ আধ্যা এটা লগাই দিয়া হৈছে। তাৰ উপৰি, এইবাৰ ভাল ছপা, চিয়াঁহি আৰু কাগজেৰে কিতাপখন আগত্কৈও ধুনীয়া আৰু লৰাৰ মন-ৰোৱা কৰিবলৈ যত্ন কৰা হৈছে। ইত্যাদি উন্নতিয়ে ছপা খৰচ ভালেমান বঢ়োৱাত কিতাপৰ বেচো॥৽ আধলি এটালৈ বঢ়াব লগা হৈছে। ইতি
মাঘ, ১৮৪৫ শক। |
⸻
সূচী।
১। আধ্যা।
বিষয়। | পিঠি। | |||
পৰিয়াল আৰু মিতিৰ-কুটুম | ... | ... | ... | ১ |
পিতৃ-স্নেহ | ... | ... | ... | ৩ |
মাতৃ-স্নেহ | ... | ... | ... | ৫ |
ভ্ৰাতৃ-স্নেহ | ... | ... | ... | ৬ |
বাই-ভনীৰ মৰম-চেনেহ | ... | ... | ... | ৯ |
মিলা-প্ৰীতি (পদ্য) | ... | ... | ... | ১০ |
২। আধ্যা। | ||||
ইতৰ জীৱ-জন্তু | ... | ... | ... | ১১ |
সজ লৰা | ... | ... | ... | ১৫ |
অসৎ লৰা | ... | ... | ... | ১৮ |
পৰুৱা (পদ্য) | ... | ... | ... | ২২ |
৩। আধ্যা। | ||||
গুৰুজন, মান্যৱন্ত লোক, সমনীয়া, তলতীয়া | ... | ... | ... | ২৩ |
ভাই-ককাইৰ ভক্তি-স্নেহ | ... | ... | ... | ২৬ |
সখি | ... | ... | ... | ৩১ |
লগুৱাৰ ধৰম | ... | ... | ... | ৩৩ |
প্ৰভুভক্ত ঢেকুৰা (পদ্য) | ... | ... | ... | ৩৬ |
৪। আধ্যা।
বিষয়। | পিঠি। | |||
শ্ৰম | ... | ... | ... | ৩৭ |
খেতিয়কৰ উপদেশ | ... | ... | ... | ৪০ |
বেঞ্জামিন্ ফ্ৰেঙ্কলিন্ | ... | ... | ... | ৪২ |
জ্ঞানী ৰিচাৰ্ডৰ উপদেশ | ... | ... | ... | ৪৫ |
ঘড়ী (পদ্য) | ... | ... | ... | ৪৭ |
৫। আধ্যা। | ||||
পুনঃ পুনঃ শ্ৰম আৰু নিজ শক্তিত নিৰ্ভৰ | ... | ... | ... | ৪৯ |
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ | ... | ... | ... | ৫১ |
আহাঁ আৰু যোৱাঁ | ... | ... | ... | ৫৫ |
ৰজা আৰু মকৰা (পদ্য) | ... | ... | ... | ৫৭ |
৬। আধ্যা। | ||||
স্বাস্থ্য | ... | ... | ... | ৬০ |
জেকা ঘৰ | ... | ... | ... | ৬১ |
পানী-লগা | ... | ... | ... | ৬৩ |
আৰ্জ্জিলে ভূঞ্জিব লাগে (পদ্য) | ... | ... | ... | ৬৫ |
৭। আধ্যা। | ||||
নীতিসাৰ | ... | ... | ... | ৬৬ |
আপোনপেটীয়া স্বভাৱ | ... | ... | ... | ৬৮ |
ৰাজভক্তি (পদ্য) | ... | ... | ... | ৭০ |
সোণালি নিয়ম (পদ্য) | ... | ... | ... | ৭৪ |
নীতি-বচন (পদ্য) | ... | ... | ... | ৭৫ |
যোজোনা (পদ্য) | ... | ... | ... | ৭৬ |
⸻
[ ১ ]
নীতিশিক্ষা।
⸻:✷:⸻
আদিছোৱা।
⸻:✷:⸻
১। আধ্যা।
⸻:✷:⸻
পৰিয়াল আৰু মিতিৰ-কুটুম্।
পিতৃ-মাতৃ, ভাই-ককাই, বাই-ভনী এওঁবিলাকক একেলগকৈ পৰিয়াল বোলা যায়। এওঁবিলাকৰ প্ৰতি তুমি সদায় মৰমিয়াল হবাঁ। কিয়নো, মৰম নাপালে পৰিয়াল বাঢ়িব নোৱাৰে। আৰু, মৰমৰ বান্ধ নথকা পৰিয়াল অলপ কথাতে ঠান্-ঠান্ হয়।
তুমি যেতিয়া নিচেই সৰু আছিলাঁ, তেতিয়া তুমি পিতৃ-মাতৃৰ মৰম পাইছিলাঁ। যেতিয়া তুমি খাব-পিন্ধিব নজনা আছিলাঁ, তেতিয়া সিবিলাকে তোমাক খুৱাই-পিন্ধাই ডাঙ্গৰ-দীঘল কৰিছিল। সৰুতে যেতিয়া তুমি গা চাই ফুৰিব নাজানিছিলাঁ, তেতিয়া সিবিলাকে তোমাৰ সাৱধান লৈছিল। নৰিয়া পৰি যেতিয়া তুমি দুখ পাইছিলাঁ, তেতিয়া সিবিলাকেও তোমাৰ দুখত [ ২ ] দুখ পাইছিল; আৰু পাৰেমানে যত্ন কৰি তোমাৰ ৰোগ গুচাইছিল। এতেকে, তুমিও সিবিলাকৰ প্ৰতি সেই দৰেই মৰমিয়াল হোৱা উচিত। যি কাম কৰিলে পিতৃ-মাতৃয়ে সন্তোষ পায়, তুমি সেই কাম কৰা হে যুগুত। আৰু, সততে তুমি সিবিলাকৰ হাক-বচন মানি চলা উচিত।
ভাই-ককাই, বাই-ভনী ইবিলাক সৰুৰেপৰা তোমাৰে সৈতে একেলগে ডাঙ্গৰ-দীঘল হৈছে; আৰু ইবিলাকে তোমাৰে সৈতে একেলগে খোৱা-মেলা কৰে, ফুৰা-চকা কৰে, ৰং-ধেমালি কৰে। এতেকে, সিবিলাকৰ লগত তোমাৰ সদায় মিলা-প্ৰীতি থাকিব লাগে; আৰু সিবিলাকক তুমি সদায় চেনেহৰ মাতেৰে মাতিব লাগে। তেহে সিবিলাকেও তোমাক ভাল পাব আৰু তোমাক আদৰ কৰিব। কিন্তু, তুমি যদি নিজৰ ভাই-ককাই, বাই-ভনীৰে সৈতে সদায় কন্দল পাতি থাকাঁ আৰু সিবিলাকক কঠুৱা মাত দিয়াঁ, তেন্তে সিবিলাকে তোমাক পৰ যেন ভাবিব আৰু ভাল মুখেৰে নামাতিব। তেতিয়া তুমি মনে মনে বেজাৰ পাবাঁ, আৰু আনেও তোমাক বেয়া বুলিব। সৰুতে ভাই-ককাইৰ ভিতৰত মিল নাথাকিলে, ডাঙ্গৰ হলেও সিবিলাকৰ ভিতৰত মিল ভাব নাথাকেগৈ। তেনেকুৱা ভাই-ককাইৰ ভিতৰত সদায় কন্দল নুগুচে, আৰু অলপ কথাতে সিবিলাক ঠান্-ঠান্ হয়। এনেকুৱা হলে মানুহ উধাব নোৱাৰে; কিয়নো মিল নথকা ভাই-ককাইক শত্ৰুৱে সহজে তল পেলাব পাৰে।
সমন্ধীয়া আৰু বংশৰ মানুহক মিতিৰ-কুটুম্ বোলা যায়। [ ৩ ] দদাই, ভতিজা, মোমাই, ভাগিন, পেহা, মহা, খুৰী, পেহী, মাহী, মাই, ভিনিহি, খুলশালী এনেকুৱা ভালেমান মিতিৰ-কুটুম্ আছে। সিবিলাকৰ প্ৰতিও তুমি মৰমিয়াল হবাঁ। তেহে তোমাৰ বল বাঢ়িব। তেহে তুমি শত্ৰুক দমিব পাৰিবাঁ। আৰু, তেহে তুমি সংসাৰত উধাব পাৰিবাঁ।
⸻
পিতৃ-স্নেহ।
মানৰ দিনৰ কথা তুমি শুনিছাঁ নে? বুঢ়ালোকৰ মুখে সেই দিনৰ কথা শুনিলে ভয়ত পেটতে হাত-ভৰি লুকায়! মানহঁত ব্ৰহ্মাদেশৰ মানুহ। সিহঁতে অসম দেশ দখল কৰি, ১৮২৪ খ্ৰীষ্টাব্দৰপৰা ১৮২৮ খ্ৰীষ্টাব্দলৈকে অসমীয়া প্ৰজাক মাৰি-কাটি নানা তৰহৰ শাস্তি দিছিল। অসমীয়া মানুহে সিহঁতৰ উৎপাত্ সহিব নোৱাৰি ঘৰ-দুৱাৰ এৰি হাবিয়ে-বননিয়ে ঠাই লৈছিল। আৰু, মানহঁতে কোনো হকা-বধা নোপোৱাকৈ আমাৰ মানুহৰ বয়-বস্তু লুটি দেশ উচন্ নিয়াইছিল।
সেই উৎপাতৰ সময়ত লক্ষীমপুৰ চহৰৰ নকাৰী গাৱঁত ৰঙা কোৱঁৰ নামে এজন আলৰ বুঢ়া আছিল। কোৱঁৰৰ কেওঁ নাছিল, আটাইবিলাক মাউৰত পৰি ঢুকাল, মাথোন আপুটি নামেৰে পুতেক এটি আছিল। আপুটি ১৬ বছৰীয়া চেঙ্গেৰা ডেকা।সিয়েই ৰঙা কোৱঁৰৰ সকলো। সিয়ে নহলে কোৱঁৰ জীয়াতে [ ৪ ] মৰা। পিচে, যেতিয়া মান গাওঁ সোমালহি, তেতিয়া গাৱঁৰ মানুহ দিহাদিহি ভাগিবলৈ ধৰিলে। আটাইবিলাক পৰিয়াল হাবিত সোমালগৈ। আটাইৰে ঘৰ-বাৰী উদং হল। গাওঁখন এখন বৰ ডাঙ্গৰ এৰাবাৰীৰ দৰে হল। এই নিচিনা জয়াৰ ঠাইত বয়সীয়া মানুহেও থাকিবলৈ ভয় কৰে; বুকুডাঠ্ মানুহৰো গা জিকাৰি উঠে! তাতে আকৌ মানহঁতে পিশাচৰ দৰে খাওঁ-খাওঁ হৈ গা পাইছেহি! এনে আপদৰ সময়ত আপুটি অকলশৰীয়া। সি কেনি যাওঁ, কি কৰোঁ, এনেকৈ ঘৰৰ ভিতৰতে চাটিফুটিকৈ ফুৰিছে; কাৰণ আলৰ পিতাকক অকলে এৰি পলাবলৈ তাৰ সত যোৱা নাই। পিচে, এইদৰে ধৰফৰাই থাকোঁতে মান এজাক পালেহিয়েই। আপুটিয়ে উপায় নাপাই বুঢ়া বাপেকক বোকোচাত তুলি লৈ হেপোৰ্-তেপোৰ্ কৈ লৰি পলাবলৈ ধৰিলে। কিন্তু, সেই দৰে কেইনলমান বাট যাওঁতেই ভৰিত জুটি লাগি সি বুঢ়াক পিঠিত লৈ হাম্খুৰি খাই পৰিল, আৰু মানহঁতে তাক আগচি ধৰিলেগৈ। ইমানতে৷ আপুটিয়ে বাপেকক শত্ৰুৰ হাতৰপৰা ৰক্ষা কৰিবৰ মনেৰে গবামাৰি ধৰি বহিল। আপুটিৰ পিতৃ-স্নেহ দেখি মৰম-ধৰম নোহোৱা নিঠুৰ মানহঁতৰো মৰম লাগিল। সিহঁতে আপুটি আৰু ৰঙা কোৱঁৰক একো নকৰাকৈ তাতে এৰি আন পলৰীয়া মানুহ বিচাৰি গুচি গল।
⸻
মাতৃ-স্নেহ।
মহাবীৰ আলেকজেণ্ডাৰৰ নাম তুমি শুনিছাঁ নে? তেওঁ ইউৰোপ মহাদেশৰ এজন বৰ ডাঙ্গৰ বীৰ আছিল। এচিয়া মহাদেশৰ নানা দেশ তেওঁ জয় কৰিছিল। আৰু, গোটেই পৃথিবী জয় কৰিবলৈ তেওঁৰ আকাঙ্ক্ষা আছিল। সেই কালত তেওঁৰ সমনীয়া বীৰ পৃথিবীত আৰু নাছিল। কিন্তু, এনেজন বীৰ মাকৰ ভয়ত কঁপি আছিল। মাকৰ একেষাৰ কথাই তেওঁক বশ কৰিছিল। ইয়াৰ কাৰণ কি জানানে?—ইয়াৰ কাৰণ মাতৃ-স্নেহ।
আলেকজেণ্ডাৰৰ মাকৰ নাম অলিম্পিয়চ্। তেওঁৰ বৰ খং। অলপ কথাতে তেওঁ গালি-শপনি পাৰি বীৰ পুতেক আলেক্জেণ্ডাৰৰ তত্ হেৰুৱায়। আলেকজেণ্ডাৰে সকলো সহি থাকে। এসময়ত এচিয়া মহাদেশৰপৰা লুটি নিয়া ভালেমান বহুমূলীয়াধন-বস্তু মাতৃ-চৰণত সঁপি দি, আলেকজেণ্ডাৰে মাকৰ ওচৰত এই বুলি গোহাৰি কৰিছিল, “মাতৃ! মই আকৌ দেশ জয় কৰিবলৈ যাওঁ। ৰাজকাৰ্য্যৰ ভাৰ মন্ত্ৰী এন্টিপেটেৰৰ হাতত থাকিল। আপুনি ৰাজকাৰ্য্যত যেন তেওঁক হুকা-বধা নকৰে, মোৰ এই মিনতি।” এই কথাত অলিম্পিয়চৰ খং জুইৰ নিচিনাকৈ জ্বলি উঠিল; আলেকজেণ্ডাৰ ভয়ত জঁয় পৰিল।
নিলগত থাকিলে আলেকজেণ্ডাৰৰ মাকলৈ স্নেহ বেচি হে হয়। এদিন অলিম্পিয়চৰ কঠুৱা আচৰণ সহিব নোৱাৰি এন্টিপেটাৰে সেই কথা আলেক্জেণ্ডাৰক চিঠিৰে সৈতে জনাই- [ ৬ ] ছিল। পিচে, সেই চিঠিৰ উত্তৰত আলেকজেণ্ডাৰে এই দৰে হে লিখিলে, “এন্টিপেটাৰে নাজানে যে, মোৰ আইৰ এটোপা চকুৰ পানীয়ে তেওঁৰ নিচিনা বিষয়াৰ শতখন চিঠি উটাই নিব পাৰে!”
⸻
ভাতৃ-স্নেহ।
বৰনৈত চলা জাহাজ তোমালোকৰ বহুতে দেখিছাহঁক। এখন জাহাজত একোখন গাৱঁৰ মানুহ যাব পাৰে। সাগৰত চলা জাহাজ তাত্কৈও ডাঙ্গৰ; তাত দুই-তিনিখন গাৱঁৰ মানুহ ধৰে।
১৬০০ খ্ৰীঃ চনত পটুৰ্গাতল দেশৰ লিচ্বন নগৰৰপৰা ভাৰতবৰ্ষৰ গোৱা নগৰলৈ এখন জাহাজত ১২০০ জন মানুহ আহিছিল। সেই জাহাজ আগডোখৰত নিৰাপদেই আহিছিল; পিচে, আফ্ৰিকা মহাদেশৰ দক্ষিণে উত্তমাশা অন্তৰীপ ঘূৰি আহি ভাৰত মহাসাগৰত সোমাওঁতেই পানীৰ তলৰ শিলত খুন্দা খাই জাহাজখন দোডোখৰ হৈ ভাগিল। আৰু, চাওঁতে চাওঁতেই ১২০০ মানুহৰে সৈতে জাহাজখন সাগৰত বুৰিবলৈ ধৰিলে। এনে অৱস্থাত নিৰুপায় হৈ জাহাজৰ কাপ্তান বা অধ্যক্ষজনে এখন সৰু নাৱত ১৯ জন মাথোন মানুহ তুলি লৈ আঁতৰ হল। বাকীবিলাক জাহাজৰ লগতে বুৰি নেদেখা হল।[ ৭ ] নাৱত আহাৰ-পাতি নিচেই অলপ মাথোন লোৱা হৈছিল। সেই আহাৰ ২০ জন মানুহে এসাঁজকৈ খালেও দুদিনেই নিটিকে; ইফালে গোৱা নগৰ পাবলৈ আৰু পাঁচ দিনমান আছে। গতিকে, নাৱৰপৰা জনচেৰেক মানুহ আকৌ পানীত পেলাই দিব লগা হল। সেই অৰ্থে, সিবিলাকৰ ভিতৰত চিঠিখেলৰে সৈতে ভাগ্য পৰীক্ষা কৰাত, দহজন মানুহক আকৌ পানীত পেলাই দিয়াটো স্থিৰ হল; আৰু ৯ জনক সেই মতে পানীত পেলাই দিয়া গল।
সবশেষত পেলাব লগীয়া শেহৰ জন মানুহৰ ভায়েক এটিও সেই নাৱতে আছিল। পিচে, ককায়েকে প্ৰাণ দিয়াটো নিজৰ প্ৰাণ দিয়াত্কৈও ভায়েকে টান পালে। গতিকে, ককায়েকক পানীত পেলাবলৈ ধৰোঁতেই ভায়েকে ততালিকে তেওঁক সাবটি ধৰি ৰাখিলে। তাৰ পাচত, ককায়েকৰ সলনি তেওঁ প্ৰাণ দিবলৈ আগ বাঢ়িল। কিন্তু, সেই কথাত আকৌ ককায়েক মান্তি নহয়। নিজৰ হৈ চেনেহৰ ভায়েকক তেওঁ প্ৰাণ দিবলৈ নিদিয়ে। এইদৰে অনিয়া-অনি নিছিগা হল। শেহত, আনবিলাকে বিচাৰ কৰি এই স্থিৰ কৰিলে যে, ভায়েকে প্ৰাণ দিয়াই উচিত; কিয়নো ককায়েকৰ অবিহনে তেওঁৰ লৰা-তিৰোতা আথানি হব।
সেইমতে ভায়েকেই পানীত জাঁপ দিলে! কিন্তু, তেওঁ পানীত পৰিও আতুৰ ভাৱে সাঁতৰি আকৌ নাৱত ধৰিলেহি। পিচে, নাও বুৰাৰ ভয়ত ততালিকে তেওঁৰ সেই হাতখন কাটি পেলোৱা হল। বপুৰিয়ে আকৌ ইখন হাতেৰে নাৱত ধৰিলেহি; সেইখনো সেইদৰেই কাটি পেলোৱা গল। অৱশেষত তেওঁ [ ৮ ] থিয়-সাঁতৰ দি তেজেৰে ৰাঙলী হোৱা হাতৰ ঠাৰি দুটা ওপৰলৈ তুলি কক্বকাবলৈ ধৰিলে! ভায়েকৰ এনে দুৰ্গতি দেখিব নোৱাৰি শেহত ককায়েকো তেওঁৰ লগতে প্ৰাণ দিওঁ বুলি পানীত পৰিবলৈ ওলাল। পিচে, এনে নিৰ্ম্মল ভাতৃ-স্নেহৰ পটন্তৰে নাৱৰ বাকী মানুহবিলাকক বৰকৈ মোহ লগালে। আৰু, সিবিলাকে ককায়েকৰ হৈ প্ৰাণ দিয়া সেই ভায়েকটিক আকৌ নাৱলৈ তুলি ললে।
সেই বিপদীয়া মানুহবিলাক যেতিয়া গোৱা নগৰত উঠিলগৈ, তেতিয়া নগৰবাসীসকলে সিবিলাকক বেৰি বেৰি চাবলৈ ধৰিলে। আৰু, সেই ভায়েক-ককায়েক দুটিৰ মৰম-চেনেহৰ কথা শুনি সকলো মোহ গল। তাৰ পাচত, সকলোৱে পঁচা তুলি বহুত ধন গোটাই দি সেই মৰমিয়াল ভাই-ককাই দুটিক স্বদেশলৈ পঠিয়াই দিলে।
⸻
বাই-ভনীৰ মৰম-চেনেহ।
মালতী, মোহন আৰু মধুৰী তিনটি বায়েক, ভায়েক আৰু ভনীয়েক। তিনিওকো ভিনিয়ে নিজৰ প্ৰাণ যেন দেখে। আৰু, কোনেও কাকো এৰি নাখায়। এটিৰ জ্বৰ-নৰিয়া হলে, আন দুটিয়ে আমন্জিমন্কৈ ফুৰে।
এদিন এজনী চিনাকী পোহাৰীয়ে হাটৰপৰা উলটি আহোঁতে মোহনক পদূলিমূৰতে লগ পাই এটি সুমথিৰা টেঙ্গ৷ দিলে। তাকে দেখি মালতী আৰু মধুৰীও লৰি গৈ পোহাৰীৰ ওচৰ চাপিল। পোহাৰীৰ পাচীত আৰু টেঙ্গা নাছিল। তাই মূৰৰপৰা পাচীটো নমাই দেখুৱাই কলে, “আইটীহঁত, আৰু নাই; থকা হলে দিলোঁহেঁতেন”। পোহাৰীৰ কথা শুনি মালতীয়ে মাত লগালে, “নালাগে বাই, এটিয়েই আমাৰ তিনিওৰো হব।” মালতীয়ে পোহাৰীৰে সৈতে কথা পাতোঁতেই মোহনে টেঙ্গাটো নি মধুৰীৰ হাতত দিলেগৈ। মধুৰীয়ে টেঙ্গা আনি মালতীক দিলেহি। মালতীয়ে টেঙ্গাটো বখলিয়াই লৈ এফুটা ভনীয়েকৰ মুখত, এফুটা ভায়েকৰ মুখত আৰু এফুটা নিজৰ মুখত দি ৰং-মনেৰে খাবলৈ ধৰিলে। এই দৰে টেঙ্গা খোৱা অন্ত নোহোৱালৈকে পোহাৰীজনীয়ে লৰা-ছোৱালীকিটিলৈ মোহ লাগি চাই আছিল। পিচে, যাবৰ সময়ত পোহাৰীয়ে এই বুলি কৈ গল, “মই আজিৰপৰা কিবা আনিলে সদায় তোমালোক তিনিওলৈ তিনটিকৈ লৈ আহিম দেই।”
⸻
[ ১০ ]
মিলা-প্ৰীতি।
বাহিৰত বিবাদৰ বাঢ়োক কোঢ়াল,
ভিতৰত তাৰ যেন নাথাকে জঞ্জাল;
বাই-ভনী ভাই-বন্ধু কৰে যত থিতি,
থাকে যেন সদা তাত থাকে মিলা-প্ৰীতি।
সৰু সৰু পখীবোৰে নিজৰ বাহত,
শান্তিৰে জিৰণি লয় প্ৰীতিৰ ভাবত;
ইটো বৰ নীচ্ কাম,—এৰাঁ পাৰাঁমানে —
ঘৰত কন্দল কৰা মানুহ সন্তানে।
যুঁজৰ কুকুৰা সৌ ৰণুৱা পখীটি,
বাহিৰত খৰিয়াল পাতিছিল অতি;
ভিতৰত চোৱাঁ কেনে নীৰৱ সুধীৰ,
প্ৰীতিৰ ভাবত অতি গহীন গম্ভীৰ।
⸻
২। আধ্যা।
——:○:——
ইতৰ জীৱ-জন্তু।
——:○:——
চৰাই, পখিলা, শামুক, পোক, পৰুৱা, ভেঁকুলী এনে বিধৰ ভালেমান সৰু সৰু জীৱ তুমি নিতৌ দেখিছাঁ। সিহঁতে আপোন মনেৰে চৰি ফুৰে, আৰু কাৰো একো হানি নকৰে। কিন্তু, কোনো কোনো এনে অধৰ্মী লৰা আছে যে, সিহঁতে সেই জীৱবোৰক অনাহকত দুখ দিয়ে। সেই লৰাবিলাক এনে অবোধ যে, সিহঁতে সেই জীৱবোৰ দেখিলেই অবাবত বধ কৰে আৰু, সিহঁত এনে নিমৰমিয়াল যে, সিহঁতে সেই অজান জীৱবোৰক খুচি-কাটি, ঠেং ভাঙ্গি, ডৌকা ভাঙ্গি, চিপ্জৰী লগাই নানা তৰহৰ শাস্তি দি ৰং চায়। তাকে কৰি সিহঁতে ৰং পায়, কিন্তু অজান জীৱবোৰৰ দুখলৈ গমি নাচায়। এনে মৰম-ধৰম নাইকিয়া লৰাক কেৱেঁ ভাল নাপায়। এনে লৰাক আটায়ে ঘিণ্ কৰে [ ১২ ]
জ্ঞানী লোকে এনে লৰাক ইতৰ জন্তুৰ নিচিনা বুলি হে ভাবে। এতেকে, তুমি কেতিয়াও তেনেকুৱা অধৰ্মী লৰাৰ লগ নলবাঁ। আৰু, তুমি কেতিয়াও তেনেকুৱা অজ্ঞানী লৰা নহবাঁ। কিয়নো, তুমি যেনেকৈ গাত দুখ পালে গম্ পোৱাঁ, ইতৰ জীৱয়ো তেনেকৈ গম্ পায়। আৰু, ইতৰ জন্তুৰ দুখলৈ মন নকৰা হওঁতে, তুমি তোমাৰ সমনীয়া লৰা-ছোৱালীৰ দুখলৈকো মন নকৰা হবাঁগৈ। তেতিয়া তোমাক আটায়ে দেখিব নোৱাৰা হব; আপোন মানুহেও তোমাক ভাল নাপাব। আন কি, মৰমিয়াল পিতৃ-মাতৃয়েও তোমাক আদৰ নকৰিব। পৃথিবীত এনে জীৱন ধৰাৰ সকাম নাই।
হাঁহ, পাৰ, মেকুৰী, কুকুৰ, ছাগলী, গৰু, ঘোঁৰা, ম’হ, হাতী এনেবিধৰ ভালেমান জন্তু ঘৰত পোহা তুমি দেখিছাঁ। এনেবিলাক জন্তুলৈকো মৰম থাকিব লাগে। সেই পোহনীয়া জন্তুবোৰক পেটভৰাই খাবলৈ দিব লাগে, থাকিবলৈ ভাল ঠাই দিব লাগে, [ ১৩ ] আৰু সিহঁতক সদায় আপ্ডাল্ কৰিব লাগে। এনেকৈ আপ্ডাল্ নাপালে সেই জন্তুবিলাক ভালে থাকিব নোৱাৰে। ভাল আপ্ডাল্ নাপাই ক্ষীণাই বল নাইকিয়া হলে সিহঁতক টান কামত লগাবও নালাগে। কিয়নো, তেতিয়া সিহঁতক দুখৰ উপৰি দুখ দিয়া হয়। কোনো জন্তু বুঢ়া হলেও তাক টান কামত লগাব নাপায়। গৰুৱে হালত টানিব নোৱাৰিলে তাৰ টিকাত কাঁটি লগোৱা, ঘোঁৰাই চেকুৰিব নোৱাৰিলে তাৰ গাত চাবুক মৰা, হাতীয়ে বেগ দিব নোৱাৰিলে তাৰ মূৰত আৰু কাণত খোচা-কটা
কৰা উচিত নহয়। কিয়নো, সেই নিচিনা দুখ ফুটাই কব নজনা ইতৰ জন্তুক শাস্তি দিয়াটো মৰম নাইকিয়াৰ চিন্। এইবোৰ জ্ঞান নাইকিয়া মানুহৰ হে কাম। আগলৈ গুণী, জ্ঞানী আৰু সজলোক হবলৈ হাবিয়াষ থকা লৰাই কেতিয়াও তেনেকুৱা মানুহৰ আৰ্হি নলয়।
⸻
মাছ-মঙ্গহ খাবৰ নিমিত্তে মানুহে কেতিয়াবা জীয়াজন্তু বধ কৰিব লগীয়া হয়। তেতিয়া সেই কাম কৰাত পাপ নহয়। কিয়নো, এটা জীৱ জীয়াবৰ নিমিত্তে আন এটা জীৱ বধ কৰাত দোষ নাই। মাছ-মঙ্গহ খালে তুমি শকত হবাঁ, বলী হবাঁ আৰু বহুত দিন জীয়াই থাকিবাঁ। এতেকে, সেই অৰ্থে মাছ-পহু মাৰিলে তাত পাপ নাই। কিন্তু, সেই বুলি কোনো জন্তুক শাস্তি দি বধ কৰিব নাপায়। কোনো জন্তু বধিব লগীয়া হলে, তাক কোনো শাস্তি নিদিয়াকৈ যিমান সোনকালে পাৰি সিমান সোনকালে বধ কৰিব লাগে। মৰিবৰ সময়ত যেন সি সৰহ পৰ দুখ সহিব লগা নহয় তালৈ চোৱা উচিত। চৰাই-পহু কেতিয়াও আধামৰা কৰি এৰিব নালাগে। তেনে কৰিলে সিহঁতৰ দুখ বঢ়োৱা হয় মাথোন। শহাপহুৰ নিচিনা মোহ-লগা সৰু জন্তুক মাৰিবলৈকে সত নাযায়!
⸻
সজ লৰা।
ধনীৰাম আৰু মণিৰাম দুটি ভায়েক-ককায়েক। ধনীৰ বয়স পাঁচ বছৰ, আৰু মণিৰ বয়স সাত বছৰ। ইবিলাক দুয়োটি সজ লৰা। দুয়ো পিতাকৰ হাক-বচন শুনে; আৰু পিতাকে বেয়া বোলা কাম সিবিলাকে কেতিয়াও নকৰে। কিন্তু, বয়সত নিচেই কোমল কাৰণে ধনীয়ে পিতাকৰ উপদেশ আটাইবোৰ মনত ৰাখিব নোৱাৰে, আৰু কেতিয়াবা তেওঁৰ হাক-বচন পালোঁতে ভুল হয়। মণি বয়সত অলপ বুজন। ধনীয়ে পিতাকৰ বুজনি পাহৰিলে মণিয়ে ভায়েকৰ মনত পেলাই দিয়ে।
এদিন দুয়োটি ভায়েক-ককায়েক পথাৰত ফুৰিবলৈ গৈছিল। সেই পথাৰৰ মাজে মাজে সৰু-সৰু গোটাচেৰেক জোপা আছিল। তাৰে এটা জোপাৰ এজুপি সৰু গছত এটা চৰাই-বাহ ধনীয়ে দেখা পালে। তাত সৰু সৰু চাৰিটি পোৱালি আছিল। পোৱালিকেইটিৰ গেঁৰপাখি গজিছিল মাথোন। পিচে, চৰাইৰ বাহ দেখি ধনীৰ মনত উলাহ লাগিল, আৰু তেওঁ পোৱালিকেইটা পাৰি আনিবলৈ মন কৰিলে। সেই সময়তে মাইকী চৰাইজনী পোৱালিক টোপ্ খুৱাবলৈ আহিছিল। তাই লৰাহঁতক বাহটোৰ
ওচৰ চপা দেখি ৰমলিয়াবলৈ ধৰিলে। আৰু, একোবাৰ তাই বাউলী হৈ সিবিলাকৰ গাতে পৰেহি যেন হল। [ ১৬ ]এনে সময়তে মণিয়ে ভায়েকৰ গালত চুমা এটি দি কবলৈ ধৰিলে, “ভাইটি! চৰাই-পোৱালি পাৰিব নাপায় নহয়? সিদিনা পিতাদেৱে কোৱা কথা তোমাৰ মনত নাই নে? বাহৰপৰা পাৰি আনিলে পোৱালিবোৰে দুখ পাব। সিহঁত খুটি-খাব পৰা নৌ হয় এখোন। মাকে টোপ্ নুখুৱালে সিহঁতে খাব নাজানে। সেই কাৰণে আমাৰ হাতত পোৱালিবোৰ খাবলৈ নাপাই মৰিব। চোৱাচোন মাইকী চৰাই জনীয়ে কেনেকৈ ৰমলিয়াইছে! আমি বাহটোৰ ওচৰ চপা দেখি তাই আপদ যেন ভাবিছে। পোৱালিকেইটা আমি নিওঁ বুলি তাই কেনেকৈ ধৰ্ফৰাব লাগিছে! আৰু, তুমি গমি চোৱাঁচোন, আমাৰ আইৰ মানত আমি যেনে, এই চৰাইজনীৰ মানত তাইৰ পোৱালিকেইটিও তেনে। তুমি পোৱালিকেইটা [ ১৭ ] পাৰিবলৈ ধৰাত মাইকীজনীয়ে যেনেকৈ চিয়ঁৰিছে, আমাক কোনোবাই ধৰি নিব খুজিলে আমাৰ আইয়েও সেই দৰেই চিয়ঁৰিব। সেই কাৰণে, চৰাই পোৱালি পাৰিব নালাগে দেই! আহাঁ, আমি আঁতৰি যাওঁ; মাকে পোৱালিকেইটিক টোপ্খু ৱাওক।” এই বুজনি দি ককায়েকে ভায়েকক আৰু এটি চুমা দিলে। ভায়েকো ককায়েকৰ কথাত ৰং মনেৰে মান্তি হল। আৰু, দুয়ো হাতত ধৰাধৰিকৈ তাৰপৰা আঁতৰি গল।
সেই সময়ত লৰাহঁতৰ পিতাক মনভাল মেধি জোপাটোৰ মাজত খৰি লুৰি আছিল। তেওঁ আৰৰপৰা পুতেকহঁতৰ কথা-বাৰ্ত্তা আটাইখিনি শুনি আছিল। পিচে, লৰাহঁত আঁতৰ হলত, তেওঁ ৰং-মনেৰে লৰি গৈ সিবিলাকৰ কাষ চাপিল। তাৰ পাচত, তেওঁ দুইকো দুটি চুমা দি এই বুলি কবলৈ ধৰিলে, “মোৰ সোণাইহঁত!তোমালোক দুয়োটি বৰ সজ লৰা! তোমালোকে সৌ জোপাটোৰ ওচৰত যি কথা-বাৰ্ত্তা পাতিছিলাঁ, মই আটাইখিনি শুনিলোঁ। শুনি বৰ ৰং পালোঁ। চৰাই-পোৱালি নাপাৰি বৰ ভাল কৰিলাহঁক। উলটি চোৱাঁচোন, মাকে পোৱালিকেইটিক কেনেকৈ টোপ্ খুৱাইছেগৈ! পোৱালি কেইটিয়ে খাবলৈ পাই কেনেকৈ কিৰিলিয়াইছে!তোমালোকে তেনেকৈ খুৱাব পাৰিলাহেঁতেন জানো? —কেতিয়াও নোৱাৰাঁ। বাৰু, এতিয়া ঘৰলৈ যোৱাঁগৈ তোমালোকেও মাৰাৰ ওচৰত জলপান খাই ৰংধেমালি কৰাঁগৈ।” এই বুলি মনভাল মেধিয়ে পুতেক [ ১৮ ] দুটিক আকৌ দুটি চুমা দি ঘৰলৈ পঠিয়ালে, আৰু তেওঁ খৰি লুৰিবলৈ উলটি জোপাত সোমাল।
⸻
অসৎ লৰা।
নিধিৰাম এটা উধত্ স্বভাৱৰ লৰা। সি কাৰো হাক-বচন নামানে। সি নোজোকোৱাক জোকায়, আৰু এনা-জগৰত সমনীয়া লৰা-ছোৱালীক মাৰি-কিলাই বেজাৰ দিয়ে! বাটৰুৱা মানুহক সি কুকুৰ লগাই দিয়ে!
নিধিৰামে সৰু সৰু চৰাইবোৰক দুখ দি ভাল পায়। সি চৰাই-পোৱালি পাৰি আনি শাস্তি দি ৰং চায়। [ ১৯ ]
সি জুটি আৰু চিটিকা পাতি চৰাই ধৰে, আৰু ধুনীয়া ধুনীয়া চৰাইবোৰ অনাহকত বধ কৰে। চৰাইৰ ঠেং আৰু ডৌকা ভাঙ্গি ৰং চোৱাটো নিধিৰামৰ এটা হাতৰ কাম। সি নিতৌ এই কাম নকৰিলে তাৰ গা নুজুৰায়। ডোকা ভাঙ্গি এৰি দিয়া চৰায়ে মাটিত পৰি ধপ্ধপায়, নিধিৰামে ৰঙ্গত উৰুলিকৃত হৈ জঁপিয়াবলৈ ধৰে। ঠেং-ভগা চৰায়ে মাটিৰপৰা উধাবলৈ বিচাৰি ধুপুচ্ ধুপুচ্ কৈ পৰে, নিধিৰামে কিৰিলিয়াই হাঁহি পেঙ্গুচ্- পেঙ্গুচ্ কৈ খোজ কাঢ়ি দেখুৱায়! চৰাই মাৰিবলৈ নিধিৰামে চোলা-জেপত সদায় শিলগুটী ভৰাই লৈ ফুৰে। তাৰ হাতখনো বৰ ঠিক; উৰি যোৱা চৰাইকো সি দলি মাৰি বগৰাই পেলায়।
ভোবোলা ছাগ।
নিধিৰামৰ উদ্ভণ্ডালিত ঘৰে পৰে শান্তি নোহোৱা হল। চুবুৰীয়াৰ হাঁহ, পাৰ, ছাগলী আদিয়ে তত্ নোপোৱাত পৰিল। সি ভোবোলা ছাগবিলাক ধৰি লেকাম লগাই ঘোঁৰা-উঠে, আৰু চেকুৰিব নোৱাৰিলে টিকাত এচাৰিৰে কোব ধৰে। [ ২০ ] বাৰীত গৰু-ছাগলী দেখিলেই সি তাক ধৰি চকুত জলকীয়া দি নগুৰ-শাস্তি কৰি এৰি দিয়ে। পঢ়াশালিত অধ্যাপকে নানা শাস্তি দিও তাক গত্ লগাব নোৱাৰিলে। পাচলৈ অধ্যাপকে শাস্তি এৰি মিঠা মাতেৰে নিধিক বিবিধ বুজনি দিবলৈ ধৰিলে।
অধ্যাপক।
অধ্যাপকৰ এটা দূৰবীণ যন্ত্ৰ আছিল; সেই যন্ত্ৰেৰে সৰু বস্তু ডাঙ্গৰ দেখা যায়, চকুৰে মনিব নোৱাৰা অকণিমান আঁচ এটিকো ফট্ফটীয়াকৈ মনিব পাৰি। এদিন নিধিয়ে মাৰি পেলাই দিয়া ম’ৰা চৰাই এটা অধ্যাপকে বুটলি আনি সেই দূৰবীণৰে সৈতে তাক চাবলৈ দিলে। নিধিয়ে চকুত দূৰবীণ লগাই চাই চাই চৰাইটিৰ গুণ এই দৰে বখানিবলৈ ধৰিলে,—“আয়ৈ দেহি, চৰাইটিৰ মূৰৰপৰা নেজলৈকে কেনে যে চিক্চিকীয়া পাখিৰ আঁচবোৰ আছে! ফুৰ্ফুৰীয়া আমৰলীয়া পাখিৰে সৈতে তাৰ গাটি কেনেকৈ [ ২১ ] টকা আছে! সেউজীয়া কুহী পাখিৰে সৈতে ঢকা মূৰটিত কলা চকুযোৰৰ মাজত ৰঙা চকুমণি দুটি কেনেকৈ জিলিকিছে! আৰু, গল্মণিকাৰ নিচিনা বিতোপন চকৰ একোটিৰে সৈতে দীঘল, মজলীয়া আৰু চুটি পাখিৰে সৈতে ঢকা চৰাইটিৰ নেজটাৰ
কেনে ধুনীয়া দেখা গৈছে! দেহি ঐ, ৰঙা, নীলা, সেউজীয়া, হালধীয়া নানা বৰণীয়া দীঘল আৰু চুটি কমোৱা-তুলাৰ নিচিনা কুঁহী পাখিৰে সৈতে চৰাইটি এনে যে ধুনীয়াকৈ সজোৱা হৈছে! ৰজাৰ সাজ-পাৰতকৈও এইবোৰ ধুনীয়া যেন হে লাগিছে! হাত দিলেই চৰাইটিৰ সাজ-পাৰ বেয়া হব যেন লাগিছে! গুৰুদেৱ, এইটি নো কি চৰাই? ইয়াৰ নাম কি?” – অধ্যাপকে দূৰবীণটো নিধিৰ চকুৰপৰা আঁতৰাই আনি কলে, “এইটো এটা তুমি সদায় মাৰি ফুৰা চৰাই। ইয়াতকৈও কিমান যে ধুনীয়া চৰাই তুমি নাশ কৰিছাঁ!” এই কথা শুনি নিধিৰাম জঁয় পৰিল! তাৰ কুকৰ্ম্মৰ বাবে সি বৰ খেদ কৰিবলৈ ধৰিলে। সেই দিনাৰপৰা [ ২২ ] এনে কু-কাম আৰু নকৰোঁ বুলি সি শপত খালে। সঁচাকৈয়ে সেই দিনাৰপৰা লাহে লাহে নিধিৰামে আটাইবোৰ কু-কাম এৰি আহিলে; আৰু পাচত তেওঁ এটি বৰ সজ লৰা হৈ উঠিল।
⸻
পৰুৱা।
সৰু সৰু পৰুৱাই, লালী পাতি আগুৱায়,
কিবা অৰ্থে ফুৰে সি লৱৰি?
অহা আহে যোৱা যায়, এফেৰিকো নিজিৰায়,
সাধোঁতে আপোন কাম ফেৰি!
যদিবা অকণি প্ৰাণ, অকণি যদিবা জ্ঞান,
আছে তাৰো উদ্দেশ্য অকণি;
সামান্য পৰুৱা হই, ঈশ্বৰৰ আজ্ঞা লই,
সাধে তাক একোকে নগণি।
গজহস্তী বালিচাহী, সৰু-বৰ কত প্ৰাণী,
পৃথিবীত ধৰিছে জীৱন;
সকলোৰে আপোনাৰ, জীৱনত অধিকাৰ,
একেদৰে আছে দেহ-মন।
অতিকই সৰু বুলি, পৰুৱাক ভৰিধুলি,
জ্ঞানীজনে নকৰে কাচিত;
ঈশ্বৰে সৃজিছে প্ৰাণী, তেৱেঁ হে গৰাকী জানি,
কাৰো কেৱেঁ নিচিন্তে অহিত।
এতেকতে হেৰা লৰা, সজ উপদেশ ধৰাঁ,
নবধিবাঁ পৰুৱা এটিক;
থাকিলে তোমাৰ জ্ঞান, সৰু বুলি তাৰো প্ৰাণ,
আছে হেৰা জানিবাঁ সঠিক।
⸻
৩। আধ্যা।
⸻:○:⸻
গুৰুজন, মান্যৱন্ত লোক, সমনীয়া আৰু
তলতীয়া মানুহ।
[ ২৪ ] ওজাদেৱ তোমাৰ শিক্ষা-গুৰু। তেওঁৰ শিকনিতে তুমি জনা-বুজা হৈছাঁ। তেওঁৰ বুজনিতে তোমাৰ জ্ঞান বাঢ়ি আহিছে। আৰু, তেওঁৰ যত্নতে তুমি আগলৈ জ্ঞানী আৰু মানী মানুহ হব পাৰিবাঁ। এতেকে, তেওঁক তুমি অতিকৈ মান্য কৰিবাঁ।
ধৰ্ম্মৰ জ্ঞান দিওঁতা গুৰুও এবিধ আছে। এই গুৰু তোমাৰ এতিয়া নহব পাৰে, কিন্তু আগলৈ হব। সিবিলাকক গোসাঁই আৰু পুৰোহিত বোলা যায়। সমাজত সিবিলাকৰ বৰ মান। এতেকে, সিবিলাকক তুমি সততে মান্য কৰিবাঁ।
পিতৃ-মাতৃৰ তলতে দদাই খুৰী, মোমাই-মাই, ককাই-বৌ, পেহা-পেহী, মহা-মাহী এনেবিলাক কুটুম্বক তুমি গুৰুজন বুলি মানিবাঁ। তোমাক আপদত পৰা দেখিলে সিবিলাকে বেজাৰ পায় আৰু,তোমাৰসম্পদ বাঢ়িলে সিবিলাকে সন্তোষ পায়। এতেকে, সিবিলাকক তুমি সদায় মান্য কৰিবাঁ।
ওপৰত কোৱা সকলত বাজেও ভালেমান মান্যৱন্ত লোক আছে। যেনে, গাৱঁৰ বুঢ়ালোক, সমাজৰ গুৰিয়াল, ৰজাঘৰীয়া বিষয়া, গুৰুঘৰীয়া বিষয়া, পণ্ডিত-সজ্জন, উকিল-মুক্তিয়াৰ, ব্যৱসায় কৰা চহকী মানুহ ইত্যাদি। আগলৈ তুমি সেইবিলাক লোকৰে সৈতে সংসাৰত চলিব লাগিব। সিবিলাক তোমাৰ প্ৰতি সন্তুষ্ট থাকিলে তুমি সংসাৰত চলিবলৈ সুচল পাবাঁ। আৰু, সিবিলাক বিতুষ্ট হলে তুমি সংসাৰত চলিবলৈ আছল পাবাঁ। এতেকে, তুমি সিবিলাকক মান্য কৰিবাঁ।
এই সকলোৰে উপৰি ৰজা। পৃথিবীত ৰজাতকৈ ডাঙ্গৰ [ ২৫ ] কেওঁ নাই। ৰজা ঈশ্বৰৰ আৰ্হি। ঈশ্বৰে যেনেকৈ সৃষ্টিখন পালিছে, ৰজাই তেনেকৈ ৰাজ্যখন পালিছে। ঈশ্বৰ নাথাকিলে সৃষ্টি নৰয় ৰজা নাথাকিলেও ৰাজ্য নৰয়। ৰজা তোমাৰ পৰম উপকাৰী। ৰজাই তোমাক, তোমাৰ পৰিয়ালক, তোমাৰ মিতিৰ-কুটুমক, তোমাৰ বন্ধু-বান্ধৱক আৰু ৰাজ্যৰ সকলো প্ৰজাক চোৰ, ডকাইত্ আৰু শত্ৰুৰ হাতৰপৰা ৰক্ষা কৰিছে। এতেকে, তুমি ৰজাক আটাইত্কৈ অধিক মান্য কৰিবাঁ।
সমান বয়সীয়া মানুহক সমনীয়া বোলে। সমান মানৰ পাত্ৰকো সমনীয়া বোলা যায়। আৰু জ্ঞান, বুদ্ধি, বল ইত্যাদিত যিবিলাক সমান, সিবিলাকো সমনীয়া। বয়স, মান, জ্ঞান, বুদ্ধি আৰু বল সমান হোৱাৰ কাৰণে সমনীয়াৰ ভিতৰত মনৰ মিল থাকে। সমনীয়া বৰ উপকাৰী। সিবিলাক মিত্ৰ মানুহ। অতি মিলৰ সমনীয়াক সখি বোলা যায়। তুমি সমনীয়াৰ লগত সদায় সদ্ভাৱ ৰাখিবাঁ।
ওপৰত কোৱা মান্যৱন্ত লোকসকলত বাজেও কিছুমান তলতীয়া মানুহ আছে। আদেশৰ তলে কাম কৰা লোককে তলতীয়া মানুহ বোলে। বয়সত সৰু হলেও তলৰ মানুহ হয়। আৰু, সমন্ধত সৰু জনকো তলৰ মানুহ বোলা যায়।
বন্দী-বেটী লগুৱা-লিগিৰী, চাকৰ-চাকৰনী ইহঁতে ঘৰত বন-বাৰি কৰে। ইহঁত বয়সত ডাঙ্গৰ হলেও তোমাৰ আদেশৰ তল। তুমি যি কৰিবলৈ কোৱা সিহঁতে তাকে কৰে, আৰু যলৈকে পাচাঁ তলৈকে যায়। সিহঁত বৰ মৰমিয়াল! ভাল আচৰণ পালে সিহঁত বৰ বিশ্বাসী হয়। বিশ্বাসী [ ২৬ ] লগুৱাই গৰাকীক নিজৰ প্ৰাণত্ কৈও ভাল পায়। এতেকে, তুমি সিহঁতক মৰম কৰিবাঁ, আৰু সততে মিঠা মুখেৰে মাতিবাঁ।
তলৰ মানুহ মাত্ৰেই ওপৰৰ জনৰপৰা মৰম আৰু আদৰ পাব লাগে। তেহে ওপৰৰ লোক আৰু তলৰ মানুহৰ ভিতৰত সদায় মিলা-প্ৰীতি থাকে। আৰু, এনে মিলা-প্ৰীতিৰ গুণত হে সংসাৰ সুখৰ হয়। এতেকে, বয়সত আৰু সমন্ধত তোমাতকৈ যিবিলাক সৰু, সিবিলাকক তুমি সদায় মৰম আৰু আদৰ কৰিবাঁ। এতিয়াৰপৰা অভ্যাস কৰিলে হে আগলৈ তোমাৰ সেই স্বভাৰ হব। তেহে তুমি আগলৈ সংসাৰত সুখীয়া হব পাৰিবাঁ।
⸻
ভাই-ককাইৰ ভক্তি-স্নেহ।
অযোধ্যাৰ ৰজা দশৰথৰ তিনি গৰাকী কুৱঁৰী আছিল। বৰ গৰাকীৰ নাম কৌশল্যা, মাজিউ গৰাকীৰ নাম কৈকেয়ী আৰু সৰু গৰাকীৰ নাম সুমিত্ৰা। এই তিনি গৰাকী কুৱঁৰীৰপৰা দশৰথ ৰজাৰ চাৰিজন পুত্ৰ লাভ হয়; —কৌশল্যাৰ গৰ্ভত ৰামচন্দ্ৰ, কৈকেয়ীৰ গৰ্ভত ভৰত, আৰু সুমিত্ৰাৰ গৰ্ভত [ ২৭ ] লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হয়। ভিন্ ভিন্ মাকৰ গৰ্ভত জন্ম বুলিও এই চাৰি ভাই-ককাইৰ ভিতৰত অকণো ভিন্ ভাব নাছিল। সিবিলাকে চাৰিওটি মিলি একেটি যেন হে ভাবে। সৰুজনে বৰজনক গুৰু মান্য কৰে; আৰু বৰজনে সৰুজনক আদৰ-চেনেহ কৰে।
দশৰথ ৰজাই মাজিউ কুৱঁৰী কৈকেয়ীক দুটা বৰ দিবলৈ অঙ্গীকাৰ কৰি থৈছিল। পিচে, ৰজাই যেতিয়া ৰামচন্দ্ৰক ৰাজপাট এৰি দিবলৈ স্থিৰ কৰে, তেতিয়া মাজিউ কুৱঁৰীয়ে তেওঁক সেই বৰ খুজিলে। এটা বৰ মতে ৰামচন্দ্ৰক চৈধ্য বছৰ বনবাস খটাবলৈ আৰু আনটো বৰ মতে নিজৰ পুত্ৰ ভৰতক ৰাজপাটত বহুৱাবলৈ তেওঁ ৰজাক জনালে। ৰজা অঙ্গীকাৰ পালিবলৈ বাধ্য হল; গতিকে তাৰ বেজাৰতে তেওঁ মুছ্ কছ্ গৈ সেই অৱস্থাতে ঢুকাল।
ৰামচন্দ্ৰ বনলৈ ওলাল। লগত তেওঁৰ গাৰ ছাঁৰ নিচিনা মৰমৰ ভাৰ্য্যা সীতাদেবীও যাবলৈ ওলাল। এনে সময়ত ভায়েক লক্ষ্মণে ৰামচন্দ্ৰত এই বুলি মিনতি কৰি জনালে, “প্ৰভু, এই দাসকো লগত লওক। আপোনাৰ বিহনত এই ৰাজ্য মই শূন্য দেখিম! আপোনাক দিনৌ সেৱা কৰিবলৈ নাপালে মোৰ জীৱন এনেই যোৱা যেন লাগিব। তাৰ উপৰিও, মোৰ মাতৃৰ নিচিনা বৌদেও বনলৈ ওলাইছে; এই দাসৰ বিহনে তেওঁক বনত কোনে শুশ্ৰূষা কৰিব? বনত বৌদেৱে দুখ পাব লাগিলে মই ৰাজ্যত জীৱন ধৰাৰ সকাম নাই! এতেকে প্ৰভু, এই দাসক [ ২৮ ] নেৰিব।” ৰামচন্দ্ৰই ভায়েকক বহুত বুজালে, তথাপি একো গুণ নধৰিল। পিছে, অগত্যা তেওঁ লক্ষ্মণকো লগত নিবলৈ মান্তি হল।
ৰাম-লক্ষ্মণ বনলৈ যোৱাৰ সময়ত ভৰত-শত্ৰুঘ্ন ঘৰত নাছিল, মৃগয়ালৈ গৈছিল। পিচে সিবিলাকে উলটি আহি ৰাম-লক্ষ্মণ বনলৈ যোৱা শুনি বিলাপ কৰিবলৈ ধৰিলে। তাৰ পাচত, দুয়ো সিবিলাকৰ পিচে পিচে খেদি দুদিনৰ বাটত লগ ধৰিলেগৈ। ভৰতে ককায়েকক উলটি আহিবৰ কাৰণে অশেষ কাকুতি কৰিলে। কিন্তু, পিতৃৰ অঙ্গীকাৰ ভঙ্গ হোৱাৰ ভয়ত ৰামচন্দ্ৰে উলটিবলৈ মান্তি নহল। অৱশেষত চাৰিওটি ভায়েক-ককায়েকে অতি চেনেহেৰে সাবতা- সাবতিকৈ নৰম-বেথা জনাই বিদায় ললে। ৰাম-লক্ষ্মণ সীতা- দেবীৰে সৈতে বনলৈ গল; ভৰত-শত্ৰুঘ্ন বেজাৰ মনেৰে ৰাজ্যলৈ উলটিল। উলটি আহোঁতে ভৰতে ৰামচন্দ্ৰৰ খৰম্জুৰিকে বুকুত বান্ধি লৈ আহিল; আৰু ৰাজপাটত সেই খৰম্জুৰিকে থৈ, ককায়েকৰ নামে ভায়েকে ৰাজ্য চলাই থাকিল।
লক্ষ্মণ বৰ বীৰ পুৰুষ আছিল। দেখিবলৈকো তেওঁ বৰ শকত-আৱত, ওখ-ডাঙ্গৰ আৰু ৰূপহ পুৰুষ আছিল। লক্ষ্মণৰ এটা আচৰিত শক্তি এই যে, তেওঁ বহুকাল নোখোৱাকৈ আৰু নোশোৱাকৈ থাকিব পাৰিছিল। বনবাসত তেওঁ বৌৱেক-ককায়েকৰ শুশ্ৰূষাতে নিৰাহাৰে আৰু উজাগৰে চৈধ্য [ ২৯ ] বছৰ কটাইছিল বুলি ৰামায়ণত পোৱা যায়। সেই চৈধ্য বছৰ লক্ষ্মণে বৌৱেক সীতাদেবীৰ চৰণত একান্ত মতি
বনবাসত ৰাম, সীতা আৰু লক্ষ্মণ।
ৰাখিছিল। আৰু, তেওঁ ককায়েকক পিতৃ আৰু বৌৱেকক মাতৃ স্বৰূপে মান্য কৰিছিল। সীতাদেবীক ৰাৱণে হৰি [ ৩০ ] নিয়াত লক্ষ্মণে ৰাৱণ ৰাক্ষসৰ বংশৰে সৈতে প্ৰাণটাঁকি যুঁজিছিল। আৰু, তেওঁৰ সহায়ত ৰামচন্দ্ৰই ৰাৱণক বধি সীতাক উদ্ধাৰ কৰে।
বনৰপৰা উলটি অহাৰ পাচত ৰামচন্দ্ৰ ৰজা হল। ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্ন তিনিও ৰাজকাৰ্য্যত ককায়েকৰ সহায় হল। এই দৰেই বহুকাল ৰামচন্দ্ৰই সুখ্যাতিৰে সৈতে ৰাজপাট খালে। ভায়েকসকল তেওঁৰ আদৰ-সাদৰত মোহ গৈ আছিল। আৰু, তেওঁৱো ভায়েকসকলৰ মান-সৎকাৰত সদায় তুষ্ট আছিল। ভাই-ককাইৰ ভিতৰত এনে সদ্ভাৱ থকাৰ কাৰণেই ৰামচন্দ্ৰই শান্তিৰে ৰাজ্য চলাব পাৰিছিল। তেওঁৰ দিনত প্ৰজাই এনে সুখ আৰু শান্তি পাইছিল যে, আজিকালিও সুখৰ কালত মানুহে “ৰামৰ ৰাজ্য” বুলি পাটন দিয়ে।
ৰাম-লক্ষ্মণ, ভৰত-শত্ৰুঘ্নৰ চিৰকাল একেটা পৰিয়ালতে দিন গল। জীয়াই থকা কালত সিবিলাকে ভিন্-পৰ নাজানিলে। কোনো কথাতে সিবিলাকৰ ভিতৰত আদৰ-সন্মানৰ হীন-ডেঢ়ি ঘটিবলৈ নাপালে। এনে ভাই-ককাই সংসাৰত মানুহৰ আৰ্হি হোৱা উচিত। তুমি এই আৰ্হি সদায় আগত ৰাখি চলিবাঁ।
⸻
সখি
⸻○⸻
অৰ্জ্জুণ। শ্ৰীকৃষ্ণ।
শ্ৰীকৃষ্ণ আৰু অৰ্জ্জুণ দুয়ো সখি। দুয়ো সমনীয়া। বয়সত দুয়ো সমান। বুদ্ধিত দুয়ো সমান। জ্ঞানত দুয়ো সমান। আৰু, বলতো দুয়ো সমান। সকলোপিনে সমান কাৰণেই দুইৰো মনৰ বৰ মিল। দুইৰো ভিতৰত ভিন্ ভাব নাই। সকলোৱে দুইকো এক যেন ভাবে। আন কি, দুইৰো নাম [ ৩২ ] একেটাকৈ জোঁটাই সিবিলাকক কৃষ্ণাৰ্জ্জুণ বোলা হয়। সিবিলাক দুয়ো পৰম মিত্ৰ। এনে মিত্ৰ জগতত অতি বিৰল।
কুৰুক্ষেত্ৰৰ ৰণৰ কথা তুমি অৱশ্যে শুনিছাঁ। সেই ৰণ কৌৰৱ আৰু পাণ্ডৱ নামেৰে একেটা বংশৰে দুটা ঠালৰ কুটুম্বৰ মাজত লাগিছিল। কৌৰৱৰ ফালে দুৰ্য্যোধনকে আদি কৰি সিবিলাকৰ এশ ভাই-ককাই; আৰু পাণ্ডৱৰ ফালে যুধিষ্ঠিৰ, ভীম, অৰ্জ্জুণ, নকুল আৰু সহদেৱ এই পাঁচ ভাই-ককাই। কুৰু ৰজাৰ বংশধৰ পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ। পাচত, পাণ্ডুৰ পৰিয়ালেৰে পাণ্ডৱ আৰু ধৃতৰাষ্ট্ৰৰ পৰিয়ালেৰে কৌৰৱ নামে দুটা ফৈদ হয়! পিতৃ-ৰাজ্যৰ ভাগ লৈ এই দুই ফৈদৰ মাজত কন্দল লাগে। আৰু, সেয়ে কুৰুক্ষেত্ৰৰ ৰণৰ মূল কাৰণ মহাভাৰতত এই মহাৰণৰ বিষয়ে বহুলকৈ লিখা আছে।
শ্ৰীকৃষ্ণ এজন বিচক্ষণীয়া বুদ্ধিৰ পুৰুষ। ৰাজনীতিৰ জ্ঞানত তেওঁৰ তুলনা নাই। ৰণৰ কৌশলতো তেওঁক কোনেও লগ নাপাইছিল। এইবিলাক গুণত কেৱল অৰ্জ্জুণ হে তেওঁৰ সমনীয়া আছিল। সেই কাৰণে অৰ্জ্জুণৰ লগত তেওঁৰ বৰ মিল আছিল। আৰু, সেই কাৰণেই তেওঁ ৰণত পাণ্ডৱৰ ফলিয়া হৈ অৰ্জ্জুণক সহায় কৰিছিল। আন কি সেই ৰণত শ্ৰীকৃষ্ণ অৰ্জ্জুণৰ ৰথৰ সাৰথি হৈছিল। স্বৰূপ কথা কবলৈ হলে, কৃষ্ণ আৰু অৰ্জ্জুণৰ মাজত সদ্ভাৱ থকাৰ কাৰণেই কুৰুক্ষেত্ৰৰ ৰণত পাণ্ডৱৰ জয় হয়।[ ৩৩ ] শ্ৰীকৃষ্ণৰপৰা অৰ্জ্জুণে যি দৰে সহায় পাইছিল, অৰ্জ্জুণৰপৰাও শ্ৰীকৃষ্ণই সেই দৰে উপকাৰ পাইছিল। অনেক সময়ত ইজনে সিজনৰ পৰামৰ্শ লৈ আপদৰপৰা ৰক্ষা পাইছিল। মুঠতে, এনে মিত্ৰ, এনে সখি জগতৰ আৰ্হিৰ যোগ্য। তুমি সদায় এনে আৰ্হি আগত লৈ চলিবাঁ।
⸻
লগুৱাৰ ধৰম।
⸺:✱:⸺
ইউৰোপ মহাদেশৰ ভিতৰত অস্ত্ৰিয়া দেশৰ ৰাজধানী ভায়েনা নগৰত পদত্স্কি নামে এজন জমিদাৰ আছিল। তেওঁ ১৭৭৬ খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত ক্ৰকৌ নগৰলৈ ঘোঁৰাৰ বাগীত উঠি যাত্ৰা কৰিছিল। লগত তেওঁৰ ভাৰ্য্যাও গৈছিল। আৰু, বিশ্বাসী লগুৱা এটা বাগীৰ পিচে-পিচে ঘোঁৰাত উঠি গৈছিল।
বাটতে কাৰ্পেথিয়ান পৰ্ব্বত। তাত অলেখ বাঘ থাকে। জাৰকালিৰ বাঘ বৰ চোকা। পিচে, গুহাৰপৰা এজাক বাঘে জমিদাৰৰ বাগী আৰু ঘোঁৰা দেখা পাই তাৰ পিচে পিচে খেদিবলৈ ধৰিলে। বাঘৰ খেদা খাই জমিদাৰে পাৰেমানে বেগাই বাগী চলাবলৈ ধৰিলে, আৰু ঘোঁৰায়ো প্ৰাণকাতৰে চেকুৰিলে। [ ৩৪ ] কিন্তু, উত্ৰাৱল বাঘজাকক এৰাই যোৱা টান হল। বাঘ গৈ বাগী আৰু ঘোঁৰাৰ ওপৰত পৰোঁ-পৰোঁ হল!
এনে আপদৰ সময়ত, লগুৱাটোৱে সি উঠি যোৱা ঘোঁৰাটো এৰি দি বাগীৰ পিচত বহি ললেগৈ। গৰাকীয়ে তাৰ কাৰণ সোধাত সি লৰালৰিকৈ তেওঁক। বুজাই [ ৩৫ ] কলে যে, তাকে কৰি সি সিবিলাকক বঁচাবৰ এটা উপায় উলিয়ালে। অৰ্থাৎ, তাৰ ঘোঁৰাটো বাঘে খাওঁতেই সিবিলাক আঁতৰ হৈ সাৰিব পাৰিব। লগুৱাৰ এনে উপস্থিত বুদ্ধিৰ শলাগ লৈ জমিদাৰে যিমান পাৰে বাগী বেগাই চলাবলৈ ধৰিলে।
কিন্তু, সিমানতো উদ্দেশ্য সিদ্ধি নহল; বাঘে ঘোঁৰাটো ততালিকে খণ্ড খণ্ড কৰি খাই এঁটাই আকৌ বাগীৰ পিচে পিচে খেদিলে, আৰু অলপ সময়ৰ পাচতে বাঘ বাগীৰ ওপৰত পৰোঁ-পৰোঁ হলগৈ। এইবাৰ আৰু সিবিলাক বাঁচিবৰ কোনো উপায় নোহোৱা হল। এনে বিপদৰ সময়ত, লগুৱাটোৱে আতুৰ ভাৱে গৰাকীক এই বুলি চিয়ঁৰি চিয়ঁৰি কবলৈ ধৰিলে, “প্ৰভু, বাঁচিবলৈ আৰু এটা মাথোন উপায় আছে; মই বাঘৰ আগত পৰি দিওঁ আৰু বাগিবুগা দি সিহঁতক যিমান পাৰোঁ ঠমাই ৰাখোঁ; সেই ছেগতে আপোনাসকল নগৰ সোমাওকগৈ। পালেহি! আপোনাৰ অনুমতিলৈ ৰব নোৱাৰি! মই বিদায় হে মাগিলোঁ!” এই বুলি লগুৱাই বাঘৰ মুখত পৰি গল, আৰু পলাবৰ মিছা চেষ্টাৰে বাগি দিবলৈ ধৰিলে; বাঘজাকে কিছুমান পৰ উত্ৰাৱল ভাৱে তাক খেদি বেৰি ধৰি থাপতে উৰুৱালে!
বাঘে লগুৱাৰ ওপৰত খং সাৰি থাকোঁতেই জমিদাৰ ইফালে জেটোৰ নগৰ সোমাই ৰক্ষা পৰিল। কিন্তু, তেওঁ নিজে ভাৰ্য্যাৰে সৈতে ৰক্ষ৷ পৰিল বুলিও বিশ্বাসী লগুৱাটিৰ নিমিত্তে [ ৩৬ ] বৰ খেদ কৰিবলৈ ধৰিলে। জমিদাৰৰ ভাৰ্য্যায়ো সেই বাবে বৰ শোক পালে। ঘৰত আহি তেওঁবিলাকে এই বুলি আক্ষেপ কৰিছিল, “হাঁয়, তেনেটি বিশ্বাসী লগুৱাই আমাৰ হৈ প্ৰাণ দিয়াত্কৈ একেলগে আমাৰ প্ৰাণ যোৱাহেঁতেনেই ভাল আছিল!”
⸺:✱:⸻
প্ৰভুভক্ত ঢেকুৰা।
ঔচ্, বুলি মাতোঁতেই চাপেহি ওচৰ,
ধৰ্ বুলি লগালেই হয় বীৰবৰ;
চকুলই চাওঁতেই চুৰ্ত্তি হেৰুৱায়,
এফেৰি আদৰ পালে সাদৰী সোণাই!
নাখায়ো প্ৰভুৰ আজ্ঞা পালে প্ৰাণপণে,
নুশুয়ো প্ৰভুৰ কাম সাধে সযতনে;—
প্ৰভুভক্ত ঢেকুৰাৰ আচৰণ এনে,
মানুহ সন্তান হই পালে কেইজনে!
তলতীয়া লোকে যদি ওপৰুৱালই,
ৰাখে এনে প্ৰীতি-ভক্তি কপট নলই;
ওপৰৰ জনে যদি ঘুৰি সেই দৰে,
তলৰ লোকৰ প্ৰতি প্ৰীতি-স্নেহ কৰে,—
তেনেহলে মানুহৰ ক্ৰোধ বিৰকতি,
ইটিৰ সিটিৰ প্ৰতি হিংসাকুৰ মতি,
আৰু যত সংসাৰৰ অশান্তি অসুখ,
আঁতৰি ধৰাতে হব স্বৰ্গৰ সুখ।
⸻
৪। আধ্যা।
⸺:○:⸺
শ্ৰম।
পৃথিবীত জীৱন ধৰিবলৈ মানুহক যিহকে লাগে তাকে পোৱা যায়। খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ, থাকিবলৈ ঘৰ সকলো পোৱা যায়। কিন্তু, তাৰ নিমিত্তে শ্ৰম কৰিব লাগে। ভাতৰ নিমিত্তে খেতি কৰিব লাগে। পিন্ধিবৰ নিমিত্তে কাপোৰ বব লাগে। থাকিবৰ নিমিত্তে ঘৰ সাজি লব লাগে। ইয়াৰ নিমিত্তে যি দুখ কৰা যায়, তাকে শ্ৰম বোলে। কিন্তু, [ ৩৮ ] তুমি হয়তো শ্ৰম নকৰাকৈও ভাত, কাপোৰ আৰু ঘৰ পাইছাঁ। সেই বাবে তুমি এনে নাভাবিবাঁ যে, শ্ৰম নকৰাকৈয়ে তাক সদায় পাব পাৰি। কিয়নো, তাৰ নিমিত্তে তুমি শ্ৰম কৰা নাই। যদিও, তোমাৰ পৰিয়ালৰ আন মানুহে কৰিছে। ডাঙ্গৰ হলে তুমিও সেই শ্ৰম কৰিব লাগিব।
ভাত, কাপোৰ আৰু ঘৰ নোহোৱাকৈও কোনো কোনো মানুহৰ দিন গৈছে। সেইবিলাক মানুহে গছৰ গুটী আৰু মাছ-মঙ্গহ খাই, আৰু গছৰ তলত শুই জীৱন ধৰে। সেইবিলাক মানুহক অসভ্য বোলা যায়। নগা, ডফলা, আবৰ, মিৰি এইবিলাক জাতিৰ ভিতৰত আজিকালিও তেনে মানুহ আছে। কিন্তু, সিহঁতৰ দুভাগটি খোৱা, পিন্ধা আৰু থকাৰ দুখতে মৰে। সেই কাৰণে, অসভ্য জাতিৰ ভিতৰত মানুহৰ লেখ নিচেই তাকৰ।
যি যিমান শ্ৰম কৰে, সি সিমান সুখত থাকিবলৈ পায়। বেচিকৈ শ্ৰম কৰিলে বেচিকৈ আৰ্জিব পাৰি। আৰ্জোন বেচি হলেই মানুহ চহকী হয়। আৰু, চহকী মানুহৰ সদায় সুখত দিন যায়। এতেকে, তুমি সদায় শ্ৰম কৰিবাঁ। এতিয়াৰেপৰা অভ্যাস কৰিলেহে আগলৈ তুমি পৰিশ্ৰমী হৈ সুখত থাকিব পাৰিবাঁ।
শ্ৰমে ৰোগ গুচায়। শ্ৰম কৰিলে গা ভালে থাকে। আৰু, গা ভালেই হে সকলো ভাল। গা ভালে থাকিলেহে ৰং ধেমালি কৰিবৰো মন যায়। কিন্তু, শ্ৰম নকৰা মানুহৰ ৰোগ নুগুচে। আৰু, ৰুগীয়া মানুহৰ মনত সুখ নাথাকে।[ ৩৯ ] জ্ঞান আৰ্জিবলৈকো শ্ৰম কৰা উচিত। কিয়নো, জ্ঞান নোহোৱা মানুহ গৰু-পহুৰ নিচিনা। গৰু-পহুক মানুহে যেনেকৈ বল কৰে, অজ্ঞানীকো জ্ঞানীয়ে তেনেকৈ বল কৰে। সেই জ্ঞান আৰ্জিবলৈ লিখা-পঢ়া লাগে। আৰু, লিখা পঢ়া শিকিবলৈ শ্ৰম কৰিব লাগে। সৰুৰেপৰা যি লৰাই শ্ৰম কৰি লিখা-পঢ়া শিকে, সি আগলৈ জ্ঞানী মানুহ হৈ আনৰপৰা মান পায়।
বহিখোৱা মানুহক এলেহুৱা বোলে। এলেহুৱাৰ কেতিয়াও উদ্গতি নাই। সিহঁত সদায় ৰুগীয়া। সিহঁতৰ মনত আচল সুখ নাই। বাহিৰে বহি-খোৱাক সুখীয়া যেন দেখি হয়, কিন্তু “ভিতৰি সিহঁতৰ সমান দুখীয়া নাই। কিয়নো, দুখ নকৰাকৈ পোৱা সুখত সোৱাদ নাই! আৰু, এলেহুৱা মানুহক অকামিলা বুলি সকলোৱে নিন্দা কৰে। এতেকে, তুমি কোনো কামলৈকে এলাহ নকৰিবাঁ।
শ্ৰম কৰি সৰুৰপৰা ডাঙ্গৰ হব পাৰি। তুমি যিমান ডাঙ্গৰ মানুহৰ নাম শুনিছাঁ, সেই সকলোবিলাক শ্ৰমৰ বলত হে ডাঙ্গৰ হৈছে। এই পৃথিবীত শ্ৰম নকৰাকৈ কোনো ডাঙ্গৰ হব পৰা নাই। শ্ৰমৰ বলত দুখীয়াও চহকী হব পাৰে। সৰুতে দুখত উঠা চহকী মানুহ বহুত দেখিবলৈ পাবাঁ। এতেকে, আগলৈ চহকী আৰু ডাঙ্গৰ মানুহ হবলৈ মন থাকিলে তুমি এতিয়াৰেপৰা শ্ৰম কৰিবলৈ শিকিবাঁ।
সময় ৰৈ নাথাকে। সেই কাৰণে মানুহো বহি থাকিব [ ৪০ ] নালাগে। সময়ৰ লগে লগে শ্ৰম কৰি গৈ থাকিলেহে মানুহৰ কাম সিদ্ধ হয়। শ্ৰম নকৰিলে সময় অথলে যায়। এক মিনিট্ সময় অথলে গলে তাক লাখ লাখ টকা দিও পাবলৈ নাই। এতেকে, তুমি কেতিয়াও শ্ৰম নকৰাকৈ সময় নেখেদাবাঁ।
⸺:✱:⸺
খেতিয়কৰ উপদেশ।
আগৰ দিনত ৰংপুৰ চহৰৰ মেটেকা নামে গাৱঁত ধনপুৰ নামেৰে এজন বৰ চহকী আৰু ডাঙ্গৰ মানুহ আছিল। তেওঁৰ [ ৪১ ] পথাৰত ধান নদন-বদন। তিনটা ভঁড়াল মুঠি-ধানেৰে মেতমৰা। তেওঁৰ বাৰীখনো বৰ বহল। পাণ-তামোল, আম-কঁঠাল, কল- কুঁহিয়াৰ, লেটেকু-পনীয়ল, নেমু, চকলা, ৰেবাব, জৰা, সুম্থিৰা এইবোৰ শস্যেৰে বাৰীখন ভৰপুৰ। আলু-কচু, জলকীয়া-বেঙ্গেনা, শাক-পাচলি এইবোৰ বতৰৰ শস্যেৰে বাৰীখন শুৱনী। ইয়াত বাজেও, ধনপুৰৰ খাত-পাম আছিল। তাত তেওঁ মাহ, সৰিয়হ আৰু গোম্ধানৰ খেতি কৰে। এইবোৰ খেতিৰ উৎপনেৰেই ধনপুৰ বৰ চহকী। গাওঁখনৰ ভিতৰত তেওঁৰ ওচৰত হাত নপতা মানুহ নাই। কিন্তু তেওঁ হলে কূটা এগছৰ নিমিত্তেও কাৰো ওচৰত হাত নাপাতিছিল। ই কেৱল তেওঁৰ পৰিশ্ৰমৰ ফল।
ধনপুৰ বুঢ়া হল। তেওঁৰ মৰণ ওচৰ চাপিল। পিচে, এনে সময়ত তেওঁ এদিন পুতেকহঁতক চপাই লৈ এই দৰে উপদেশ দিলে;–“বোপাহঁত! মোৰ ঘৰ-বাৰী, খেতি-পথাৰ আৰু খাত- পামৰ বলতে মই চহকী বোলাই খালোঁ। মোৰ দিন গল। এতিয়া সেই সম্পত্তি মই তোমালোকক গতালোঁ। তোমালোকে যেন তাৰ উৎপন্ মোত্কৈও বঢ়াবাঁ। আৰু, চাবাঁ যাতে সেই সম্পত্তি আনৰ হাতলৈ নাযায়। কিয়নো, সেই খেতি-সম্পত্তিত বাজে মই যি ধন-সম্পত্তি আৰ্জিছিলোঁ সি মোৰ বাৰী, পথাৰ, খাত আৰু পামৰ মাটিৰ এমুঠনৰ তলতে আছে।”
এই উপদেশ দি ধনপুৰ ঢুকাল। পুতেকহঁতে ভাবিলে যে, বাপেকে ওপৰত কোৱা কোনো এঠাইত বহুত ধন-বস্তু পুতি থৈ গৈছে। এই ভাবি সিহঁতে গোটেই বাৰী, পথাৰ, [ ৪২ ] খাত আৰু পামৰ মাটি এমুঠনলৈকে কোৰ মাৰি চহাই পেলালে। এই দৰে মাটি চহাই হাতে-হাতে ধন-বস্তু সিহঁতে কতো বিচাৰি নাপালে। কিন্তু, তাৰপৰা এই ফল ধৰিলে যে, এমুঠনকৈ কুৰি চহোৱা মাটিত সিহঁতৰ খেতি নদন-বদন হৈ উঠিল। আৰু, সেই খেতিৰ উৎপন্ বেছি সিহঁতে বহুত ধন-বস্তু আৰ্জি ললে। তাৰ পাচত, বাপেকত্কৈও চহকী বোলাই সিহঁত এঘৰ বৰ টনকিয়া মানুহ হৈ উঠিল।
⸺:✱:⸺
বেঞ্জামিন্ ফ্ৰেঙ্কলিন্।
⸺:✱:⸺
বেঞ্জামিন ফ্ৰেঙ্কলিন্ এজন নিচেই সামান্য আৰু দুখীয়া মানুহৰ লৰা। তেওঁৰ ঘৰ উত্তৰ আমেৰিকাৰ বোষ্টন নগৰত। বাপেক দুখীয়া কাৰণেই বেঞ্জামিন্ ফ্ৰেঙ্কলিনে নিচেই কোমল বয়সতে পঢ়াশালি এৰি এখন ছপাখানাৰ কামত সোমায়। তাত পোনতে তেওঁ নিচেই অলপ মাথোন বানচ্ পাইছিল। [ ৪৩ ] সেই বানচেৰে কথমপি এটা মানুহ পোহ যাব পাৰে মাথোন। কিন্তু, বেঞ্জামিনে তাৰেই নিজে খাই-বৈ বাপেককো সহায় কৰিছিল, আৰু দুই-চাৰি পইচা দিনে ৰাহি কৰি তাৰে সৈতে কিতাপ কিনি পঢ়িছিল।
বেঞ্জামিন্ বৰ পৰিশ্ৰমী লৰা আছিল। তেওঁ ছাপাখানাৰ কাম অলপ শিকি উঠি দুগুণকৈ শ্ৰম কৰিবলৈ ধৰিলে। আৰু, তেওঁ তাৰ বাবে দুগুণকৈ বানচ্ পোৱা হল। গতিকে, তেওঁ আগতকৈ বেচি ৰাহি কৰিব পৰা হল। এইদৰে ৰাহি কৰা ধনেৰে তেওঁ কিতাপ-পুথি কিনি লিখা-পঢ়াত বেচিকৈ মন দিবলৈ ধৰিলে। ছপাখানাৰ খাটনি বৰ বেচি। তাতে আকৌ তেওঁ দুগুণ খাটিব লাগে। গতিকে, তেওঁৰ আজৰি নিচেই কম্। তথাপি, বেঞ্জামিনে তাৰ ভিতৰতে সময় উলিয়াই লিখা-পঢ়া কৰে। তেওঁ এই নিয়মে অলপ দিনৰ ভিতৰতে লিখা-পঢ়া ভালকৈ শিকি জ্ঞানী হৈ উঠিল।
বেঞ্জামিনৰ বুদ্ধি বৰ চোকা আছিল। তেওঁ বেচি শ্ৰম কৰাৰ গুণত সেই বুদ্ধি আৰু চোকা হৈ আহিল। গতিকে, অলপ সময়ৰ ভিতৰতে তেওঁ লিখা-পঢ়াত আৰু কাম-কাজত এজন পৈণত লোক হৈ উঠিল। তেওঁৰ ওপৰত সকলোৰে চকু পৰিবলৈ ধৰিলে। সকলোৱে তেওঁৰ গুণ লোৱা হল। আৰু, সেই গুণৰ বলতে তেওঁ দোপত্দোপে উঠি আহিল।
ছপাখানাৰ কামত আৰু লিখা-পঢ়াত তেওঁ ইমান পৈণত হৈ উঠিল যে, পাচত তেওঁ নিজে এখন বাতৰিকাকত চলাব পৰা হল। [ ৪৪ ] সেই কাকত তেওঁ এনে ভালকৈ চলাইছিল যে, অলপ দিনৰ ভিতৰতে তাৰ বহুত গ্ৰাহক হল, আৰু তাৰপৰা তেওঁৰ বহুত লাভ হবলৈ ধৰিলে। সেই লাভৰে সৈতে তেওঁ সেই সময়তে এটি ভাল পুঁজি কৰি ললে, আৰু তাৰ বলতে তেওঁ “দুখীয়া ৰিচাৰ্ডৰ পাঁজি” নামে বছৰি এখন পাঁজি-পুথি প্ৰচাৰ কৰিবলৈ ধৰিলে। এই পাঁজিত অনেক উপদেশ আৰু সাৰুৱা নীতিকথা থকাৰ বাবে ইয়াকো সকলোৱে আদৰ কৰা হল। ইয়াৰপৰাও তেওঁৰ আৰ্জোন বাঢ়িবলৈ ধৰিলে। এইদৰেই বেঞ্জামিন্ সোনকালে এজন বৰ ধনী আৰু মানী লোক হৈ উঠিল।
বেঞ্জামিনৰ যশস্যা, চাৰিওফালে ৰৈ-বৈ যাবলৈ ধৰিলে। আন কি, ৰজাঘৰৰপৰাও তেওঁৰ যশস্যা লোৱা হল। আৰু, সেই যশস্যাৰ গুণতে তেওঁ ফিলাডেলফিয়া প্ৰদেশৰ মন্ত্ৰীসভাত এজন ডাঙ্গৰ বিষয়া হলগৈ। কিন্তু, সেই বুলি তেওঁ ৰাইজৰ উপকাৰ চিন্তিবলৈ পাহৰা নাছিল। ৰজাঘৰীয়া বিষয়া হোৱাৰ পাচত, তেওঁ এখন ডাঙ্গৰ সাহিত্য-সভা পাতিছিল। ঠায়ে ঠায়ে তেওঁ ওখ খাপৰ পঢ়াশালি পাতি দিছিল। আৰু, ঘৰত জুই লাগি ক্ষতি কৰিলে তাৰপৰা মানুহক ৰক্ষা কৰিবলৈ তেওঁ এখন সভা স্থাপন কৰিছিল। ইয়াত বাজেও, তেওঁ ভালেমান সজকৰ্ম্ম কৰি প্ৰখ্যাত হৈছিল।
বেঞ্জামিন্ যিমানেই ধনী হৈছিল, সিমানেই তেওঁ নিয়মীয়া হৈছিল; তেওঁ যিমানেই মানী হৈছিল, সিমানেই নম্ৰ হৈছিল; আৰু তেওঁৰ যিমান জ্ঞান বাঢ়িছিল, সিমান তেওঁ শ্ৰম কৰিবলৈ [ ৪৫ ] ধৰিছিল। ধনী হৈছিল বুলি, তেওঁ নিজে কৰিব পৰা কামটো আনক ধন দি কৰাই নলৈছিল। কোনো বস্তু তেওঁ নিজে ভাৰ বৈ আনিবলৈকো লাজ নকৰিছিল। শ্ৰম কৰিবলৈ পালে তেওঁ সুখহে পাইছিল, আৰু বহি থাকিব লগা হলে আমনি পাইছিল। “আনে আমাক এলেহুৱা দেখিলে আমি লাজ পাওঁ; সেইদৰেই নিজে নিজক এলেহুৱা দেখিলেও লাজ পাব লাগে।” এই ফাঁকি বেঞ্জামিন্ ফ্ৰেঙ্কলিনৰ বৰ সাৰুৱা উপদেশ।
⸻
জ্ঞানী ৰিচাৰ্ডৰ উপদেশ।
⸺:○:⸺
[ ৪৬ ] পৰিশ্ৰমে কাম লঘু কৰে। শোৱা, খোৱা আৰু ফুৰাত নিয়মীয়া হবাঁ। তাত বেচি সময় নিয়ালে শ্ৰম কৰিবলৈ সময়ৰ নাটনি পৰে। যি শুই উঠাত পলম, সি কামতো লেহেম। তেনেকুৱা মানুহে ৰাতিলৈকে শ্ৰম কৰিও কাম সামৰিবগৈ নোৱাৰে। এলেহুৱা মানুহে কামত বেগাই আগবাঢ়িব নোৱাৰে; গতিকে তাক সোনকালে আকালে লগ ধৰেগৈ। সোনকালে শোৱা আৰু সোনকালে উঠা এই দুটা সজ নিয়মে মানুহক নিৰোগী আৰু চহকী কৰে।
এলেহুৱাই যেতিয়া শুবলৈ ধৰে, তেতিয়া তুমি ৰুবলৈ ধৰিবাঁ। তেনেহলে তুমি খাবলৈ আৰু বেছিবলৈ জোখাৰে ধান পাবাঁ। আজিৰ কাম আজিয়েই কৰিবাঁ, কাইলৈ বা তাত কি বিঘিনি ঘটে তাক তুমি নাজানাঁ। আৰু পেলাই থোৱা কামলৈ মানুহৰ এলাহ হয়। তেতিয়া লঘু কামো গধূৰ যেন লাগে।
ঘহোঁতে ঘহোঁতে শিলো খয় যায়। ঘপিয়াই থাকিলে বৰ গছকো পেলাব পাৰি। অকণমান নিগনি এটিয়েও কুটি কুটি ডাঙ্গৰ ৰচা ছিঙ্গিব পাৰে। এইবোৰ কথা মনত লৈ তুমি কামত ধৰিবাঁ। তেনেহলে কোনো কামেই তোমাৰ মানত টান যেন নালাগিব।
শ্ৰম কৰাৰ লগে লগে নিয়মীয়াকৈ জিৰণিও লব লাগে। তেহে গা আৰু মন ভালে থাকে। কিন্তু, জিৰণি লবলৈ হলে সময়ৰ সজ ব্যৱহাৰ কৰিব লাগে। জিৰণি লওঁতে [ ৪৭ ] পাঁচ মিনিটৰ ঠাইত দহ মিনিট্ নকৰিবা। তেহে শ্ৰম কৰিবলৈ চল পাবাঁ।
⸻
ঘড়ী
টিক্ টিক্ টিক্, ক্ষণে কয় ঠিক্,
সময় গইছে উৰি;
মিনিট্ বাগৰে, ঘণ্টা পাৰ কৰে,
দিন যায় নাহে ঘূৰি।
নিতে বই যায়, আদি অন্ত নাই,
নিছিগে সময়-ধাৰ;
ভগন অশেষ, নাহে ঘুৰি লেশ,
— কৰ্ম্মফল লাভ তাৰ।
মানুহ জীৱন, সময় মাথোন,
নিমিষে হইছে ক্ষয়;
নাহে যোৱা কাল, পায় পৰকাল,
ঘড়ীৰে স্বৰূপ কয়।
দেখিছাঁ সময়, ক্ষন্তেক নৰয়,
নোৱাৰি ৰাখিব ধৰি;
ধন-ৰত্ন-সোণ, দিয়াঁ দোনে-দোন,
নোপোৱাঁ ক্ষন্তেক ঘুৰি।
এনে সময়েৰে, পৰম ঈশ্বৰে,
গঢ়িছে জীৱন এই;
ডাঁৰ, পল, ক্ষণ, লাখ লাখ ধন,
মানিবাঁ ধুৰুপকই।
এতেকতে হেৰা, সোণামুৱা লৰা,
ঘড়ীক আদৰ্শ মানি,
হাতে-কামে-লগা, কাজুৱা বোলাবাঁ,
কামৰে জীৱন জানি।
⸺:○:⸺
৫। আধ্যা।
⸺:○:⸺
নেৰানেপেৰা শ্ৰম আৰু নিজ শক্তিৰ
ওপৰত নিৰ্ভৰ।
প্ৰথম চেষ্টাতে সকলো কাম সিদ্ধ নহবও পাৰে। সেই কাৰণে, এবাৰত সিদ্ধ নহলে ঘুৰাই ঘুৰাই শ্ৰম কৰিব লাগে। এনে শ্ৰমেৰে সিদ্ধ কৰিব নোৱাৰা কাম নাই। বৰঞ্চ, এবাৰৰ শ্ৰমত সিদ্ধ হোৱাত্কৈ ঘুৰি ঘুৰি কৰা শ্ৰমত কাম বেচি নিয়াৰিকৈ হে সিদ্ধ হয়। এনে সিদ্ধিত ঘুণ নাথাকে। কিয়নো, এটা কাম ঘুৰাই ঘুৰাই কৰোঁতে তাৰ আসোঁৱাহবোৰ ভালকৈ চকুত পৰে, আৰু সেইবোৰ আগধৰি গুচাই লোৱা হয়। গতিকে, পাচত তাৰপৰা অপকাৰ হোৱাৰ ভয় নাথাকে। আৰু, ঘুৰাই ঘুৰাই চাওঁতে যেই-সেই বিষয় মনত দকৈ বহি যায়।
পঢ়াশলীয়া ছাত্ৰৰ পক্ষে ঘুৰাই ঘুৰাই কৰা শ্ৰম বৰ লাগতিয়াল। এই শ্ৰম নহলে ছাত্ৰৰ লিখা-পঢ়া কাৰ্য্য কেতিয়াও [ ৫০ ] ভালকৈ লাভ নহয়। কোনো এটা অঙ্কৰ ফল একেবাৰতে শুদ্ধ হৈ নোলাব পাৰে; কিন্তু তাক ঘুৰাই ঘুৰাই কৰিলে তাৰ শুদ্ধ ফল নোলোৱাকৈ নাথাকে। বৰঞ্চ, যিবোৰ আসোঁৱাহৰ বাবে প্ৰথমবাৰত অঙ্কটো শুদ্ধ নহৈছিল, পাচৰবাৰত সেইবোৰ আসোঁৱাহ ধৰা পৰিব। আৰু, আগলৈ তেনে আসোঁৱাহ লগাৰ সম্ভাৱনা নথকা হব। লিখা-পঢ়াৰ দৰেই আন-আন বিষয়তো সেই কথা খাটে। মানুহৰ সকলো কামতে এই একে নিয়ম খাটিব। এতেকে, কোনো এটা কাম এবাৰত সাধিব নোৱাৰিলে তাক এৰি পেলাব নালাগে। বৰঞ্চ, তাক সাধিবলৈ ঘুৰাই ঘুৰাই শ্ৰম কৰিব হে লাগে। “এইটো কাম কৰি হে এৰিম” এইদৰে মন বান্ধি লৈ কামত ধৰিব লাগে। তুমি এই কথা সদায় মনত ৰাখিবাঁ।
নেৰানেপেৰা শ্ৰমে মানুহক নিজৰ শক্তিৰ ওপৰত ভিৰ দিয়ায়; আৰু নিজৰ শক্তিৰ ওপৰত ভিৰ দি নৰলে সেই শ্ৰম কৰাই নহয়। সেই কাৰণে, এই দুটা গুণ পাক লাগি এটা হৈছে। ছাত্ৰৰ নিমিত্তে এই গুণ বৰ লাগতিয়াল। কিয়নো, এই গুণে ছাত্ৰৰ বুদ্ধি চোকা কৰে। এই গুণ নাথাকিলে পঢ়াশালিত ছাত্ৰই উদ্গতি কৰিব নোৱাৰে। কিয়নো, পৰৰ ওপৰত নিৰ্ভৰ কৰিলে নিজৰ বুদ্ধি ভোটা হয়। অঙ্ক কৰোঁতে পৰৰ ফলিলৈ চকু দিলে নিজৰ বুদ্ধি হেৰায়। সেই দৰে আন আন বিষয়তো পৰৰ ওপৰত নিৰ্ভৰ কৰিলে নিজৰ বুদ্ধি লোপ হয়। সেই কাৰণে, বুচোকা বুদ্ধিৰ লৰাই আৰু ধিয়ক মানুহে সকলো বিষয়তে [ ৫১ ] ঘাইকৈ নিজৰ শক্তিৰ ওপৰত হে নিৰ্ভৰ কৰে। পৰৰ শক্তিৰে সৈতে পৃথিবীত কোনো ডাঙ্গৰ মানুহ হব পৰা নাই। তুমি এই কথা কেতিয়াও নাপাহৰিবাঁ।
পৰৰ ওপৰত ভাৰসা ৰাখিলে কোনো কাম নিয়াৰিকৈ সিদ্ধ নহয়। বৰঞ্চ, তাৰপৰা সেই কাম সমূলি অসিদ্ধ হবৰ হে আশঙ্কা থাকে। সেই কাৰণে, নিজৰ চেষ্টা এবাৰ বা দুবাৰলৈ বিফল হলেও, সেই চেষ্টাত ঘুৰি ঘুৰি ধৰিব হে লাগে; পৰৰ ওপৰত ভাৰসা ৰাখি তাক কেতিয়াও এৰিব নালাগে। এই কথা তুমি ধুৰুপ্কৈ মানিবাঁ।
⸻
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ।
বঙ্গদেশৰ হুগলী জিলাৰ বীৰসিংহ গাৱঁত ঠাকুৰদাস শৰ্ম্মা নামেৰে এজন দুখীয়া বামুণ আছিল। তেওঁৰে পুত্ৰ ঈশ্বৰচন্দ্ৰ শৰ্ম্মা। ১৭৪২ শকৰ ১২ আহিনত মঙ্গলবাৰে ঈশ্বৰচন্দ্ৰৰ জন্ম হয়।
পিতাক নিচেই দুখীয়া আছিল। সেই কাৰণে, ঈশ্বৰচন্দ্ৰ সৰুৰেপৰা বৰ দুখত উঠিব লগা হৈছিল। তেওঁ অতি কষ্টেৰে হে গাৱঁলীয়া পঢ়াশালিৰ শিক্ষা সাঙ্গ কৰিব পাৰিছিল। ১৮২৯ খ্ৰীষ্টাব্দত কলিকতাৰ সংস্কৃত কলেজত ভৰ্ত্তি হওঁতে ঈশ্বৰচন্দ্ৰই [ ৫২ ]ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ।
পৰৰ ঘৰত ভাত ৰান্ধনি হৈ হে পঢ়িছিল। কিন্তু, ঈশ্বৰচন্দ্ৰৰ বুদ্ধি বৰ চোকা। পঢ়াত তেওঁ একাণপতীয়াকৈ ধৰে। টান পাঠবিলাক তেওঁ আপোন চেষ্টাৰে বুজি লবলৈ শ্ৰম কৰে। আৰু, পাৰ্য্যমানে তেওঁ শিক্ষাত আনৰ সহায়লৈ বাট নাচায়। এইবোৰ গুণতে ঈশ্বৰচন্দ্ৰই সংস্কৃত শিক্ষাত সোনকালে উন্নতি কৰিবলৈ ধৰিলে। আৰু, দহ বছৰৰ ভিতৰতে ১৮৩৯ খ্ৰীঃ চনত তেওঁ স্মৃতি মহলাত উঠি শলাগ-কাকত বা ‘চাৰ্টিফিকেট' পায়। তাৰ দুবছৰৰ পাচত, ১৮৪১ খ্ৰীঃ চনত ঈশ্বৰচন্দ্ৰই বিদ্যাসাগৰ উপাধি লাভ কৰে।
সংস্কৃত কলেজৰ শিক্ষা সাঙ্গ কৰি ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ৫০৲ টকা দৰ্ম্মহাত ফোৰ্ট উইলিয়ম কলেজৰ ঘাই পণ্ডিত হয়। সেই সময়ত তেওঁৰ পিতৃ-মাতৃৰ নিতান্ত দুৰৱস্থা। গতিকে, সিবিলাকক পোহ-পাল কৰাৰ ভাৰো ঈশ্বৰচন্দ্ৰৰ ওপৰতে পৰিল। তেওঁ ৫০৲ টকা দৰ্ম্মহাৰেই কলিকতা আৰু হুগলীত দুখন ঘৰ চলাব লগাত পৰিল। ইমান অলপীয়া দৰ্ম্মহাৰ ধনেৰে এনে দুখন ঘৰ চালোৱা বৰ টান কথা। কিন্তু, ঈশ্বৰচন্দ্ৰই সেই ধনেৰেই দুয়োখন ঘৰ পৰিপাটিকৈ চলাইছিল। আৰু তেওঁ কাচিতো সেই বাবে কাৰো ওচৰত হাত নাপাতিছিল, কাৰো ওপৰত ভাৰসা নাৰাখিছিল; আপোন শক্তিৰ ওপৰতে তেওঁ সম্পূৰ্ণে নিৰ্ভৰ কৰিছিল। দৰ্ম্মহাৰ ধনেৰে তৰিব নোৱাৰি বিদ্যাসাগৰে “বৰ্ণপৰিচয়,” “বোধোদয়,” “আখ্যান মঞ্জৰী,” এইবোৰ কিতাপ লিখিবলৈ ধৰিলে; আৰু তাৰ উৎপনেৰে তেওঁ সংসাৰ ভালকৈ চলাব পৰা হল।[ ৫৪ ] ১৮৫০ খ্ৰীঃ চনত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ৯০৲ টকা দৰ্ম্মহাত সংস্কৃত কলেজৰ সাহিত্যৰ অধ্যাপক নিযুক্ত হয়। সেই পদত মাহচেৰেক মাথোন সুখ্যাতিৰে সৈতে কাম কৰাৰ পাচত, তেওঁ ১৫০৲ টকা দৰ্ম্মহাত সেই কলেজৰে অধ্যক্ষৰ পদলৈ উঠে। সেই সময়তে তেওঁ “উপক্ৰমণিকা,” “ঋজুপাঠ, ” “শকুন্তলা,” “সীতাৰ বনবাস,” “ব্যাকৰণ কৌমুদী” এইবিলাক কিতাপ লিখি প্ৰচাৰ কৰে।
খ্ৰীঃ ১৮৫৫ চনত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ৫০০৲ টকা দৰ্ম্মহাত বৰ্দ্ধমান, মেদিনীপুৰ, হুগলী আৰু নদীয়া এই চাৰিখন জিলাৰ পঢ়াশালিৰ পৰিদৰ্শক পদত নিযুক্ত হয়। এই পদত তেওঁ বৰ সুখ্যাতিৰে সৈতে কাম চলাইছিল। ইয়াৰ গুণতে চৰ্কাৰৰ ঘৰত তেওঁৰ মান বৰকৈ বাঢ়িবলৈ ধৰিলে। কিন্তু, তেওঁৰ আপোন শক্তিৰ ওপৰত ইমান বিশ্বাস আছিল যে, নিজৰ সম্মানত আঘাত লগা এফেৰিমান কথাত লাগি তেওঁ ইমান ডাঙ্গৰ কামটো ততালিকে এৰি পেলালে। পাচত, বঙ্গদেশৰ দুৱলীয়া লাট বীডন চাহাব বাহাদুৰে তেওঁক সেই কাম আকৌ লবলৈ কোৱাত, বিদ্যাসাগৰে দুৱলীয়া লাট চাহাবক নম্ৰভাৱে এই বুলি উত্তৰ দিলে, “মই পৰৰ অনুগ্ৰহত্কৈ আপোন শক্তিত বেচি বিশ্বাস ৰাখোঁ। এতেকে, চাকৰিত আৰু নিৰ্ভৰ নকৰোঁ।” বিদ্যাসাগৰে সঁচাকৈয়ে তেতিয়াৰপৰা আৰু চাকৰি নকৰিলে। আৰু, আপোন যত্নৰ বলত পাচলৈ তেওঁ মাহে চাৰি-পাঁচ হাজাৰকৈ ধন ঘটিবলৈ ধৰিলে।[ ৫৫ ] বিদ্যাসাগৰ দয়াৰ সাগৰ যেন আছিল। তেওঁৰ দয়াৰ সীমা নাই। কিমান দুখীয়া মানুহক কিমান দান কৰিলে, কিমান নিৰাশ্ৰয়ক আশ্ৰয় দিলে, কিমান উপায়হীনক উপায় দিলে, কিমানক আপদৰপৰা তাৰিলে, কিমানক নিজৰ খৰচেৰে পঢ়াই-শুনাই মানুহ কৰিলে তাৰ লেখ নাই। বিদ্যাসাগৰৰ অন্তৰে কান্দিবলৈ ধৰে, আৰু আনন্দত তেওঁৰ হিয়া নাচি উঠে! এনে মহৎ গুণ কেইজনৰ আছে? একেজনতে অতবিলাক সজ গুণ থকা পুৰুষ কিমান আছে? বিদ্যাসাগৰ স্বৰূপতে এজন মহাপুৰুষ। আপোনাৰ শক্তিৰে সৈতে আপুনি মানুহ হোৱাৰ তেওঁ এটি জিলিকি থকা পটন্তৰ। ইয়াত বাজেও, পৃথিবীত অনেক সজকৰ্ম্মৰ চিন্ ৰাখি, খ্ৰীঃ ১৮৯১ চনৰ জুলাই মাহত মঙ্গলবাৰে দুপৰ নিশা ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ স্বৰ্গী হল। এতিয়া ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ পৃথিবীত নাই, কিন্তু তেওঁৰ নাম ৰৈ-বৈ আছে। বিদ্যাসাগৰৰ আৰ্হি লৈ অনেক সজ লৰা ডাঙ্গৰ মানুহ হব লাগিছে। তুমিও তেওঁক আহি লৈ ডাঙ্গৰ মানুহ হবলৈ চাবাঁ।
⸻
আহাঁ আৰু যোৱাঁ।
ইংলণ্ডৰ চৰে নামে চহৰত এজন ভালমানুহ আছিল। তেওঁ বছেৰেকত ২০০০৲ মান টকা উৎপন্ কৰিব পৰা মাটিৰ গৰাকী। সেই মাটিত তেওঁ মানুহ লগাই খেতি কৰায়। কিন্তু, তাৰপৰা [ ৫৬ ] তেওঁ ১০০০৲ মান টকাও নাপায়। পাচত, সেই উৎপনেৰে তৰিব নোৱাৰি তেওঁ ধৰুৱা হলগৈ। আৰু, সবশেহত সেই মাটিৰ আধাখিনি তেওঁ এজন খেতিয়কৰ ঘৰত ২৯ বছৰলৈ বন্ধক দি সুদ্ ভৰিব লগাত পৰিল।
তাৰ পাচত, খেতিয়কজনে বন্ধকী মাটিত নিজে আগত থাকি মানুহ লগাই খেতি কৰাবলৈ ধৰিলে। মাটি বৰ সাৰুৱা আছিল। খেতিয়কে নিজে গা লগাই শ্ৰম কৰাৰ ফলত তাৰপৰা অতি অলপ সময়ৰ ভিতৰতে বহুত লাভ কৰিলে। আৰু, সেই লাভৰপৰাই খেতিয়কজন চহৰৰ ভিতৰত এজন চহকী মানুহ হৈ উঠিল। আন কি, বন্ধকীৰ সময় পাৰ নৌ হওঁতেই, তেওঁ মাটিৰ গৰাকীক ২৯ বছৰৰ বাবে পাব লগীয়া ধন সমুদায় উচল কৰি দিলে, আৰু বন্ধকী মাটি দুগুণ বেচত কিনিবলৈকো তেওঁ আগ বাঢ়িল।
খেতিয়কৰ এই কাৰ্য্য দেখি মাটিৰ গৰাকীয়ে আচৰিত মানিলে। পিচে, তেওঁ খেতিয়কক এই বুলি সুধিলে, “সময় উকলি নৌ যাওঁতেই বন্ধকীৰ ধন উচল কৰিবলৈ তুমি কৰ ধন পালাঁ? ধাৰ কৰিলা নে কি?”. খেতিয়কে উত্তৰ দিলে, “নহয় ডাঙ্গৰীয়া, ধাৰ কৰা নাই; খেতিৰ উৎপনেৰেই উচল কৰিছোঁ। আৰু, সেই উৎপনৰপৰাই মাটি কিনিবলৈকো ধন ৰখা হৈছে।” মাটিৰ গৰাকীয়ে বিস্ময় মানি সুধিলে, “ইয়াৰ নো অৰ্থ কি?” খেতিয়কে কলে, “ডাঙ্গৰীয়া, ইয়াৰ অৰ্থ ‘আহাঁ’ আৰু ‘যোৱাঁ’। অৰ্থাৎ, ‘আহাঁ’ মানে কাম কৰোঁগৈ আহা, ‘যোৱাঁ' মানে কাম কৰাঁগৈ যোৱাঁ। মই খেতি কৰাওঁতে আনক মাতি নি নিজে কামত লাগোঁগৈ। আপুনি [ ৫৭ ]শ্ৰীশ্ৰীগদাধৰ সিংহ মহাৰাজা।
খেতি কৰাওঁতে আনক কামলৈ পাচি নিজে ঘৰত বহি আছিল। মই আনৰ ওপৰত নিৰ্ভৰ নকৰোঁ, আপুনি কৰিছিল। সেইকাৰণে, খেতিৰপৰা মোৰ বহুত লাভ হৈছে; কিন্তু তাৰপৰা আপোনাৰ ধাৰ লাগিছিল।
⸻
ৰজা আৰু মকৰা।
কতনা প্ৰবন্ধে পাচে ৰজা গদাধৰে
নোৱাৰি পুৰাব আশা বহু যতনেৰে,
নীৰলে নিৰাশ মনে নিজান গুহাত,
প্ৰকাশি মনৰ খেদ কয় আপোনাত;—
“মিছা হল যত্ন মোৰ, অসাধ্য মানিলোঁ,
অযথা ভাবনা ভাবি সমুলি বুৰিলোঁ।
এৰিলোঁ ৰাজ্যৰ আশা, নকৰোঁ কামনা,
ইদৰে কতনা আৰু সহিম যাতনা!”
এনেতে মকৰা এটি ওপৰৰপৰা
পৰিল আগতে আহি হই আধামৰা;
দেখি তাৰ দুৰদশা ৰজাৰ মনত
উপজিল দয়া ভাব থাকি ওচৰত।
ভাবিলে ৰজাই, “দেহি, ইয়ো মোৰে দৰে
পাতিছিল আশা-জাল ওপৰে ওপৰে;
নোৱাৰি সাধিব কাম পৰিল তলত,
নোৱাৰে উধাব পুনু এই জনমত!”
কিন্তু সিটি ক্ষুদ্ৰ প্ৰাণী ক্ষন্তেক জিৰাই,
লভিলে হেৰোৱা বল, যুঁজিলে দুনাই;
এগছি সূতাতে দিলে সাহসৰ ভিৰ,
একেচিপে ধৰি তাতে উঠে মহাবীৰ!
বহু শ্ৰম কৰি যদি উঠে সি দুহাত
পিছলি বাগৰি পুনু পৰেহি ধৰাত।
ঘুৰি ঘুৰি উঠে আৰু ঘুৰি ঘুৰি পৰে,
তথাপিতো নেৰে আশা; যুঁজে একেদৰে।
এহাত উধায় যদি, আধাহাত খহে,
এবেগেত গতি কৰি ক্ষন্তেক নবহে।
এনে ভাৱে কতপৰে পাওঁ পাওঁ হই,
জালৰ কাষৰেপৰা পৰে মাটিলই!
ইবাৰ মানিলে স্থিৰ নিৰাশ ৰজাই,—
নকৰে যতন আৰু ক্ষুদ্ৰ মকৰাই।
কিন্তু চাই থাকোঁতেই একেটা উশাহে,
উধালে মকৰা পুনু দুগুণ উছাহে।
টোপাকাঁড় যেন হায়ঁ, উধালে ইবাৰ,
নিমিষে এৰাই দুখ, পালেগই পাৰ;
আপোন জালৰ পুনু আৰম্ভিলে কাম,
অসাধ্য সাধন কৰি লভিলে সুনাম।
দেখি তাকে গদাধৰে গৰজি উঠিলে,—
“ধন্য ইটি ক্ষুদ্ৰ জীৱে অসাধ্য সাধিলে;
মানুহ জনম ধৰি মই অভাজন,
মানিছোঁ নিষ্ফল মোৰ অতনা যতন!”
এনে ভাবি বুকু বান্ধি ৰজা গদাধৰ,
আপোন উদ্দেশ্য চিন্তি উঠিল পুনৰ;
দুঃসাধ্য সাধন কৰি নৰ জনমত,
মৰিও অমৰ হল এই মৰতত!
এতেকে নকবাঁ তুমি “নোৱাৰি কৰিব,
কৰিলে যতন জানাঁ, সকলো সিজিব;
পুনঃ পুনঃ যতনত সাৰ মানি লবাঁ,
মকৰাৰ কথা তুমি সুৱঁৰি চলিবাঁ।
⸻
৬। আধ্যা।
⸺:✷:⸺
স্বাস্থ্য।
শৰীৰৰ নিৰোগী অৱস্থাক স্বাস্থ্য বোলে। স্বাস্থ্য থাকিলে মানুহৰ গাত বল আৰু উৎসাহ থাকে। এই বল আৰু উৎসাহৰ গুণেৰে মানুহ ধনী, মানী, আৰু সুখীয়া হব পাৰে।
যাৰ স্বাস্থ্য নাই, তাৰ একোৱেই নাই! তাৰ গাত বল নাই, তাৰ অন্তৰত শান্তি নাই, তাৰ মনত উৎসাহ নাই। গতিকে ধন, মান, সুখ তাৰ একোৱেই নাই। তাৰ মন দুখেৰে ভৰা; তাৰ শৰীৰ এটা বলে নোৱাৰা শিলৰ নিচিনা। এতেকে, তুমি পাৰাঁমানে স্বাস্থ্য ৰাখিবলৈ যত্ন কৰিবাঁ। যি কাম কৰিলে স্বাস্থ্য ভাগি ৰোগ হয়, তেনে কাম তুমি কেতিয়াও নকৰিবাঁ।
স্বাস্থ্য ৰাখিবলৈ হলে তুমি ঘাইকৈ এই বিলাক কথা মনত ৰাখিবাঁ। যেনে, —তোমাৰ থকা ঘৰ শুকান আৰু ফৰকাল হব লাগে, তোমাৰ শোৱা খোঁটালীলৈ বতাহৰ চলাচল থাকিব লাগে; তুমি নিতৌ গা ধুই চাফ্-চিকণ হৈ থাকিবাঁ, তুমি সদায় নিকা কাপোৰ পিন্ধিবাঁ, তিতা বা সেমেকা কাপোৰ পিন্ধি সৰহ পৰ নাথাকিবাঁ, তুমি সদায় জোখাকৈ আহাৰ কৰিবাঁ; বাৰেমছল৷ দিয়া আঞ্জা পেটলৈ ভাল নহয়, তেনে আঞ্জা তুমি সৰহকৈ [ ৬২ ] নাখাবাঁ। একেলগে কেইবাবিধৰো বস্তু সানি খালে সি পেটত বিকাৰ কৰে, তুমি দুবিধতকৈ সৰহ বস্তু সানি নাখাবাঁ। পুৱা আৰু গধুলি তুমি সদায় নিয়মীয়াকৈ ফুৰিবাঁ; নিয়মীয়াকৈ তুমি ৰং-ধেমালিও কৰিবাঁ। ইয়াৰপৰা মানুহৰ গা আৰু মন মুকলি থাকে। দিনে-ৰাতিয়ে ২৪ ঘণ্টাৰ ভিতৰত ১২ ঘণ্টা কাম কৰিবাঁ, ৭ ঘণ্টা জিৰাবাঁ, ৫ ঘণ্টা ৰং-ধেমালি আৰু ফুৰা-চকাত নিয়াবাঁ। এই নিয়ম নাভাঙ্গিলে তোমাৰ স্বাস্থ্য ভাগিবৰ ভয় নাই। এই নিয়ম পালি চলিলে তোমাৰ ৰোগ-ব্যাধি হবলৈ নাপায়; আৰু সদায় তোমাৰ সুখতে দিন যাব।
⸻
জেকা ঘৰ।
ইংলণ্ডৰ পূব ফালৰ এখন চহৰত দুগৰাকী বায়েক-ভনীয়েক দুঘৰৰ ঘৈণী আছিল। বায়েকতকৈ ভনীয়েক চহকী; কিন্তু বায়েক শিক্ষিতা আৰু ভনীয়েক চহা বিধৰ তিৰোতা আছিল।
ভালেমান দিনৰপৰা ভনীয়েকৰ ঘৰত লৰা-ছোৱালী আৰু গৃহস্থৰ জ্বৰ-নৰিয়া। সেই বাবে তেওঁৰ মনত সুখ-শান্তি নাই। সদায় দুখৰ কথা লিখি তেওঁ বায়েকক আমনি কৰি থাকে। পিচে, বায়েক এদিন সেই কথাৰে ভনীয়েকৰ ঘৰত আলহী হলগৈ। আৰু, ভনীয়েকে পাৰেমানে নিজৰ দুৰ্ভাগ্যৰ কথা বায়েকক কবলৈ ধৰিলে।[ ৬৩ ] বায়েকে ভনীয়েকৰ আপদৰ বিষয় ভালকৈ গমি চাই বুজিলে যে, স্বাস্থ্যৰক্ষাৰ নিয়ম নৰখাই তাৰ ঘাই কাৰণ। সেই দেখি, তেওঁ ভনীয়েকক এইদৰে বুজাই কবলৈ ধৰিলে,—“আইটী! এইবিলাক তোমাৰ দুৰ্ভাগ্যৰ ফল নহয়; তুমি স্বাস্থ্যৰক্ষাৰ নিয়ম নৰখাৰ বাবে হে তোমাৰ এনে আপদ মিলিছে। চোৱাচোন, তোমালোকৰ থকা ঘৰটো কেনে জেকা, আৰু চাৰিওফালে জলাহ-জেলুকিয়নীয়ে বেৰি আছে! ঘৰৰ ভিতৰলৈ নিৰ্ম্মল বতাহ চলাচল হোৱাৰ দিহা নাই। বাহিৰত ফুৰিব-চাকিবলৈ সুবিধা নাই। তোমালোকে খোৱা পানী ও নিৰ্ম্মল নহয়। এইবিলাক কাৰণত হে তোমাৰ পৰিয়ালৰ জ্বৰ-নৰিয়া নুগুচা হৈছে। তোমালোক ইয়াৰপৰা ভাল ঠাইলৈ আঁতৰিলেই আপদ গুচিব।” কিন্তু, সেই সাৰুৱা উপদেশ ভনীয়েকে উপলুঙাকৈ উৰুৱাই দিলে; আৰু তেওঁ নিজৰ ভাগ্যক হে দুষিবলৈ ধৰিলে।
কিন্তু, বায়েকে আকৌ বৰকৈ টানি ধৰাত ভনীয়েক আন ভাল ঠাইলৈ উঠি যাবলৈ অগত্যা মান্তি হলগৈ। তাৰ পাচত, বায়েকে এডোখৰ ওখ, শুকান, ফৰকাল আৰু মুকলি ঠাইত ভনীয়েকক ওখ আৰু ডাঙ্গৰকৈ বহুল খিলিকি-দুৱাৰ লগা ঘৰ-দুৱাৰ কৰাই দিয়ালে। সেই ঘৰলৈ যোৱাৰপৰা দিনে দিনে ভনীয়েকৰ পৰিয়ালৰ স্বাস্থ্য ভাল হৈ আহিল, আৰু তেওঁৰ মনত সুখ-শান্তি বাঢ়ি আহিল। তাৰ পাচত, তেওঁ বায়েকৰ গুণ লৈ মহাসুখেৰে দিন নিয়াবলৈ ধৰিলে।
⸻
পানীলগা।
ৰত্নেশ্বৰ এজন থুলন্তৰ ডেকা। তেওঁৰ শৰীৰত কোনো ৰোগ নাই। গতিকে, সদায় তেওঁৰ গাত বল আৰু মনত উৎসাহ নুগুচে। ৰত্নেশ্বৰ দেখিবলৈকো বৰ শুৱনী। লিখা পঢ়াতো তেওঁ বৰ পৈণত। স্কুলৰপৰা ওলাই তেওঁ আঢ়ৈকুৰি টকীয়া দৰ্ম্মহাৰ এটা চৰ্কাৰী চাকৰিত সোমাইছিল। কাম-কাজত তেওঁৰ একান্ত মতি দেখি তেওঁৰ প্ৰতি ওপৰৱালাসকল বৰ সন্তুষ্ট হৈছিল, আৰু অলপ দিনৰ ভিতৰতে তেওঁৰ বহুত উন্নতিৰ আশা আছিল।
ৰত্নেশ্বৰ এদিন ৰাতি ভাওনা চাবলৈ গৈছিল। তেতিয়া পুহ মহীয়া জাৰ। ৰাতি বৰকৈ নীয়ৰ পৰে। শেহৰাতি তেওঁ ভাওনা চাই উলটি আহোঁতে তেওঁৰ কাণে-মূৰে বৰকৈ নীয়ৰ লাগিল। আৰু, পিচদিনা সেই বাবে তেওঁৰ গাত পানীলগা জ্বৰ উঠিল।
ৰত্নেশ্বৰে সেইদিনা বাহিৰলৈ নোলাই গাৰ অলপ সাৱধান লোৱা হলেই পানীলগা জ্বৰ তাৰ পিচদিনাই গুচিলহেঁতেন। কিন্তু চৰ্কাৰী কামলৈ তেওঁৰ বৰ ধাউতি। তেওঁ পানীলগা সামান্য ৰোগলৈ আওকাণ কৰি কামলৈ গল। আৰু, পিচদিনা তেওঁৰ ৰোগ আগতকৈ অলপ টান হল। ৰত্নেশ্বৰে সেই দিনা গাৰ ফালে চোৱা হলেও ভাল আছিল। কিন্তু তেওঁ তালৈ আওকাণ কৰি তাৰ পাচতো কেইবা দিনো একেৰাহে কাম কৰিলেগৈ। [ ৬৫ ] আৰু, তাৰ ভিতৰতে এদিন ৰাতি বাহিৰত ঘণ্টাচেৰেক চৰ্কাৰী কামত ফুৰিব লগাও হৈছিল।
ৰত্নেশ্বৰৰ আপোন দোষতে ৰোগ টান হৈ উঠিল। তেওঁৰ মাত ভাগিল, কফ্ বহি গল, আৰু ডিঙ্গি ফুলি উঠিল। ইমানতো তেওঁ কাম কৰি থকা দেখি, এদিন এজন ডাক্তৰে তেওঁক, বহুত বুজনি দিলে, আৰু ওপৰৱালাক কৈ তেওঁক ছুটী দিয়ালে। কিন্তু, ইমানতো ৰত্নেশ্বৰে অনিচ্ছাৰ ওপৰত হে ছুটী লৈ ঘৰলৈ আহিছিল।
ৰত্নেশ্বৰ ঘৰলৈ আহিল। ডাক্তৰে তেওঁৰ ৰোগ চাবলৈ ধৰিলে। কিন্তু, ৰোগৰ অৱস্থা ইমান বিষম হৈ উঠিল যে, দৰবজাতিয়ে একো গুণ দিব নোৱাৰা হল। দিনে দিনে ৰোগৰ লক্ষণ বেয়া হবলৈ ধৰিলে। অন্তত ডাক্তৰ হতাশ হৈ আঁতৰ হল। তাৰ পিচদিনা নিজৰ পৰিয়াল, মিতিৰ-কুটুম আৰু বন্ধু-বান্ধৱক কন্দুৱাই ৰত্নেশ্বৰ অকালতে ঢুকাল!
⸻
আৰ্জিলে ভূঞ্জিব লাগে।
ৰজাৰ উপৰি ৰজা, অসীম শকতি;
তথাপি মনত হাঁয়, শান্তি নাই কিয়?
কটাক্ষে জিনিব পাৰে অলেখ ভূপতি,
কিয় বা কাতৰ ভাৱে চকু কৰে থিয়?
হাততে সকলো আছে, ইচ্ছা মাথোঁ লাগে;
অৰুচি সবাতে কিন্তু, নাই কতো প্ৰীতি!
অনাথ দৰিদ্ৰ দৰে কিবা এটি মাগে,—
নাপাই তাকে হে যেন ভাব-বিৰকতি।
ইচ্ছাৰ সোঁতেৰে যাৰ নই বই যায়,
তাৰ যে অভাৱ কিবা, মনতে নধৰে!
বলেৰে গুচাব পাৰে শতেক অপায়;
ইনো কি অভাৱ, তেওঁ পূৰাব নোৱাৰে?—
আৰ্জিলে ভূঞ্জিব লাগে, নাই অন্যগতি,
ৰজা হৈ এই ৰীতি নোৱাৰে লঙ্ঘিব;—
বিলাসত স্বাস্থ্য ভঙ্গ কৰি নৰপতি
ভূঞ্জিছে নিকাৰ তাৰ, লাগিব ভূঞ্জিব।
⸻:○:⸻
৭। আধ্যা।
⸻:০:⸻
নীতিসাৰ।
১। তুমি মিতিৰ-কুটুমলৈ মৰমিয়াল হবাঁ।
২। পিতৃ-মাতৃ আৰু আন আন গুৰুজনক তুমি সততে ভক্তি আৰু মান কৰিবাঁ।
৩। সন্ত লোকে নিজৰ হানি হলেও আনৰে সৈতে কন্দল নাপাতে; কিন্তু মূৰ্খ মানুহে পৰত নাপালে ঘৰতে কন্দল পাতি লয়।
৪। নিজৰ গাত চিকোট্ মাৰি চালেই আনৰ দুখ বুজিব পাৰি; এতেকে, অবাবত কেতিয়াও ইতৰ জন্তুবোৰক দুখ নিদিবাঁ।
৫। ওপৰলৈ পানী ছটিয়ালে সি ঘুৰি গাতে পৰেহি; গতিকে ওপৰীয়াজনক বঢ়া-বচন বুলিলে আপুনি ঘাটি খাব লগা হয়।
৬। উদ্যোগী পুৰুষে লক্ষ্মীৰ কৃপা পায়; এলেহুৱা মানুহে মাথোন দৈৱক ধিয়ায়। এতেকে, নিজৰ শক্তিৰে নিজৰ কাৰ্য্য সিদ্ধি কৰি পুৰুষালি দেখুৱাব লাগে।
৭। যত্ন কৰিলে হে ৰত্ন পায়; বহি থকা মানুহে মুখৰ ভাতো আনক খুৱায়।[ ৬৮ ] ৮। এলাহে জীৱন চুটি কৰে, কিন্তু শ্ৰম কৰিলে মানুহ দীৰ্ঘজীবী হয়।
৯। গা ভালেই হে সকলো ভাল।
১০। কেতিয়াও মিছা নকবাঁ; ধেমালিতো মিছা কোৱা অযুগুত। মিছাৰ সমান শত্ৰু নাই; সঁচাৰ সমান মিত্ৰ নাই। সঁচাই পৃথিবীত কৰিব লগীয়া কাম উজু কৰে, আৰু স্বৰ্গলৈ বাট মুকলি কৰে।
১১। চুবুৰীয়াৰ অহিতে তুমি কেতিয়াও মিছা সাক্ষী নোলাবাঁ।
১২। কুমলীয়া এচাৰি যিফালে পোনোৱা যায় সেই ফালেই পোন হয়; কিন্তু বুঢ়া হলে পোনাওঁতেই সি ভাগি যায়। সেইদৰে কুমলীয়া বয়সেই হে মানুহৰ সজ বাট ধৰিবৰ সময়।
১৩। জীৱনৰ আগছোৱাত যি শান্ত, তাক হে শান্ত বুলিব লাগে;বয়সে জুৰুলা কৰিলে নো কোন্ শান্ত নহয়?
১৪। আৰ্জিলে ফল ভূঞ্জিবই লাগে; সেই কাৰণে পাপ আৰ্জিলে তাৰ নিকাৰ ভূঞ্জিব লাগে, আৰু পুণ্য আৰ্জিলে শান্তি লভিবলৈ পোৱা যায়।
⸻
আপোনপেটীয়া স্বভাৱ।
তুমি কেতিয়াও আপোনপেটীয়া নহবাঁ। বিলনীয়াৰ ভাগ আনতকৈ সৰহ হব নাপায়। কোনো এটা বস্তু লৈ খোৱা-কামোৰা লগোৱা ভাল নহয়। তেনে কৰিলে সি সমূলি হেৰায়।
মেকুৰী। বান্দৰ। শিয়াল।
( এটা সাধুকথা। )
এদিন এটা মেকুৰীয়ে পোৰা-পিঠা এট৷ আগত লৈ পিৰালিচুকত বহি খাবলৈ ধৰিছিল। এনেতে, হাঁহ বিচাৰি ফুৰা এটা শিয়ালে দেখা পালে। আৰু, পিঠাৰ ভাগ পাওঁ বুলি সি মেকুৰীৰ ওচৰ চাপিলহি। কিন্তু, শিয়ালক ভাগ দিবলৈ মেকুৰীৰ মন নাই; সি তালৈ পোন্দোৱাকৈ চাই মক্মকাই উঠিলে। শিয়ালো বৰ ধূৰ্ত্তং। সি মেকুৰীক ভয় খুৱাবলৈ খেক্খেকাই উঠিলে। এইদৰে পিঠাটো লৈ দুইৰো ভিতৰত খোৱা[ ৭০ ] কামোৰা লাগিল। আৰু, অন্তত দুয়ো ভগাই খাবলৈকে মান্তি হৈ বহিল। কিন্তু, মেকুৰীয়ে ভাগ বঁটালে শিয়ালৰ ভাগত তাকৰ হয়; আৰু শিয়ালে ভগালে সি মেকুৰীতকৈ সৰহকৈ লয়। গতিকে, দুইৰো ভিতৰত আকৌ কোঢ়াল লাগিল।
এনে সময়তে এটা বান্দৰ গছৰপৰা নামি আহি সিহঁতৰ কাষ চাপিল। মেকুৰী আৰু শিয়ালে সিহঁতৰ কোঢ়ালৰ বিষয়ে বান্দৰক গোচৰ দিলে। বান্দৰে দুইৰো ওজৰ শুনি কলে যে, তৰ্জ্জুৰে সৈতে জুখিলে হে ভাগ সমান হব; এতেকে তৰ্জ্জু বিচাৰি এখন দোকানলৈ যাব লাগে। ইয়াকে স্থিৰ কৰি তিনিও ওচৰৰ দোকানলৈ গল। দোকানী তেতিয়া বাহিৰলৈ গৈছিল। বান্দৰে সেই ছেগতে দোকানৰ তৰ্জ্জুখন আনি লৈ, পিঠাটো দুডোখৰ কৰি জুখিবলৈ ধৰিলে। মেকুৰী আৰু শিয়াল দুয়ো দুকাষে বহি একান্ত মনেৰে চাই থাকিল।
তৰ্জ্জুত যিফালে চৰা হয় বান্দৰে সেই ফালৰ পিঠা ডোখৰৰ কিছুমান খাই তাকৰ কৰি দিয়ে। কিন্তু খোৱা সৰহ হলে আকৌ ইফালে চৰা হয়। বান্দৰে আকৌ ইফালৰো কিছুমান খাই তাকৰ কৰে। ইফালে খালে আকৌ সিফালে চৰা হয়। এইদৰে বান্দৰে অলপ-অলপকৈ খাই যায়, মেকুৰী আৰু শিয়ালে মুখ টপালি চাই থাকে! পিচে, সেই দৰে ভাগ সমান কৰিবলৈ বুলি ইফালৰ আৰু [ ৭১ ] সিফালৰপৰা খাই নিওঁতে নিওঁতে পিঠা অন্তই পৰিল! আৰু শেহত বান্দৰ লৰ মাৰি গছত উঠিলগৈ!
বান্দৰে সেই দৰে ঠগিলে বুলি বুজিব পাৰি মেকুৰী মাওঁ-মাওঁকৈ উঠিল; আৰু তাকে দেখি শিয়ালেও খেক্খেকাই বান্দৰক গালি পাৰিবলৈ ধৰিলে। কিন্তু, সবশেহত সিহঁতে নিজৰ মূৰ্খালি বুজিব পাৰি দুয়ো লাজত জঁয় পৰিল! এনেতে, সিফালে দোকানীয়ে তৰ্জ্জু বিচাৰি খলক্ লগাবলৈ ধৰিলে।অৱশেষত তেওঁ দেখিলে যে, অলপ নিলগত তৰ্জ্জুখন মাজতে লৈ এটা মেকুৰী আৰু এটা শিয়াল বহি আছে। দোকানীয়ে ভাবিলে যে, তেওঁ আঁতৰ হওঁতেই সিহঁতে দোকানৰপৰা চেনি চুৰকৈ নি খালে। এই ভাবি, তেওঁ খেদা মাৰি গৈ তৰ্জ্জুখন তুলি লৈ তাৰ নালেৰেই মেকুৰী আৰু শিয়াল দুইকো ভালকৈ দুটা মাৰ শোধালে। দোকানীৰ মাৰত চেতন পাই মেকুৰীয়ে মাওঁ-মাওঁ আৰু শিয়ালে শাওঁ-শাওঁ কৰি অতি দুখেৰে দিহাদিহি তাৰপৰা পলাই লৰ মাৰিলে!
⸻
ৰাজভক্তি।
আহোমৰ ৰাজভোগ যেই উকলিলে,
“মান দিন” উত্পাত্ সেই আৰম্ভিলে।
পিতৃহীন পুত্ৰ যেন অসমীয়া প্ৰজা,
ৰাজ্যত অশান্তি, নাই শান্তিদাতা ৰজা।
অসহন অত্যাচাৰ — চেপা, খুন্দা, কিল;
নাক, কাণ, চকু কঢ়া কোঢ়াল উঠিল!
৺মহাৰাণী ভিক্টোৰীয়া।
এই হেন আপদত বৃটিচে উজাই,
উদ্ধাৰিলে অসমক বিপদ গুচাই।
“কুম্পানী-দিন” হল চৌপাশে প্ৰচাৰ,
“মহাৰাণী” নামে শান্তি প্ৰাণত প্ৰজাৰ।
আপদৰ ভয় গল, সম্পদ চাপিল,
'মহাৰাণী”-শৰণত অশান্তি খণ্ডিল।
ইহেন সম্পদ লভি ভক্ত অসমীয়া,
আপোন পাহৰা হল গদ্গদ্ হিয়া!
ভাৰত-ঈশ্বৰা পাচে মাতৃ “মহাৰাণী”
চলিলে স্বৰগ ধাম থই মহাজ্ঞানী—
৺মহাৰাজ সপ্তম এডোৱাৰ্ড।
বৰপুত্ৰ ধৰ্ম্মৰাজ এডোৱাৰ্ড মণি;
সপ্তম নামত তেওঁ হল অগ্ৰগণী।
মাতৃ-আৰ্হি অনুসৰি পালিলে প্ৰজাক,
শান্তি অৱতাৰ বুলি সুমৰিছোঁ যাক।
তেৱোঁ পাচে চলি গল স্বৰ্গধামলই,
সুযোগ্য পুত্ৰৰ হাতে ৰাজপাট থই।
মহাৰাজ পঞ্চম জৰ্জ্জ।
সিজনা পঞ্চম জৰ্জ্জ ৰাজ— ৰাজেশ্বৰ
পালিছে প্ৰজাক হই ভাৰত-ঈশ্বৰ।
অভিষেক পাতিলেহি কুৱঁৰী সঙ্গত,
উঠিলেহি ভাৰতৰ শিঙ্গৰি-ঘৰত।
বিলাতত বাস কৰে বৃটিচ্ কেশৰী,
তেওঁৰ শাসনে পায় পৃথিবীক জুৰি।
শান্তিৰ আধাৰ তেওঁ অতি দয়াময়,
ভক্তিৰ ভাজন তেওঁ অতি সদাশয়।
⸻
সোণালি নিয়ম।
থাকিলে তোমাৰ কৰিব লগীয়া কিবা,
থিৰ ভাৱে সাধি তাক জিৰণি লভিবাঁ।
কামত পাৰিবা মন ধেমালি ৰঙ্গেৰে;
পাৰিবা নিয়াব দিন হৰিষ অন্তৰে।
শুভকাৰ্য্য সোনকালে, অশুভ পলমে;
সাধিবৰ ৰীতি এই পালিবাঁ যতনে।
দুপৰীয়া খাই উঠি ক্ষন্তেক জিৰাবাঁ;
ৰাতিৰ ভোজন পাচে এপাক ফুৰিবাঁ।
ঘৰ-কথা বাজ হলে পৰে আশ পায়;
সাৱধান হবাঁ যাতে ভুলতো নোলায়।
⸻
নীতি-বচন।
সততে মুখত লবাঁ
ঈশ্বৰৰ নাম;
সুমৰি সুনাম সেই
লভিবাঁ বিশ্ৰাম।
পিতৃ-মাতৃ গুৰুলই
ভকতি ৰাখিবাঁ;
অবাবত কোনো জীৱ
বধ নকৰিবাঁ।
দুষ্ট ভাৱে কেতিয়াও
নকৰাঁ চলন;
আনৰ দেখিলে ভাল
নকৰাঁ হৰণ।
নোলাবাঁ মিছাই সাক্ষী,
ধনত মোহিত;
পৰৰ ঐশ্বৰ্য্য দেখি
এৰাঁ হিংসা-চিত।
⸻○⸻
যোজোনা।
যি কৰে পৰত,
তাৰ মিলে ঘৰত।
ধানটোপতি কণটো,
মানুহটোপতি মনটো।
আলচিলে নহয় সিদ্ধি,
বাটত আছে কণা-বিধি!
গাত নাই ছাল-বাকলি,
পানী পিয়ে তিনি টেকেলি!
এনেই মৰা ঋষিৰ শাপত,
তাতে দিয়া ধানৰ ভাপত!
দিনৰ পৰ্ব্বত, ৰাতিৰ জুই,
তাক নেখেদি থাকিবাঁ শুই।
⸻○⸻
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )