এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
নীতি-শিক্ষা
আপোনপেটীয়া স্বভাৱ।
তুমি কেতিয়াও আপোনপেটীয়া নহবাঁ। বিলনীয়াৰ ভাগ আনতকৈ সৰহ হব নাপায়। কোনো এটা বস্তু লৈ খোৱা-কামোৰা লগোৱা ভাল নহয়। তেনে কৰিলে সি সমূলি হেৰায়।
মেকুৰী। বান্দৰ। শিয়াল।
( এটা সাধুকথা। )
এদিন এটা মেকুৰীয়ে পোৰা-পিঠা এট৷ আগত লৈ পিৰালিচুকত বহি খাবলৈ ধৰিছিল। এনেতে, হাঁহ বিচাৰি ফুৰা এটা শিয়ালে দেখা পালে। আৰু, পিঠাৰ ভাগ পাওঁ বুলি সি মেকুৰীৰ ওচৰ চাপিলহি। কিন্তু, শিয়ালক ভাগ দিবলৈ মেকুৰীৰ মন নাই; সি তালৈ পোন্দোৱাকৈ চাই মক্মকাই উঠিলে। শিয়ালো বৰ ধূৰ্ত্তং। সি মেকুৰীক ভয় খুৱাবলৈ খেক্খেকাই উঠিলে। এইদৰে পিঠাটো লৈ দুইৰো ভিতৰত খোৱা-