পানীলগা।
ৰত্নেশ্বৰ এজন থুলন্তৰ ডেকা। তেওঁৰ শৰীৰত কোনো ৰোগ নাই। গতিকে, সদায় তেওঁৰ গাত বল আৰু মনত উৎসাহ নুগুচে। ৰত্নেশ্বৰ দেখিবলৈকো বৰ শুৱনী। লিখা পঢ়াতো তেওঁ বৰ পৈণত। স্কুলৰপৰা ওলাই তেওঁ আঢ়ৈকুৰি টকীয়া দৰ্ম্মহাৰ এটা চৰ্কাৰী চাকৰিত সোমাইছিল। কাম-কাজত তেওঁৰ একান্ত মতি দেখি তেওঁৰ প্ৰতি ওপৰৱালাসকল বৰ সন্তুষ্ট হৈছিল, আৰু অলপ দিনৰ ভিতৰতে তেওঁৰ বহুত উন্নতিৰ আশা আছিল।
ৰত্নেশ্বৰ এদিন ৰাতি ভাওনা চাবলৈ গৈছিল। তেতিয়া পুহ মহীয়া জাৰ। ৰাতি বৰকৈ নীয়ৰ পৰে। শেহৰাতি তেওঁ ভাওনা চাই উলটি আহোঁতে তেওঁৰ কাণে-মূৰে বৰকৈ নীয়ৰ লাগিল। আৰু, পিচদিনা সেই বাবে তেওঁৰ গাত পানীলগা জ্বৰ উঠিল।
ৰত্নেশ্বৰে সেইদিনা বাহিৰলৈ নোলাই গাৰ অলপ সাৱধান লোৱা হলেই পানীলগা জ্বৰ তাৰ পিচদিনাই গুচিলহেঁতেন। কিন্তু চৰ্কাৰী কামলৈ তেওঁৰ বৰ ধাউতি। তেওঁ পানীলগা সামান্য ৰোগলৈ আওকাণ কৰি কামলৈ গল। আৰু, পিচদিনা তেওঁৰ ৰোগ আগতকৈ অলপ টান হল। ৰত্নেশ্বৰে সেই দিনা গাৰ ফালে চোৱা হলেও ভাল আছিল। কিন্তু তেওঁ তালৈ আওকাণ কৰি তাৰ পাচতো কেইবা দিনো একেৰাহে কাম কৰিলেগৈ।