এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
নেৰানেপেৰা শ্ৰম আৰু নিজ শক্তিৰ ওপৰত নিৰ্ভৰ।
হাতে-কামে-লগা, কাজুৱা বোলাবাঁ,
কামৰে জীৱন জানি।
⸺:○:⸺
৫। আধ্যা।
⸺:○:⸺
নেৰানেপেৰা শ্ৰম আৰু নিজ শক্তিৰ
ওপৰত নিৰ্ভৰ।
প্ৰথম চেষ্টাতে সকলো কাম সিদ্ধ নহবও পাৰে। সেই কাৰণে, এবাৰত সিদ্ধ নহলে ঘুৰাই ঘুৰাই শ্ৰম কৰিব লাগে। এনে শ্ৰমেৰে সিদ্ধ কৰিব নোৱাৰা কাম নাই। বৰঞ্চ, এবাৰৰ শ্ৰমত সিদ্ধ হোৱাত্কৈ ঘুৰি ঘুৰি কৰা শ্ৰমত কাম বেচি নিয়াৰিকৈ হে সিদ্ধ হয়। এনে সিদ্ধিত ঘুণ নাথাকে। কিয়নো, এটা কাম ঘুৰাই ঘুৰাই কৰোঁতে তাৰ আসোঁৱাহবোৰ ভালকৈ চকুত পৰে, আৰু সেইবোৰ আগধৰি গুচাই লোৱা হয়। গতিকে, পাচত তাৰপৰা অপকাৰ হোৱাৰ ভয় নাথাকে। আৰু, ঘুৰাই ঘুৰাই চাওঁতে যেই-সেই বিষয় মনত দকৈ বহি যায়।
পঢ়াশলীয়া ছাত্ৰৰ পক্ষে ঘুৰাই ঘুৰাই কৰা শ্ৰম বৰ লাগতিয়াল। এই শ্ৰম নহলে ছাত্ৰৰ লিখা-পঢ়া কাৰ্য্য কেতিয়াও