এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
নীতি-শিক্ষা
বৰ খেদ কৰিবলৈ ধৰিলে। জমিদাৰৰ ভাৰ্য্যায়ো সেই বাবে বৰ শোক পালে। ঘৰত আহি তেওঁবিলাকে এই বুলি আক্ষেপ কৰিছিল, “হাঁয়, তেনেটি বিশ্বাসী লগুৱাই আমাৰ হৈ প্ৰাণ দিয়াত্কৈ একেলগে আমাৰ প্ৰাণ যোৱাহেঁতেনেই ভাল আছিল!”
⸺:✱:⸻
প্ৰভুভক্ত ঢেকুৰা।
ঔচ্, বুলি মাতোঁতেই চাপেহি ওচৰ,
ধৰ্ বুলি লগালেই হয় বীৰবৰ;
চকুলই চাওঁতেই চুৰ্ত্তি হেৰুৱায়,
এফেৰি আদৰ পালে সাদৰী সোণাই!
নাখায়ো প্ৰভুৰ আজ্ঞা পালে প্ৰাণপণে,
নুশুয়ো প্ৰভুৰ কাম সাধে সযতনে;—
প্ৰভুভক্ত ঢেকুৰাৰ আচৰণ এনে,
মানুহ সন্তান হই পালে কেইজনে!