তেওঁ ১০০০৲ মান টকাও নাপায়। পাচত, সেই উৎপনেৰে তৰিব নোৱাৰি তেওঁ ধৰুৱা হলগৈ। আৰু, সবশেহত সেই মাটিৰ আধাখিনি তেওঁ এজন খেতিয়কৰ ঘৰত ২৯ বছৰলৈ বন্ধক দি সুদ্ ভৰিব লগাত পৰিল।
তাৰ পাচত, খেতিয়কজনে বন্ধকী মাটিত নিজে আগত থাকি মানুহ লগাই খেতি কৰাবলৈ ধৰিলে। মাটি বৰ সাৰুৱা আছিল। খেতিয়কে নিজে গা লগাই শ্ৰম কৰাৰ ফলত তাৰপৰা অতি অলপ সময়ৰ ভিতৰতে বহুত লাভ কৰিলে। আৰু, সেই লাভৰপৰাই খেতিয়কজন চহৰৰ ভিতৰত এজন চহকী মানুহ হৈ উঠিল। আন কি, বন্ধকীৰ সময় পাৰ নৌ হওঁতেই, তেওঁ মাটিৰ গৰাকীক ২৯ বছৰৰ বাবে পাব লগীয়া ধন সমুদায় উচল কৰি দিলে, আৰু বন্ধকী মাটি দুগুণ বেচত কিনিবলৈকো তেওঁ আগ বাঢ়িল।
খেতিয়কৰ এই কাৰ্য্য দেখি মাটিৰ গৰাকীয়ে আচৰিত মানিলে। পিচে, তেওঁ খেতিয়কক এই বুলি সুধিলে, “সময় উকলি নৌ যাওঁতেই বন্ধকীৰ ধন উচল কৰিবলৈ তুমি কৰ ধন পালাঁ? ধাৰ কৰিলা নে কি?”. খেতিয়কে উত্তৰ দিলে, “নহয় ডাঙ্গৰীয়া, ধাৰ কৰা নাই; খেতিৰ উৎপনেৰেই উচল কৰিছোঁ। আৰু, সেই উৎপনৰপৰাই মাটি কিনিবলৈকো ধন ৰখা হৈছে।” মাটিৰ গৰাকীয়ে বিস্ময় মানি সুধিলে, “ইয়াৰ নো অৰ্থ কি?” খেতিয়কে কলে, “ডাঙ্গৰীয়া, ইয়াৰ অৰ্থ ‘আহাঁ’ আৰু ‘যোৱাঁ’। অৰ্থাৎ, ‘আহাঁ’ মানে কাম কৰোঁগৈ আহা, ‘যোৱাঁ' মানে কাম কৰাঁগৈ যোৱাঁ। মই খেতি কৰাওঁতে আনক মাতি নি নিজে কামত লাগোঁগৈ। আপুনি