পৃষ্ঠা:নীতি-শিক্ষা.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভাতৃ-স্নেহ ৷


 নাৱত আহাৰ-পাতি নিচেই অলপ মাথোন লোৱা হৈছিল। সেই আহাৰ ২০ জন মানুহে এসাঁজকৈ খালেও দুদিনেই নিটিকে; ইফালে গোৱা নগৰ পাবলৈ আৰু পাঁচ দিনমান আছে। গতিকে, নাৱৰপৰা জনচেৰেক মানুহ আকৌ পানীত পেলাই দিব লগা হল। সেই অৰ্থে, সিবিলাকৰ ভিতৰত চিঠিখেলৰে সৈতে ভাগ্য পৰীক্ষা কৰাত, দহজন মানুহক আকৌ পানীত পেলাই দিয়াটো স্থিৰ হল; আৰু ৯ জনক সেই মতে পানীত পেলাই দিয়া গল।

 সবশেষত পেলাব লগীয়া শেহৰ জন মানুহৰ ভায়েক এটিও সেই নাৱতে আছিল। পিচে, ককায়েকে প্ৰাণ দিয়াটো নিজৰ প্ৰাণ দিয়াত্‌কৈও ভায়েকে টান পালে। গতিকে, ককায়েকক পানীত পেলাবলৈ ধৰোঁতেই ভায়েকে ততালিকে তেওঁক সাবটি ধৰি ৰাখিলে। তাৰ পাচত, ককায়েকৰ সলনি তেওঁ প্ৰাণ দিবলৈ আগ বাঢ়িল। কিন্তু, সেই কথাত আকৌ ককায়েক মান্তি নহয়। নিজৰ হৈ চেনেহৰ ভায়েকক তেওঁ প্ৰাণ দিবলৈ নিদিয়ে। এইদৰে অনিয়া-অনি নিছিগা হল। শেহত, আনবিলাকে বিচাৰ কৰি এই স্থিৰ কৰিলে যে, ভায়েকে প্ৰাণ দিয়াই উচিত; কিয়নো ককায়েকৰ অবিহনে তেওঁৰ লৰা-তিৰোতা আথানি হব।

 সেইমতে ভায়েকেই পানীত জাঁপ দিলে! কিন্তু, তেওঁ পানীত পৰিও আতুৰ ভাৱে সাঁতৰি আকৌ নাৱত ধৰিলেহি। পিচে, নাও বুৰাৰ ভয়ত ততালিকে তেওঁৰ সেই হাতখন কাটি পেলোৱা হল। বপুৰিয়ে আকৌ ইখন হাতেৰে নাৱত ধৰিলেহি; সেইখনো সেইদৰেই কাটি পেলোৱা গল। অৱশেষত তেওঁ