এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
জ্ঞানী ৰিচাৰ্ডৰ উপদেশ।
ধৰিছিল। ধনী হৈছিল বুলি, তেওঁ নিজে কৰিব পৰা কামটো আনক ধন দি কৰাই নলৈছিল। কোনো বস্তু তেওঁ নিজে ভাৰ বৈ আনিবলৈকো লাজ নকৰিছিল। শ্ৰম কৰিবলৈ পালে তেওঁ সুখহে পাইছিল, আৰু বহি থাকিব লগা হলে আমনি পাইছিল। “আনে আমাক এলেহুৱা দেখিলে আমি লাজ পাওঁ; সেইদৰেই নিজে নিজক এলেহুৱা দেখিলেও লাজ পাব লাগে।” এই ফাঁকি বেঞ্জামিন্ ফ্ৰেঙ্কলিনৰ বৰ সাৰুৱা উপদেশ।
⸻
জ্ঞানী ৰিচাৰ্ডৰ উপদেশ।
⸺:○:⸺
এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা ছাবিৰ নিচিনা। ব্যৱহাৰ নকৰা ছাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতে৷ সেইদৰে ৰোগে ধৰে। আন পাকে, ব্যৱহাৰ কৰা ছাবি যেনে চক্চকীয়া, শ্ৰম কৰা শৰীৰো তেনে ফট্ফটীয়া। তুমি যদি সৰহ দিন জীয়াই থাকিবলৈ মন কৰাঁ, তেন্তে বহি থাকি সময় নষ্ট নকৰিবাঁ। কিয়নো, তুমি জীয়াই থকা কালটোৱেই সময়ৰ মুঠ্; সেই সময় নষ্ট কৰিলে তুমি তোমাৰ জীৱন নষ্ট কৰাৰ সমান হব।