সেই কাকত তেওঁ এনে ভালকৈ চলাইছিল যে, অলপ দিনৰ ভিতৰতে তাৰ বহুত গ্ৰাহক হল, আৰু তাৰপৰা তেওঁৰ বহুত লাভ হবলৈ ধৰিলে। সেই লাভৰে সৈতে তেওঁ সেই সময়তে এটি ভাল পুঁজি কৰি ললে, আৰু তাৰ বলতে তেওঁ “দুখীয়া ৰিচাৰ্ডৰ পাঁজি” নামে বছৰি এখন পাঁজি-পুথি প্ৰচাৰ কৰিবলৈ ধৰিলে। এই পাঁজিত অনেক উপদেশ আৰু সাৰুৱা নীতিকথা থকাৰ বাবে ইয়াকো সকলোৱে আদৰ কৰা হল। ইয়াৰপৰাও তেওঁৰ আৰ্জোন বাঢ়িবলৈ ধৰিলে। এইদৰেই বেঞ্জামিন্ সোনকালে এজন বৰ ধনী আৰু মানী লোক হৈ উঠিল।
বেঞ্জামিনৰ যশস্যা, চাৰিওফালে ৰৈ-বৈ যাবলৈ ধৰিলে। আন কি, ৰজাঘৰৰপৰাও তেওঁৰ যশস্যা লোৱা হল। আৰু, সেই যশস্যাৰ গুণতে তেওঁ ফিলাডেলফিয়া প্ৰদেশৰ মন্ত্ৰীসভাত এজন ডাঙ্গৰ বিষয়া হলগৈ। কিন্তু, সেই বুলি তেওঁ ৰাইজৰ উপকাৰ চিন্তিবলৈ পাহৰা নাছিল। ৰজাঘৰীয়া বিষয়া হোৱাৰ পাচত, তেওঁ এখন ডাঙ্গৰ সাহিত্য-সভা পাতিছিল। ঠায়ে ঠায়ে তেওঁ ওখ খাপৰ পঢ়াশালি পাতি দিছিল। আৰু, ঘৰত জুই লাগি ক্ষতি কৰিলে তাৰপৰা মানুহক ৰক্ষা কৰিবলৈ তেওঁ এখন সভা স্থাপন কৰিছিল। ইয়াত বাজেও, তেওঁ ভালেমান সজকৰ্ম্ম কৰি প্ৰখ্যাত হৈছিল।
বেঞ্জামিন্ যিমানেই ধনী হৈছিল, সিমানেই তেওঁ নিয়মীয়া হৈছিল; তেওঁ যিমানেই মানী হৈছিল, সিমানেই নম্ৰ হৈছিল; আৰু তেওঁৰ যিমান জ্ঞান বাঢ়িছিল, সিমান তেওঁ শ্ৰম কৰিবলৈ