পৃষ্ঠা:নীতি-শিক্ষা.pdf/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
নীতি-শিক্ষা


 ১৮৫০ খ্ৰীঃ চনত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ৯০ টকা দৰ্ম্মহাত সংস্কৃত কলেজৰ সাহিত্যৰ অধ্যাপক নিযুক্ত হয়। সেই পদত মাহচেৰেক মাথোন সুখ্যাতিৰে সৈতে কাম কৰাৰ পাচত, তেওঁ ১৫০ টকা দৰ্ম্মহাত সেই কলেজৰে অধ্যক্ষৰ পদলৈ উঠে। সেই সময়তে তেওঁ “উপক্ৰমণিকা,” “ঋজুপাঠ, ” “শকুন্তলা,” “সীতাৰ বনবাস,” “ব্যাকৰণ কৌমুদী” এইবিলাক কিতাপ লিখি প্ৰচাৰ কৰে।

 খ্ৰীঃ ১৮৫৫ চনত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ৫০০ টকা দৰ্ম্মহাত বৰ্দ্ধমান, মেদিনীপুৰ, হুগলী আৰু নদীয়া এই চাৰিখন জিলাৰ পঢ়াশালিৰ পৰিদৰ্শক পদত নিযুক্ত হয়। এই পদত তেওঁ বৰ সুখ্যাতিৰে সৈতে কাম চলাইছিল। ইয়াৰ গুণতে চৰ্কাৰৰ ঘৰত তেওঁৰ মান বৰকৈ বাঢ়িবলৈ ধৰিলে। কিন্তু, তেওঁৰ আপোন শক্তিৰ ওপৰত ইমান বিশ্বাস আছিল যে, নিজৰ সম্মানত আঘাত লগা এফেৰিমান কথাত লাগি তেওঁ ইমান ডাঙ্গৰ কামটো ততালিকে এৰি পেলালে। পাচত, বঙ্গদেশৰ দুৱলীয়া লাট বীডন চাহাব বাহাদুৰে তেওঁক সেই কাম আকৌ লবলৈ কোৱাত, বিদ্যাসাগৰে দুৱলীয়া লাট চাহাবক নম্ৰভাৱে এই বুলি উত্তৰ দিলে, “মই পৰৰ অনুগ্ৰহত্কৈ আপোন শক্তিত বেচি বিশ্বাস ৰাখোঁ। এতেকে, চাকৰিত আৰু নিৰ্ভৰ নকৰোঁ।” বিদ্যাসাগৰে সঁচাকৈয়ে তেতিয়াৰপৰা আৰু চাকৰি নকৰিলে। আৰু, আপোন যত্নৰ বলত পাচলৈ তেওঁ মাহে চাৰি-পাঁচ হাজাৰকৈ ধন ঘটিবলৈ ধৰিলে।