পৃষ্ঠা:নীতি-শিক্ষা.pdf/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
জেকা ঘৰ।

নাখাবাঁ। একেলগে কেইবাবিধৰো বস্তু সানি খালে সি পেটত বিকাৰ কৰে, তুমি দুবিধতকৈ সৰহ বস্তু সানি নাখাবাঁ। পুৱা আৰু গধুলি তুমি সদায় নিয়মীয়াকৈ ফুৰিবাঁ; নিয়মীয়াকৈ তুমি ৰং-ধেমালিও কৰিবাঁ। ইয়াৰপৰা মানুহৰ গা আৰু মন মুকলি থাকে। দিনে-ৰাতিয়ে ২৪ ঘণ্টাৰ ভিতৰত ১২ ঘণ্টা কাম কৰিবাঁ, ৭ ঘণ্টা জিৰাবাঁ, ৫ ঘণ্টা ৰং-ধেমালি আৰু ফুৰা-চকাত নিয়াবাঁ। এই নিয়ম নাভাঙ্গিলে তোমাৰ স্বাস্থ্য ভাগিবৰ ভয় নাই। এই নিয়ম পালি চলিলে তোমাৰ ৰোগ-ব্যাধি হবলৈ নাপায়; আৰু সদায় তোমাৰ সুখতে দিন যাব।

জেকা ঘৰ।

 ইংলণ্ডৰ পূব ফালৰ এখন চহৰত দুগৰাকী বায়েক-ভনীয়েক দুঘৰৰ ঘৈণী আছিল। বায়েকতকৈ ভনীয়েক চহকী; কিন্তু বায়েক শিক্ষিতা আৰু ভনীয়েক চহা বিধৰ তিৰোতা আছিল।

 ভালেমান দিনৰপৰা ভনীয়েকৰ ঘৰত লৰা-ছোৱালী আৰু গৃহস্থৰ জ্বৰ-নৰিয়া। সেই বাবে তেওঁৰ মনত সুখ-শান্তি নাই। সদায় দুখৰ কথা লিখি তেওঁ বায়েকক আমনি কৰি থাকে। পিচে, বায়েক এদিন সেই কথাৰে ভনীয়েকৰ ঘৰত আলহী হলগৈ। আৰু, ভনীয়েকে পাৰেমানে নিজৰ দুৰ্ভাগ্যৰ কথা বায়েকক কবলৈ ধৰিলে।