পৃষ্ঠা:নীতি-শিক্ষা.pdf/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
নীতিশিক্ষা


আৰু, তাৰ ভিতৰতে এদিন ৰাতি বাহিৰত ঘণ্টাচেৰেক চৰ্কাৰী কামত ফুৰিব লগাও হৈছিল।

 ৰত্নেশ্বৰৰ আপোন দোষতে ৰোগ টান হৈ উঠিল। তেওঁৰ মাত ভাগিল, কফ্‌ বহি গল, আৰু ডিঙ্গি ফুলি উঠিল। ইমানতো তেওঁ কাম কৰি থকা দেখি, এদিন এজন ডাক্তৰে তেওঁক, বহুত বুজনি দিলে, আৰু ওপৰৱালাক কৈ তেওঁক ছুটী দিয়ালে। কিন্তু, ইমানতো ৰত্নেশ্বৰে অনিচ্ছাৰ ওপৰত হে ছুটী লৈ ঘৰলৈ আহিছিল।

 ৰত্নেশ্বৰ ঘৰলৈ আহিল। ডাক্তৰে তেওঁৰ ৰোগ চাবলৈ ধৰিলে। কিন্তু, ৰোগৰ অৱস্থা ইমান বিষম হৈ উঠিল যে, দৰবজাতিয়ে একো গুণ দিব নোৱাৰা হল। দিনে দিনে ৰোগৰ লক্ষণ বেয়া হবলৈ ধৰিলে। অন্তত ডাক্তৰ হতাশ হৈ আঁতৰ হল। তাৰ পিচদিনা নিজৰ পৰিয়াল, মিতিৰ-কুটুম আৰু বন্ধু-বান্ধৱক কন্দুৱাই ৰত্নেশ্বৰ অকালতে ঢুকাল!