কামোৰা লাগিল। আৰু, অন্তত দুয়ো ভগাই খাবলৈকে মান্তি হৈ বহিল। কিন্তু, মেকুৰীয়ে ভাগ বঁটালে শিয়ালৰ ভাগত তাকৰ হয়; আৰু শিয়ালে ভগালে সি মেকুৰীতকৈ সৰহকৈ লয়। গতিকে, দুইৰো ভিতৰত আকৌ কোঢ়াল লাগিল।
এনে সময়তে এটা বান্দৰ গছৰপৰা নামি আহি সিহঁতৰ কাষ চাপিল। মেকুৰী আৰু শিয়ালে সিহঁতৰ কোঢ়ালৰ বিষয়ে বান্দৰক গোচৰ দিলে। বান্দৰে দুইৰো ওজৰ শুনি কলে যে, তৰ্জ্জুৰে সৈতে জুখিলে হে ভাগ সমান হব; এতেকে তৰ্জ্জু বিচাৰি এখন দোকানলৈ যাব লাগে। ইয়াকে স্থিৰ কৰি তিনিও ওচৰৰ দোকানলৈ গল। দোকানী তেতিয়া বাহিৰলৈ গৈছিল। বান্দৰে সেই ছেগতে দোকানৰ তৰ্জ্জুখন আনি লৈ, পিঠাটো দুডোখৰ কৰি জুখিবলৈ ধৰিলে। মেকুৰী আৰু শিয়াল দুয়ো দুকাষে বহি একান্ত মনেৰে চাই থাকিল।
তৰ্জ্জুত যিফালে চৰা হয় বান্দৰে সেই ফালৰ পিঠা ডোখৰৰ কিছুমান খাই তাকৰ কৰি দিয়ে। কিন্তু খোৱা সৰহ হলে আকৌ ইফালে চৰা হয়। বান্দৰে আকৌ ইফালৰো কিছুমান খাই তাকৰ কৰে। ইফালে খালে আকৌ সিফালে চৰা হয়। এইদৰে বান্দৰে অলপ-অলপকৈ খাই যায়, মেকুৰী আৰু শিয়ালে মুখ টপালি চাই থাকে! পিচে, সেই দৰে ভাগ সমান কৰিবলৈ বুলি ইফালৰ আৰু
৫