পৃষ্ঠা:নীতি-শিক্ষা.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
নীতি-শিক্ষা


নেৰিব।” ৰামচন্দ্ৰই ভায়েকক বহুত বুজালে, তথাপি একো গুণ নধৰিল। পিছে, অগত্যা তেওঁ লক্ষ্মণকো লগত নিবলৈ মান্তি হল।

 ৰাম-লক্ষ্মণ বনলৈ যোৱাৰ সময়ত ভৰত-শত্ৰুঘ্ন ঘৰত নাছিল, মৃগয়ালৈ গৈছিল। পিচে সিবিলাকে উলটি আহি ৰাম-লক্ষ্মণ বনলৈ যোৱা শুনি বিলাপ কৰিবলৈ ধৰিলে। তাৰ পাচত, দুয়ো সিবিলাকৰ পিচে পিচে খেদি দুদিনৰ বাটত লগ ধৰিলেগৈ। ভৰতে ককায়েকক উলটি আহিবৰ কাৰণে অশেষ কাকুতি কৰিলে। কিন্তু, পিতৃৰ অঙ্গীকাৰ ভঙ্গ হোৱাৰ ভয়ত ৰামচন্দ্ৰে উলটিবলৈ মান্তি নহল। অৱশেষত চাৰিওটি ভায়েক-ককায়েকে অতি চেনেহেৰে সাবতা- সাবতিকৈ নৰম-বেথা জনাই বিদায় ললে। ৰাম-লক্ষ্মণ সীতা- দেবীৰে সৈতে বনলৈ গল; ভৰত-শত্ৰুঘ্ন বেজাৰ মনেৰে ৰাজ্যলৈ উলটিল। উলটি আহোঁতে ভৰতে ৰামচন্দ্ৰৰ খৰম্জুৰিকে বুকুত বান্ধি লৈ আহিল; আৰু ৰাজপাটত সেই খৰম্‌জুৰিকে থৈ, ককায়েকৰ নামে ভায়েকে ৰাজ্য চলাই থাকিল।

 লক্ষ্মণ বৰ বীৰ পুৰুষ আছিল। দেখিবলৈকো তেওঁ বৰ শকত-আৱত, ওখ-ডাঙ্গৰ আৰু ৰূপহ পুৰুষ আছিল। লক্ষ্মণৰ এটা আচৰিত শক্তি এই যে, তেওঁ বহুকাল নোখোৱাকৈ আৰু নোশোৱাকৈ থাকিব পাৰিছিল। বনবাসত তেওঁ বৌৱেক-ককায়েকৰ শুশ্ৰূষাতে নিৰাহাৰে আৰু উজাগৰে চৈধ্য