ছিল। পিচে, সেই চিঠিৰ উত্তৰত আলেকজেণ্ডাৰে এই দৰে হে লিখিলে, “এন্টিপেটাৰে নাজানে যে, মোৰ আইৰ এটোপা চকুৰ পানীয়ে তেওঁৰ নিচিনা বিষয়াৰ শতখন চিঠি উটাই নিব পাৰে!”
⸻
ভাতৃ-স্নেহ।
বৰনৈত চলা জাহাজ তোমালোকৰ বহুতে দেখিছাহঁক। এখন জাহাজত একোখন গাৱঁৰ মানুহ যাব পাৰে। সাগৰত চলা জাহাজ তাত্কৈও ডাঙ্গৰ; তাত দুই-তিনিখন গাৱঁৰ মানুহ ধৰে।
১৬০০ খ্ৰীঃ চনত পটুৰ্গাতল দেশৰ লিচ্বন নগৰৰপৰা ভাৰতবৰ্ষৰ গোৱা নগৰলৈ এখন জাহাজত ১২০০ জন মানুহ আহিছিল। সেই জাহাজ আগডোখৰত নিৰাপদেই আহিছিল; পিচে, আফ্ৰিকা মহাদেশৰ দক্ষিণে উত্তমাশা অন্তৰীপ ঘূৰি আহি ভাৰত মহাসাগৰত সোমাওঁতেই পানীৰ তলৰ শিলত খুন্দা খাই জাহাজখন দোডোখৰ হৈ ভাগিল। আৰু, চাওঁতে চাওঁতেই ১২০০ মানুহৰে সৈতে জাহাজখন সাগৰত বুৰিবলৈ ধৰিলে। এনে অৱস্থাত নিৰুপায় হৈ জাহাজৰ কাপ্তান বা অধ্যক্ষজনে এখন সৰু নাৱত ১৯ জন মাথোন মানুহ তুলি লৈ আঁতৰ হল। বাকীবিলাক জাহাজৰ লগতে বুৰি নেদেখা হল।