পৃষ্ঠা:নীতি-শিক্ষা.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নীতিশিক্ষা।


দুখ পাইছিল; আৰু পাৰেমানে যত্ন কৰি তোমাৰ ৰোগ গুচাইছিল। এতেকে, তুমিও সিবিলাকৰ প্ৰতি সেই দৰেই মৰমিয়াল হোৱা উচিত। যি কাম কৰিলে পিতৃ-মাতৃয়ে সন্তোষ পায়, তুমি সেই কাম কৰা হে যুগুত। আৰু, সততে তুমি সিবিলাকৰ হাক-বচন মানি চলা উচিত।

 ভাই-ককাই, বাই-ভনী ইবিলাক সৰুৰেপৰা তোমাৰে সৈতে একেলগে ডাঙ্গৰ-দীঘল হৈছে; আৰু ইবিলাকে তোমাৰে সৈতে একেলগে খোৱা-মেলা কৰে, ফুৰা-চকা কৰে, ৰং-ধেমালি কৰে। এতেকে, সিবিলাকৰ লগত তোমাৰ সদায় মিলা-প্ৰীতি থাকিব লাগে; আৰু সিবিলাকক তুমি সদায় চেনেহৰ মাতেৰে মাতিব লাগে। তেহে সিবিলাকেও তোমাক ভাল পাব আৰু তোমাক আদৰ কৰিব। কিন্তু, তুমি যদি নিজৰ ভাই-ককাই, বাই-ভনীৰে সৈতে সদায় কন্দল পাতি থাকাঁ আৰু সিবিলাকক কঠুৱা মাত দিয়াঁ, তেন্তে সিবিলাকে তোমাক পৰ যেন ভাবিব আৰু ভাল মুখেৰে নামাতিব। তেতিয়া তুমি মনে মনে বেজাৰ পাবাঁ, আৰু আনেও তোমাক বেয়া বুলিব। সৰুতে ভাই-ককাইৰ ভিতৰত মিল নাথাকিলে, ডাঙ্গৰ হলেও সিবিলাকৰ ভিতৰত মিল ভাব নাথাকেগৈ। তেনেকুৱা ভাই-ককাইৰ ভিতৰত সদায় কন্দল নুগুচে, আৰু অলপ কথাতে সিবিলাক ঠান্‌-ঠান্ হয়। এনেকুৱা হলে মানুহ উধাব নোৱাৰে; কিয়নো মিল নথকা ভাই-ককাইক শত্ৰুৱে সহজে তল পেলাব পাৰে।

 সমন্ধীয়া আৰু বংশৰ মানুহক মিতিৰ-কুটুম্‌ বোলা যায়।