পৰিশ্ৰমে কাম লঘু কৰে। শোৱা, খোৱা আৰু ফুৰাত নিয়মীয়া হবাঁ। তাত বেচি সময় নিয়ালে শ্ৰম কৰিবলৈ সময়ৰ নাটনি পৰে। যি শুই উঠাত পলম, সি কামতো লেহেম। তেনেকুৱা মানুহে ৰাতিলৈকে শ্ৰম কৰিও কাম সামৰিবগৈ নোৱাৰে। এলেহুৱা মানুহে কামত বেগাই আগবাঢ়িব নোৱাৰে; গতিকে তাক সোনকালে আকালে লগ ধৰেগৈ। সোনকালে শোৱা আৰু সোনকালে উঠা এই দুটা
সজ নিয়মে মানুহক নিৰোগী আৰু চহকী কৰে।
এলেহুৱাই যেতিয়া শুবলৈ ধৰে, তেতিয়া তুমি ৰুবলৈ ধৰিবাঁ। তেনেহলে তুমি খাবলৈ আৰু বেছিবলৈ জোখাৰে ধান পাবাঁ। আজিৰ কাম আজিয়েই কৰিবাঁ, কাইলৈ বা তাত কি বিঘিনি ঘটে তাক তুমি নাজানাঁ। আৰু পেলাই থোৱা কামলৈ মানুহৰ এলাহ হয়। তেতিয়া লঘু কামো গধূৰ যেন লাগে।
ঘহোঁতে ঘহোঁতে শিলো খয় যায়। ঘপিয়াই থাকিলে বৰ গছকো পেলাব পাৰি। অকণমান নিগনি এটিয়েও কুটি কুটি ডাঙ্গৰ ৰচা ছিঙ্গিব পাৰে। এইবোৰ কথা মনত লৈ তুমি কামত ধৰিবাঁ। তেনেহলে কোনো কামেই তোমাৰ মানত টান যেন নালাগিব।
শ্ৰম কৰাৰ লগে লগে নিয়মীয়াকৈ জিৰণিও লব লাগে। তেহে গা আৰু মন ভালে থাকে। কিন্তু, জিৰণি লবলৈ হলে সময়ৰ সজ ব্যৱহাৰ কৰিব লাগে। জিৰণি লওঁতে