বিদ্যাসাগৰ দয়াৰ সাগৰ যেন আছিল। তেওঁৰ দয়াৰ সীমা নাই। কিমান দুখীয়া মানুহক কিমান দান কৰিলে, কিমান নিৰাশ্ৰয়ক আশ্ৰয় দিলে, কিমান উপায়হীনক উপায় দিলে, কিমানক আপদৰপৰা তাৰিলে, কিমানক নিজৰ খৰচেৰে পঢ়াই-শুনাই মানুহ কৰিলে তাৰ লেখ নাই। বিদ্যাসাগৰৰ অন্তৰে কান্দিবলৈ ধৰে, আৰু আনন্দত তেওঁৰ হিয়া নাচি উঠে! এনে মহৎ গুণ কেইজনৰ আছে? একেজনতে অতবিলাক সজ গুণ থকা পুৰুষ কিমান আছে? বিদ্যাসাগৰ স্বৰূপতে এজন মহাপুৰুষ। আপোনাৰ শক্তিৰে সৈতে আপুনি মানুহ হোৱাৰ তেওঁ এটি জিলিকি থকা পটন্তৰ। ইয়াত বাজেও, পৃথিবীত অনেক সজকৰ্ম্মৰ চিন্ ৰাখি, খ্ৰীঃ ১৮৯১ চনৰ জুলাই মাহত মঙ্গলবাৰে দুপৰ নিশা ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ স্বৰ্গী হল। এতিয়া ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ পৃথিবীত নাই, কিন্তু তেওঁৰ নাম ৰৈ-বৈ আছে। বিদ্যাসাগৰৰ আৰ্হি লৈ অনেক সজ লৰা ডাঙ্গৰ মানুহ হব লাগিছে। তুমিও তেওঁক আহি লৈ ডাঙ্গৰ মানুহ হবলৈ চাবাঁ।
⸻
আহাঁ আৰু যোৱাঁ।
ইংলণ্ডৰ চৰে নামে চহৰত এজন ভালমানুহ আছিল। তেওঁ বছেৰেকত ২০০০৲ মান টকা উৎপন্ কৰিব পৰা মাটিৰ গৰাকী। সেই মাটিত তেওঁ মানুহ লগাই খেতি কৰায়। কিন্তু, তাৰপৰা