পৃষ্ঠা:নীতি-শিক্ষা.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
গুৰুজন, মান্যৱন্ত লোক, সমনীয়া আৰু তলতীয়া মানুহ।

কেওঁ নাই। ৰজা ঈশ্বৰৰ আৰ্হি। ঈশ্বৰে যেনেকৈ সৃষ্টিখন পালিছে, ৰজাই তেনেকৈ ৰাজ্যখন পালিছে। ঈশ্বৰ নাথাকিলে সৃষ্টি নৰয় ৰজা নাথাকিলেও ৰাজ্য নৰয়। ৰজা তোমাৰ পৰম উপকাৰী। ৰজাই তোমাক, তোমাৰ পৰিয়ালক, তোমাৰ মিতিৰ-কুটুমক, তোমাৰ বন্ধু-বান্ধৱক আৰু ৰাজ্যৰ সকলো প্ৰজাক চোৰ, ডকাইত্‌ আৰু শত্ৰুৰ হাতৰপৰা ৰক্ষা কৰিছে। এতেকে, তুমি ৰজাক আটাইত্কৈ অধিক মান্য কৰিবাঁ।

 সমান বয়সীয়া মানুহক সমনীয়া বোলে। সমান মানৰ পাত্ৰকো সমনীয়া বোলা যায়। আৰু জ্ঞান, বুদ্ধি, বল ইত্যাদিত যিবিলাক সমান, সিবিলাকো সমনীয়া। বয়স, মান, জ্ঞান, বুদ্ধি আৰু বল সমান হোৱাৰ কাৰণে সমনীয়াৰ ভিতৰত মনৰ মিল থাকে। সমনীয়া বৰ উপকাৰী। সিবিলাক মিত্ৰ মানুহ। অতি মিলৰ সমনীয়াক সখি বোলা যায়। তুমি সমনীয়াৰ লগত সদায় সদ্ভাৱ ৰাখিবাঁ।

 ওপৰত কোৱা মান্যৱন্ত লোকসকলত বাজেও কিছুমান তলতীয়া মানুহ আছে। আদেশৰ তলে কাম কৰা লোককে তলতীয়া মানুহ বোলে। বয়সত সৰু হলেও তলৰ মানুহ হয়। আৰু, সমন্ধত সৰু জনকো তলৰ মানুহ বোলা যায়।

 বন্দী-বেটী লগুৱা-লিগিৰী, চাকৰ-চাকৰনী ইহঁতে ঘৰত বন-বাৰি কৰে। ইহঁত বয়সত ডাঙ্গৰ হলেও তোমাৰ আদেশৰ তল। তুমি যি কৰিবলৈ কোৱা সিহঁতে তাকে কৰে, আৰু যলৈকে পাচাঁ তলৈকে যায়। সিহঁত বৰ মৰমিয়াল! ভাল আচৰণ পালে সিহঁত বৰ বিশ্বাসী হয়। বিশ্বাসী