পৃষ্ঠা:নীতি-শিক্ষা.pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
নীতি-শিক্ষা


নিতে বই যায়, আদি অন্ত নাই,
 নিছিগে সময়-ধাৰ;
ভগন অশেষ, নাহে ঘুৰি লেশ,
 — কৰ্ম্মফল লাভ তাৰ।


মানুহ জীৱন,  সময় মাথোন,
 নিমিষে হইছে ক্ষয়;
নাহে যোৱা কাল,  পায় পৰকাল,
 ঘড়ীৰে স্বৰূপ কয়।


দেখিছাঁ সময়,  ক্ষন্তেক নৰয়,
 নোৱাৰি ৰাখিব ধৰি;
ধন-ৰত্ন-সোণ, দিয়াঁ দোনে-দোন,
 নোপোৱাঁ ক্ষন্তেক ঘুৰি।


এনে সময়েৰে,  পৰম ঈশ্বৰে,
 গঢ়িছে জীৱন এই;
ডাঁৰ, পল, ক্ষণ,  লাখ লাখ ধন,
 মানিবাঁ ধুৰুপকই।


এতেকতে হেৰা,  সোণামুৱা লৰা,
 ঘড়ীক আদৰ্শ মানি,