পৃষ্ঠা:নীতি-শিক্ষা.pdf/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ


পৰৰ ঘৰত ভাত ৰান্ধনি হৈ হে পঢ়িছিল। কিন্তু, ঈশ্বৰচন্দ্ৰৰ বুদ্ধি বৰ চোকা। পঢ়াত তেওঁ একাণপতীয়াকৈ ধৰে। টান পাঠবিলাক তেওঁ আপোন চেষ্টাৰে বুজি লবলৈ শ্ৰম কৰে। আৰু, পাৰ্য্যমানে তেওঁ শিক্ষাত আনৰ সহায়লৈ বাট নাচায়। এইবোৰ গুণতে ঈশ্বৰচন্দ্ৰই সংস্কৃত শিক্ষাত সোনকালে উন্নতি কৰিবলৈ ধৰিলে। আৰু, দহ বছৰৰ ভিতৰতে ১৮৩৯ খ্ৰীঃ চনত তেওঁ স্মৃতি মহলাত উঠি শলাগ-কাকত বা ‘চাৰ্টিফিকেট' পায়। তাৰ দুবছৰৰ পাচত, ১৮৪১ খ্ৰীঃ চনত ঈশ্বৰচন্দ্ৰই বিদ্যাসাগৰ উপাধি লাভ কৰে।

 সংস্কৃত কলেজৰ শিক্ষা সাঙ্গ কৰি ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ৫০ টকা দৰ্ম্মহাত ফোৰ্ট উইলিয়ম কলেজৰ ঘাই পণ্ডিত হয়। সেই সময়ত তেওঁৰ পিতৃ-মাতৃৰ নিতান্ত দুৰৱস্থা। গতিকে, সিবিলাকক পোহ-পাল কৰাৰ ভাৰো ঈশ্বৰচন্দ্ৰৰ ওপৰতে পৰিল। তেওঁ ৫০ টকা দৰ্ম্মহাৰেই কলিকতা আৰু হুগলীত দুখন ঘৰ চলাব লগাত পৰিল। ইমান অলপীয়া দৰ্ম্মহাৰ ধনেৰে এনে দুখন ঘৰ চালোৱা বৰ টান কথা। কিন্তু, ঈশ্বৰচন্দ্ৰই সেই ধনেৰেই দুয়োখন ঘৰ পৰিপাটিকৈ চলাইছিল। আৰু তেওঁ কাচিতো সেই বাবে কাৰো ওচৰত হাত নাপাতিছিল, কাৰো ওপৰত ভাৰসা নাৰাখিছিল; আপোন শক্তিৰ ওপৰতে তেওঁ সম্পূৰ্ণে নিৰ্ভৰ কৰিছিল। দৰ্ম্মহাৰ ধনেৰে তৰিব নোৱাৰি বিদ্যাসাগৰে “বৰ্ণপৰিচয়,” “বোধোদয়,” “আখ্যান মঞ্জৰী,” এইবোৰ কিতাপ লিখিবলৈ ধৰিলে; আৰু তাৰ উৎপনেৰে তেওঁ সংসাৰ ভালকৈ চলাব পৰা হল।