ঘাইকৈ নিজৰ শক্তিৰ ওপৰত হে নিৰ্ভৰ কৰে। পৰৰ শক্তিৰে সৈতে পৃথিবীত কোনো ডাঙ্গৰ মানুহ হব পৰা নাই। তুমি এই কথা কেতিয়াও নাপাহৰিবাঁ।
পৰৰ ওপৰত ভাৰসা ৰাখিলে কোনো কাম নিয়াৰিকৈ সিদ্ধ নহয়। বৰঞ্চ, তাৰপৰা সেই কাম সমূলি অসিদ্ধ হবৰ হে আশঙ্কা থাকে। সেই কাৰণে, নিজৰ চেষ্টা এবাৰ বা দুবাৰলৈ বিফল হলেও, সেই চেষ্টাত ঘুৰি ঘুৰি ধৰিব হে লাগে; পৰৰ ওপৰত ভাৰসা ৰাখি তাক কেতিয়াও এৰিব নালাগে। এই কথা তুমি ধুৰুপ্কৈ মানিবাঁ।
⸻
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ।
বঙ্গদেশৰ হুগলী জিলাৰ বীৰসিংহ গাৱঁত ঠাকুৰদাস শৰ্ম্মা নামেৰে এজন দুখীয়া বামুণ আছিল। তেওঁৰে পুত্ৰ ঈশ্বৰচন্দ্ৰ শৰ্ম্মা। ১৭৪২ শকৰ ১২ আহিনত মঙ্গলবাৰে ঈশ্বৰচন্দ্ৰৰ জন্ম হয়।
পিতাক নিচেই দুখীয়া আছিল। সেই কাৰণে, ঈশ্বৰচন্দ্ৰ সৰুৰেপৰা বৰ দুখত উঠিব লগা হৈছিল। তেওঁ অতি কষ্টেৰে হে গাৱঁলীয়া পঢ়াশালিৰ শিক্ষা সাঙ্গ কৰিব পাৰিছিল। ১৮২৯ খ্ৰীষ্টাব্দত কলিকতাৰ সংস্কৃত কলেজত ভৰ্ত্তি হওঁতে ঈশ্বৰচন্দ্ৰই