নিয়াত লক্ষ্মণে ৰাৱণ ৰাক্ষসৰ বংশৰে সৈতে প্ৰাণটাঁকি যুঁজিছিল। আৰু, তেওঁৰ সহায়ত ৰামচন্দ্ৰই ৰাৱণক বধি সীতাক উদ্ধাৰ কৰে।
বনৰপৰা উলটি অহাৰ পাচত ৰামচন্দ্ৰ ৰজা হল। ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্ন তিনিও ৰাজকাৰ্য্যত ককায়েকৰ সহায় হল। এই দৰেই বহুকাল ৰামচন্দ্ৰই সুখ্যাতিৰে সৈতে ৰাজপাট খালে। ভায়েকসকল তেওঁৰ আদৰ-সাদৰত মোহ গৈ আছিল। আৰু, তেওঁৱো ভায়েকসকলৰ মান-সৎকাৰত সদায় তুষ্ট আছিল। ভাই-ককাইৰ ভিতৰত এনে সদ্ভাৱ থকাৰ কাৰণেই ৰামচন্দ্ৰই শান্তিৰে ৰাজ্য চলাব পাৰিছিল। তেওঁৰ দিনত প্ৰজাই এনে সুখ আৰু শান্তি পাইছিল যে, আজিকালিও সুখৰ কালত মানুহে “ৰামৰ ৰাজ্য” বুলি পাটন দিয়ে।
ৰাম-লক্ষ্মণ, ভৰত-শত্ৰুঘ্নৰ চিৰকাল একেটা পৰিয়ালতে দিন গল। জীয়াই থকা কালত সিবিলাকে ভিন্-পৰ নাজানিলে। কোনো কথাতে সিবিলাকৰ ভিতৰত আদৰ-সন্মানৰ হীন-ডেঢ়ি ঘটিবলৈ নাপালে। এনে ভাই-ককাই সংসাৰত মানুহৰ আৰ্হি হোৱা উচিত। তুমি এই আৰ্হি সদায় আগত ৰাখি চলিবাঁ।
⸻