মৰা। পিচে, যেতিয়া মান গাওঁ সোমালহি, তেতিয়া গাৱঁৰ মানুহ দিহাদিহি ভাগিবলৈ ধৰিলে। আটাইবিলাক পৰিয়াল হাবিত সোমালগৈ। আটাইৰে ঘৰ-বাৰী উদং হল। গাওঁখন এখন বৰ ডাঙ্গৰ এৰাবাৰীৰ দৰে হল। এই নিচিনা জয়াৰ ঠাইত বয়সীয়া মানুহেও থাকিবলৈ ভয় কৰে; বুকুডাঠ্ মানুহৰো গা জিকাৰি উঠে! তাতে আকৌ মানহঁতে পিশাচৰ দৰে খাওঁ-খাওঁ হৈ গা পাইছেহি! এনে আপদৰ সময়ত আপুটি অকলশৰীয়া। সি কেনি যাওঁ, কি কৰোঁ, এনেকৈ ঘৰৰ ভিতৰতে চাটিফুটিকৈ ফুৰিছে; কাৰণ আলৰ পিতাকক অকলে এৰি পলাবলৈ তাৰ সত যোৱা নাই। পিচে, এইদৰে ধৰফৰাই থাকোঁতে মান এজাক পালেহিয়েই। আপুটিয়ে উপায় নাপাই বুঢ়া বাপেকক বোকোচাত তুলি লৈ হেপোৰ্-তেপোৰ্ কৈ লৰি পলাবলৈ ধৰিলে। কিন্তু, সেই দৰে কেইনলমান বাট যাওঁতেই ভৰিত জুটি লাগি সি বুঢ়াক পিঠিত লৈ হাম্খুৰি খাই পৰিল, আৰু মানহঁতে তাক আগচি ধৰিলেগৈ। ইমানতে৷ আপুটিয়ে বাপেকক শত্ৰুৰ হাতৰপৰা ৰক্ষা কৰিবৰ মনেৰে গবামাৰি ধৰি বহিল। আপুটিৰ পিতৃ-স্নেহ দেখি মৰম-ধৰম নোহোৱা নিঠুৰ মানহঁতৰো মৰম লাগিল। সিহঁতে আপুটি আৰু ৰঙা কোৱঁৰক একো নকৰাকৈ তাতে এৰি আন পলৰীয়া মানুহ বিচাৰি গুচি গল।
⸻