কলে যে, তাকে কৰি সি সিবিলাকক বঁচাবৰ এটা উপায় উলিয়ালে। অৰ্থাৎ, তাৰ ঘোঁৰাটো বাঘে খাওঁতেই সিবিলাক আঁতৰ হৈ সাৰিব পাৰিব। লগুৱাৰ এনে উপস্থিত বুদ্ধিৰ শলাগ লৈ জমিদাৰে যিমান পাৰে বাগী বেগাই চলাবলৈ ধৰিলে।
কিন্তু, সিমানতো উদ্দেশ্য সিদ্ধি নহল; বাঘে ঘোঁৰাটো ততালিকে খণ্ড খণ্ড কৰি খাই এঁটাই আকৌ বাগীৰ পিচে পিচে খেদিলে, আৰু অলপ সময়ৰ পাচতে বাঘ বাগীৰ ওপৰত পৰোঁ-পৰোঁ হলগৈ। এইবাৰ আৰু সিবিলাক বাঁচিবৰ কোনো উপায় নোহোৱা হল। এনে বিপদৰ সময়ত, লগুৱাটোৱে আতুৰ ভাৱে গৰাকীক এই বুলি চিয়ঁৰি চিয়ঁৰি কবলৈ ধৰিলে, “প্ৰভু, বাঁচিবলৈ আৰু এটা মাথোন উপায় আছে; মই বাঘৰ আগত পৰি দিওঁ আৰু বাগিবুগা দি সিহঁতক যিমান পাৰোঁ ঠমাই ৰাখোঁ; সেই ছেগতে আপোনাসকল নগৰ সোমাওকগৈ। পালেহি! আপোনাৰ অনুমতিলৈ ৰব নোৱাৰি! মই বিদায় হে মাগিলোঁ!” এই বুলি লগুৱাই বাঘৰ মুখত পৰি গল, আৰু পলাবৰ মিছা চেষ্টাৰে বাগি দিবলৈ ধৰিলে; বাঘজাকে কিছুমান পৰ উত্ৰাৱল ভাৱে তাক খেদি বেৰি ধৰি থাপতে উৰুৱালে!
বাঘে লগুৱাৰ ওপৰত খং সাৰি থাকোঁতেই জমিদাৰ ইফালে জেটোৰ নগৰ সোমাই ৰক্ষা পৰিল। কিন্তু, তেওঁ নিজে ভাৰ্য্যাৰে সৈতে ৰক্ষ৷ পৰিল বুলিও বিশ্বাসী লগুৱাটিৰ নিমিত্তে
৩