এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
গুৰুজন, মান্যৱন্ত লোক, সমনীয়া আৰু তলতীয়া মানুহ ৷
অতিকই সৰু বুলি, পৰুৱাক ভৰিধুলি,
জ্ঞানীজনে নকৰে কাচিত;
ঈশ্বৰে সৃজিছে প্ৰাণী, তেৱেঁ হে গৰাকী জানি,
কাৰো কেৱেঁ নিচিন্তে অহিত।
এতেকতে হেৰা লৰা, সজ উপদেশ ধৰাঁ,
নবধিবাঁ পৰুৱা এটিক;
থাকিলে তোমাৰ জ্ঞান, সৰু বুলি তাৰো প্ৰাণ,
আছে হেৰা জানিবাঁ সঠিক।
⸻
৩। আধ্যা।
⸻:○:⸻
গুৰুজন, মান্যৱন্ত লোক, সমনীয়া আৰু
তলতীয়া মানুহ।
পিতৃ-মাতৃ তোমাৰ আদিগুৰু। সিবিলাকৰপৰাই তুমি জন্ম পাইছাঁ। সিবিলাকৰ যত্নতে তুমি ডাঙ্গৰ-দীঘল হৈছাঁ। আৰু, সিবিলাক জীয়াই থাকেমানে তুমি সিবিলাকৰ মৰম আৰু আদৰ পাই থাকিবাঁ। এতেকে, তুমি আটাইত্কৈ আগকৈ সিবিলাকক মান্য কৰিবাঁ।