সেই বানচেৰে কথমপি এটা মানুহ পোহ যাব পাৰে মাথোন। কিন্তু, বেঞ্জামিনে তাৰেই নিজে খাই-বৈ বাপেককো সহায় কৰিছিল, আৰু দুই-চাৰি পইচা দিনে ৰাহি কৰি তাৰে সৈতে কিতাপ কিনি পঢ়িছিল।
বেঞ্জামিন্ বৰ পৰিশ্ৰমী লৰা আছিল। তেওঁ ছাপাখানাৰ কাম অলপ শিকি উঠি দুগুণকৈ শ্ৰম কৰিবলৈ ধৰিলে। আৰু, তেওঁ তাৰ বাবে দুগুণকৈ বানচ্ পোৱা হল। গতিকে, তেওঁ আগতকৈ বেচি ৰাহি কৰিব পৰা হল। এইদৰে ৰাহি কৰা ধনেৰে তেওঁ কিতাপ-পুথি কিনি লিখা-পঢ়াত বেচিকৈ মন দিবলৈ ধৰিলে। ছপাখানাৰ খাটনি বৰ বেচি। তাতে আকৌ তেওঁ দুগুণ খাটিব লাগে। গতিকে, তেওঁৰ আজৰি নিচেই কম্। তথাপি, বেঞ্জামিনে তাৰ ভিতৰতে সময় উলিয়াই লিখা-পঢ়া কৰে। তেওঁ এই নিয়মে অলপ দিনৰ ভিতৰতে লিখা-পঢ়া ভালকৈ শিকি জ্ঞানী হৈ উঠিল।
বেঞ্জামিনৰ বুদ্ধি বৰ চোকা আছিল। তেওঁ বেচি শ্ৰম কৰাৰ গুণত সেই বুদ্ধি আৰু চোকা হৈ আহিল। গতিকে, অলপ সময়ৰ ভিতৰতে তেওঁ লিখা-পঢ়াত আৰু কাম-কাজত এজন পৈণত লোক হৈ উঠিল। তেওঁৰ ওপৰত সকলোৰে চকু পৰিবলৈ ধৰিলে। সকলোৱে তেওঁৰ গুণ লোৱা হল। আৰু, সেই গুণৰ বলতে তেওঁ দোপত্দোপে উঠি আহিল।
ছপাখানাৰ কামত আৰু লিখা-পঢ়াত তেওঁ ইমান পৈণত হৈ উঠিল যে, পাচত তেওঁ নিজে এখন বাতৰিকাকত চলাব পৰা হল।