বাই-ভনীৰ মৰম-চেনেহ।
মালতী, মোহন আৰু মধুৰী তিনটি বায়েক, ভায়েক আৰু ভনীয়েক। তিনিওকো ভিনিয়ে নিজৰ প্ৰাণ যেন দেখে। আৰু, কোনেও কাকো এৰি নাখায়। এটিৰ জ্বৰ-নৰিয়া হলে, আন দুটিয়ে আমন্জিমন্কৈ ফুৰে।
এদিন এজনী চিনাকী পোহাৰীয়ে হাটৰপৰা উলটি আহোঁতে মোহনক পদূলিমূৰতে লগ পাই এটি সুমথিৰা টেঙ্গ৷ দিলে। তাকে দেখি মালতী আৰু মধুৰীও লৰি গৈ পোহাৰীৰ ওচৰ চাপিল। পোহাৰীৰ পাচীত আৰু টেঙ্গা নাছিল। তাই মূৰৰপৰা পাচীটো নমাই দেখুৱাই কলে, “আইটীহঁত, আৰু নাই; থকা হলে দিলোঁহেঁতেন”। পোহাৰীৰ কথা শুনি মালতীয়ে মাত লগালে, “নালাগে বাই, এটিয়েই আমাৰ তিনিওৰো হব।” মালতীয়ে পোহাৰীৰে সৈতে কথা পাতোঁতেই মোহনে টেঙ্গাটো নি মধুৰীৰ হাতত দিলেগৈ। মধুৰীয়ে টেঙ্গা আনি মালতীক দিলেহি। মালতীয়ে টেঙ্গাটো বখলিয়াই লৈ এফুটা ভনীয়েকৰ মুখত, এফুটা ভায়েকৰ মুখত আৰু এফুটা নিজৰ মুখত দি ৰং-মনেৰে খাবলৈ ধৰিলে। এই দৰে টেঙ্গা খোৱা অন্ত নোহোৱালৈকে পোহাৰীজনীয়ে লৰা-ছোৱালীকিটিলৈ মোহ লাগি চাই আছিল। পিচে, যাবৰ সময়ত পোহাৰীয়ে এই বুলি কৈ গল, “মই আজিৰপৰা কিবা আনিলে সদায় তোমালোক তিনিওলৈ তিনটিকৈ লৈ আহিম দেই।”
⸻