এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
নীতি-শিক্ষা
নোৱাৰি সাধিব কাম পৰিল তলত,
নোৱাৰে উধাব পুনু এই জনমত!”
কিন্তু সিটি ক্ষুদ্ৰ প্ৰাণী ক্ষন্তেক জিৰাই,
লভিলে হেৰোৱা বল, যুঁজিলে দুনাই;
এগছি সূতাতে দিলে সাহসৰ ভিৰ,
একেচিপে ধৰি তাতে উঠে মহাবীৰ!
বহু শ্ৰম কৰি যদি উঠে সি দুহাত
পিছলি বাগৰি পুনু পৰেহি ধৰাত।
ঘুৰি ঘুৰি উঠে আৰু ঘুৰি ঘুৰি পৰে,
তথাপিতো নেৰে আশা; যুঁজে একেদৰে।
এহাত উধায় যদি, আধাহাত খহে,
এবেগেত গতি কৰি ক্ষন্তেক নবহে।
এনে ভাৱে কতপৰে পাওঁ পাওঁ হই,
জালৰ কাষৰেপৰা পৰে মাটিলই!
ইবাৰ মানিলে স্থিৰ নিৰাশ ৰজাই,—
নকৰে যতন আৰু ক্ষুদ্ৰ মকৰাই।
কিন্তু চাই থাকোঁতেই একেটা উশাহে,
উধালে মকৰা পুনু দুগুণ উছাহে।