বায়েকে ভনীয়েকৰ আপদৰ বিষয় ভালকৈ গমি চাই বুজিলে যে, স্বাস্থ্যৰক্ষাৰ নিয়ম নৰখাই তাৰ ঘাই কাৰণ। সেই দেখি, তেওঁ ভনীয়েকক এইদৰে বুজাই কবলৈ ধৰিলে,—“আইটী! এইবিলাক তোমাৰ দুৰ্ভাগ্যৰ ফল নহয়; তুমি স্বাস্থ্যৰক্ষাৰ নিয়ম নৰখাৰ বাবে হে তোমাৰ এনে আপদ মিলিছে। চোৱাচোন, তোমালোকৰ থকা ঘৰটো কেনে জেকা, আৰু চাৰিওফালে জলাহ-জেলুকিয়নীয়ে বেৰি আছে! ঘৰৰ ভিতৰলৈ নিৰ্ম্মল বতাহ চলাচল হোৱাৰ দিহা নাই। বাহিৰত ফুৰিব-চাকিবলৈ সুবিধা নাই। তোমালোকে খোৱা পানী ও নিৰ্ম্মল নহয়। এইবিলাক কাৰণত হে তোমাৰ পৰিয়ালৰ জ্বৰ-নৰিয়া নুগুচা হৈছে। তোমালোক ইয়াৰপৰা ভাল ঠাইলৈ আঁতৰিলেই আপদ গুচিব।” কিন্তু, সেই সাৰুৱা উপদেশ ভনীয়েকে উপলুঙাকৈ উৰুৱাই দিলে; আৰু তেওঁ নিজৰ ভাগ্যক হে দুষিবলৈ ধৰিলে।
কিন্তু, বায়েকে আকৌ বৰকৈ টানি ধৰাত ভনীয়েক আন ভাল ঠাইলৈ উঠি যাবলৈ অগত্যা মান্তি হলগৈ। তাৰ পাচত, বায়েকে এডোখৰ ওখ, শুকান, ফৰকাল আৰু মুকলি ঠাইত ভনীয়েকক ওখ আৰু ডাঙ্গৰকৈ বহুল খিলিকি-দুৱাৰ লগা ঘৰ-দুৱাৰ কৰাই দিয়ালে। সেই ঘৰলৈ যোৱাৰপৰা দিনে দিনে ভনীয়েকৰ পৰিয়ালৰ স্বাস্থ্য ভাল হৈ আহিল, আৰু তেওঁৰ মনত সুখ-শান্তি বাঢ়ি আহিল। তাৰ পাচত, তেওঁ বায়েকৰ গুণ লৈ মহাসুখেৰে দিন নিয়াবলৈ ধৰিলে।
⸻