এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
আৰ্জিলে ভুঞ্জিব লাগে।
আৰ্জিলে ভূঞ্জিব লাগে।
ৰজাৰ উপৰি ৰজা, অসীম শকতি;
তথাপি মনত হাঁয়, শান্তি নাই কিয়?
কটাক্ষে জিনিব পাৰে অলেখ ভূপতি,
কিয় বা কাতৰ ভাৱে চকু কৰে থিয়?
হাততে সকলো আছে, ইচ্ছা মাথোঁ লাগে;
অৰুচি সবাতে কিন্তু, নাই কতো প্ৰীতি!
অনাথ দৰিদ্ৰ দৰে কিবা এটি মাগে,—
নাপাই তাকে হে যেন ভাব-বিৰকতি।
ইচ্ছাৰ সোঁতেৰে যাৰ নই বই যায়,
তাৰ যে অভাৱ কিবা, মনতে নধৰে!
বলেৰে গুচাব পাৰে শতেক অপায়;
ইনো কি অভাৱ, তেওঁ পূৰাব নোৱাৰে?—
আৰ্জিলে ভূঞ্জিব লাগে, নাই অন্যগতি,
ৰজা হৈ এই ৰীতি নোৱাৰে লঙ্ঘিব;—
বিলাসত স্বাস্থ্য ভঙ্গ কৰি নৰপতি
ভূঞ্জিছে নিকাৰ তাৰ, লাগিব ভূঞ্জিব।
⸻:○:⸻