চান (কবিতা পুথি)
[ বেটুপাত ]
চান
—দত্ত বৰুৱা—
প্ৰাপ্তিস্থান:--
ৰচক আৰু প্ৰকাশক।
চান
সত্যং শিবং সুন্দৰম্
(Truth, Beauty and Eternity)
শ্ৰীখগেশ্বৰ দত্ত বৰুৱা, বি,এ,
ৰচিত
প্ৰাগ্জ্যোতিষপুৰ
১৯৩৮
সৰ্ব্বস্বত্ব সংৰক্ষিত ] [ মূল্য— ছয় অনা মাত্ৰ
মুদ্ৰিত — জয়ন্তী আৰ্ট প্ৰেছ, গুৱাহাটী
মুদ্ৰাকৰ—শ্ৰীউমাকান্ত ডেকা
শ্ৰীমতী চিন্ময়ীকুমাৰী দত্ত বৰুৱাৰ
দ্বাৰা উজান বজাৰ, গুৱাহাটীৰ পৰা
প্ৰকাশিত।
উছৰ্গা
চেনেহী আইৰ মোৰ
অসম মাতৃৰ
চিৰ আৰাধিত চৰণত এই—
ঈশ্বৰে দিয়া
ফুল-মালা ধাৰি
দুখীয়াৰ —
পূজা-উপচাৰ।
—খগ—
কবিতাভাস
কবিতা স্থূল সঙ্গীত মাত্ৰ। যি ভাৱ স্বভাৱতে সঙ্গীতৰ সুৰত কণ্ঠত আবিৰ্ভূত হৈ ভাষাত পৰিণত হয় সেয়ে কবিতা। কবিতা জন্মতে সঙ্গীত; গতিকে সঙ্গীতৰ লয়লাস আৰু মাধুৰী কবিতাত নিত্য বৰ্ত্তমান। সেই কাৰণে কবিতা দেখাত ছন্দহীন হৈও ললিত আৰু স্নিগ্ধ। কবিতাৰ সুৰ আছে, তাল আছে, লয় আছে; ভাৱৰাজ্য কবিতাৰ সামগ্ৰী—অলপ কথাৰে মনৰ আগত বিশাল বিশ্বৰ ছবি আঁকি দিয়াই কবিতাৰ অন্তৰ্নিহিত শক্তি। কবিতাই ছন্দ অনুসৰণ নকৰে; ছন্দই হে কবিতাক অনুসৰণ কৰে। সেই কাৰণে ছন্দ অলেখ; অকল সেয়ে নহয়, নিতৌ নতু নতুন ছন্দৰ উদ্ভৱ হৈছে। ছন্দ অনুসৰণ কৰিলে কবিতাৰ সৌন্দৰ্য্য নাথাকে, — সঙ্গীতৰ লয়, মাধুৰী আৰু ঝঙ্কাৰ সকলো নষ্ট হয়। প্ৰাকৃতিক কবিতাক ৰীতি অনুযায়ী চলিত ছন্দত মিলাই জুখিমাখি সাঁচত ঢালি লিখিব খুজিলে, অনেক সময়ত সি ‘নাগদ্য-নাপদ্য’ত পৰিণত হয়; এনেকি তাক পঢ়াই দুঃসাধ্য হৈ পৰে—প্ৰতি পদে [ পাতনি ] খোঁকোজা লগা তাৰ স্বভাৱ। সেইদৰে যি কবিতা লিখিম বুলি কবিৰ গৌৰৱৰ বাঞ্ছাই জোৰ কৰি কবিতা লিখে, সেই কবিৰ কবিতা শাৰী ভাঙি গদ্যক পদ্যৰ আকাৰ দিয়া যেন লাগে; তাতো সঙ্গীতৰ লয় আৰু মাধুৰী আদি নাথাকে, আৰু পঢ়োঁতে খোঁকোজা লাগে। সঙ্গীতৰ নিচিনাকৈ কবিতাৰো তাল, মান আছে; তাল মান ৰাখিব নোৱাৰাই কবিতাৰ দোষ। সঙ্গীত শব্দৰ ঢৌৰ হেন্দোলনি বা লহৰী। সাগৰত বা বতাহত যেনেকৈ বিবিধ আকাৰ আৰু প্ৰকাৰৰ ঢৌবোৰে চৌদিশে বিয়পি মনোৰঞ্জক দোলায়- ম'ন গতিৰ সৃষ্টি কৰে, সঙ্গীতৰ শব্দ মালাইও তেনেকুৱা হেন্দোলনিৰ সৃষ্টি কৰে। সেই হেন্দোলনিয়ে কৰ্ণকুহৰত ঘাত-প্ৰতিঘাত কৰি শৰীৰত প্ৰতিবিম্বিত হয় আৰু সুখ- অনুভূতিৰ সৃষ্টি কৰে। শৰীৰত ভ্ৰমণ কৰা হেন্দোলনিয়ে শৰীৰৰ তেজত বিতোপন ঢৌ সমূহ সৃষ্টি কৰে; সেইয়ে সঙ্গীতৰ চেৱে চেৱে শ্ৰোতাৰ বা গায়কৰ অঙ্গ-প্ৰত্যঙ্গবোৰে আপোনা আপুনি নাচিব ধৰে, সেয়ে সঙ্গীতৰ লহৰীয়ে নৰ্ত্তকৰ, অঙ্গ-সঞ্চালন কৰে, আৰু সেয়ে তাল মান নিৰ্ণয় কৰে।
প্ৰকৃতিৰাজ্যত নিৰীক্ষণ কৰিলে কেনে সঙ্গীত, প্ৰীতিকৰ হব তাৰ আভাস পোৱা যায়। সাগৰত যেতিয়া সম-দৈৰ্ঘ্য [ পাতনি ] বিশিষ্ট ঢৌবোৰে একেৰাহে ভ্ৰমণ কৰে, সেই ঢৌবোৰে বেচি সময় মনত সন্তোষ দিব নোৱাৰে— কিছুপৰৰ পিচতে সেই ঢৌ-বোৰ বিৰক্তিকৰ হৈ উঠে। আকৌ যেতিয়া ঢৌ-বোৰৰ দৈৰ্ঘ্যৰ সমীচীন হীনডেঢ়ি হয়, তেতিয়া সেই ঢৌ বোৰ চিত্তাকৰ্ষক হৈ উঠে; ধুমুহাৰ ঢৌবোৰে আতঙ্কৰ সৃষ্টি কৰে। সঙ্গীত ৰাজ্যতো যিবোৰ সঙ্গীতৰ শব্দমালাই, ধুমুহাৰ সময়ৰ সাগৰৰ ঢৌৰ দৰে, শব্দঢৌ স্ৰজন কৰে, সেইবোৰে মনত বিভীষিকাৰ ভাৱ উদয় কৰে; যিবোৰ সঙ্গীতৰ শব্দমালাই নানা দৈৰ্ঘ্যৰ সামঞ্জস্যপূৰ্ণ ঢৌৰাজিৰ সৃষ্টি কৰে, সেইবোৰেই অতি সুখদায়ক হৈ উঠে। প্ৰকৃতিৰ ঢৌৰ সৃষ্টি কৌশল অধ্যয়ন কৰি সেই লেখিয়া ঢৌ সাজিব পৰাকৈ সঙ্গীত ৰচিব পাৰিলে সঙ্গীত নিশ্চয় প্ৰীতিকৰ হব। সেইটো অৱশ্যে দুৰুহ। প্ৰকৃততে সিবিলাকেহে ভাল সঙ্গীত ৰচিব পাৰে, যাৰ শৰীৰৰ ধমনিত প্ৰকৃতিৰ ঢৌৱে ঢৌ খেলিব পাৰে, যাৰ সুক্ষ্ম নাড়ীবোৰে প্ৰকৃতিৰ হেন্দোলনিত দুলিব পাৰে, যাৰ সুক্ষ্ম অনুভূতি আৰু প্ৰকৃতিৰ প্ৰতি সহানুভূতিপূৰ্ণ শিৰা ( Sympathetic chord ) আছে সেইবিলাকেহে সঙ্গীত ভাল দৰে উপলব্ধি কৰিব পাৰে আৰু ৰসৰ আস্বাদ পায়। কবিতাতো একে কথাই খাটে। [ পাতনি ] যিবিলাকৰ সহানুভূতিপূৰ্ণ শিৰা আছে, সিবিলাকৰ অন্তৰত ভাৱবোৰে আপোনাআপুনি ঢৌ খেলি আহে; যিবিলাকৰ নাই, সিবিলাকে কৃত্তিম উপায়েৰে ঢৌ সাজিব লাগে—যি কাৰণত ইবিলাকৰ ৰচন প্ৰাকৃতিক লয়, মাধুৰী, ঝঙ্কাৰ আৰু স্নিগ্ধতা ( খোঁকোজা নলগা অৱস্থা ) বিহীন হয়।
ৰসৰ আস্বাদ পাবলৈ প্ৰকৃতিৰাজ্যত সাধনা কৰিলে সহজে সিদ্ধি লভিব পাৰি। প্ৰকৃতিৰ কাৰ্য্যত সদাই ৰসৰ বিকাশ; সমুদ্ৰৰ ঢৌ, মলয়াৰ বা, ধুমুহা, এইবোৰেই ৰসজ্ঞান অৰ্জ্জাত যথেষ্ট সহায় কৰে। ৰসজ্ঞান লাভ হলে নিজে ’ৰস’ স্ৰজা অতি সহজ। ঢৌৰ, উচ্চতা, দৈৰ্ঘ্য আৰু ভ্ৰমণৰ বেগতেই ৰসৰ সৃষ্টি। ভয়ানক ৰস উপাদক ঢৌবোৰৰ দৈৰ্ঘ্য বেগ আৰু উচ্চতা শান্ত-ৰস উৎপাদক ঢৌবোৰৰ গুণৰ পৰা পৃথক; আন আন ৰসতো একে কথা৷
মূল ৰস প্ৰকৃততে এটা; সেইটো হৈছে প্ৰেমৰস। এই প্ৰেম অতি সুক্ষ্ম, বিশ্বজনীন আৰু নিঃস্বাৰ্থ; ই সহজ-লভ্য নহয়। প্ৰয়োগভেদে এই এক ৰসে দহৰূপত বিকশিত হৈ দহোটা ৰসৰ সৃষ্টি কৰিছে। এই কেইটা হৈছে—আদি, বীৰ, কৰুণ, ভয়ানক, বীভৎস, অদ্ভুত, হাস্য, শান্ত, ৰৌদ্ৰ আৰু শৃঙ্গাৰ ৰস। আদিৰসে নায়কনায়িকাৰ অনুৰাগ সূচায়, [ পাতনি ] আৰু শৃঙ্গাৰ ৰসে নায়কনায়িকাৰ ৰতিক্ৰিয়া বৰ্ণায়। আদিৰস অতি সুক্ষ্ম, প্ৰেম আৰু ভক্তি ৰসৰ ৰূপ ধৰি আদিৰস স্থূল আৰু ইন্দ্ৰিয়গোচৰ হয়। এই প্ৰেমৰস গৌণ, স্থূল আৰু সংকীৰ্ণ। শৃঙ্গাৰ ৰসৰ সাহিত্যত বেচি ব্যৱহাৰ নাই। আদিৰসৰ পৰা হোৱা ৰস দুটাক প্ৰগৌণ ৰস বুলিব পাৰি। এই দুটাক ধৰি আমি দৰাচলে বাৰটা ৰসৰ প্ৰয়োগ সচৰাচৰ দেখিব পাওঁ। এই বাৰটাক আমি গৌণৰস বুলিব পাৰো। মূল প্ৰেমৰস অবিকৃত অবস্থাত পোৱা নাযায়। গৌণ ৰসবোৰ স্থূল; সেয়েহে ইহঁত সহজবুধ্য আৰু সেই কাৰণেই ইবোৰক মূল ৰস বুলি বিবেচনা কৰা হয়। কিন্তু এই গৌণৰস বোৰকো অমিশ্ৰিত স্বৰূপত সাধাৰণতে পোৱা নাযায়। দুটা বা ততোধিক গৌণৰস মিশ্ৰিত হৈ একোটা মিশ্ৰৰসৰ উদ্ভৱ হয়। এনেকুৱাকৈ অসংখ্যত মিশ্ৰৰসৰ সৃষ্টি হৈছে; এইবোৰক প্ৰগৌণ Binary বা যৌগিক ৰসো বুলিব পাৰি। উদাহৰণ স্বৰূপে ভয়ানক, বীভৎস আৰু অদ্ভুত ৰস তিনিওটি একেলগে এটা মিশ্ৰৰসত পৰিণত হব পাৰে; ভীমৰ দ্বাৰা দুঃশাসনৰ ৰক্তপান বোধহয় তিনিওটি ৰসৰে সমাবেশ। সেইদৰে বীৰ, বীভৎস আৰু ৰৌদ্ৰৰস প্ৰায় একেলগে থাকে। সচৰাচৰ মিশ্ৰৰসবোৰৰে প্ৰয়োগ বেচি।
[ পাতনি ] এই জটিলতাৰ মূলত দুটা কথা আছে। প্ৰথমটো হৈছে জটিল মানৱ-প্ৰকৃতি আৰু সিটো হৈছে ৰসবোৰৰ মৌলিক একত্ব। সেই কাৰণেহে জালৰ পাহিৰ দৰে ৰসবোৰ গাঁথি লগা বা মিশ্ৰিত। চেক্চ্-পিয়েৰৰ নাটবোৰত এই ৰসবোৰৰ বিৰাট বিতোপন সমাবেশ হোৱা দেখা যায়।
ৰসবোৰৰ প্ৰকৃতি অনুসাৰে ৰাগ ৰাগিণীৰো প্ৰকৃতি নিৰ্ণয় হয়। কিছুমান ৰসৰ ৰাগ থাকিব নোৱাৰে আৰু কিছুমানৰ ৰাগিণী থাকিব নোৱাৰে, কিছুমানৰ ৰাগ ৰাগিণী উভয়ে থাকে। মিশ্ৰৰসৰ ৰাগিণীও মিশ্ৰ। মিশ্ৰৰসৰ প্ৰাচুৰ্য্য হেতুকে ৰাগিণীত অসংয্যাত৷
চান
মিচিকি হাঁহিৰে চান কিনো নকৰিলি!
মন প্ৰাণ উৰুঙালি
উৰণীয়া পাখি দিলি
হাঁহি হাঁহি হাঁহি তই মন মোৰ হৰি নিলি।
তোৰ ৰূপহত কৰে ধৰা জিল্ মিল্,
জিল্-মিল্ তল্-বল দৃষ্টিও চঞ্চল;
চপলতা দিলি মোক,
ভুৰুকালি মানুহক;
জীৱ জন্তু ভুৰুকালি;
মাদকতা মাতোয়ালী
দিলি ঢালি পিবলৈ;
মিঠা মুখে মিঠা সুৰে
মিঠা হাঁহি আত্মহাৰা
অমৃত বুলিনো কিয় দিলি সেই মাদকতা?
হাঁহিৰ জেউতি তোৰ চৰে চৌদিশত,
হাঁহিৰ লহৰি তোৰ ভ্ৰমে অনন্তত;
তাৰে এটি জ্যোতি মোৰ পৰেহি চকুত;
চকুত চমক মাৰি,
পোহৰে পোহৰ হৰি,
ভেলেকী বাণেৰে তই তধামধা কৰ মোক।
এটি মাত্ৰ ঢৌৱে আহি ঢৌ সাজে বহুমান,
ঢৌ-খলকনিবোৰে কঁপায় হিয়াৰ তাঁৰ;
কঁপাই হিয়াৰ তাঁৰ
কঁপালি আতমা মোৰ,
শান্তি শাম্যভাৱ হৰি অস্থিৰতা কিয় দিলি?
হিয়া-চোৰ মন-চোৰ
তই চান দুষ্ট ঘোৰ,
খন্তেকলৈ খেলিমেলি
মন উত্ৰাৱল কৰি
গুচি যাৱ ঘৰলৈ
ৰং চাৱ দুৰ্ব্বলৰ;
তথাপিতো,
সত নাই কবলৈ 'গুচি যাৱ চান' বুলি
বাট চাই থাকোঁ তোক “আহিল আহিল’ বুলি
মহাতেজী সহস্ৰাংশু জীৱৰ আধাৰ—
ঢালি দিয়ে পৃথিবীত
জগতৰ শক্তিমানে,
যাৰ শকতিৰে আমি
হওঁ শক্তিমান
যাৰ পোহৰেৰে চান
হৱ তই দীপ্তিমান,
চকু ৰঙা কৰি চায় ধৰি ৰুদ্ৰৰূপ;
নোৱাৰোঁ সহিব তাৰ
মহিমা অপাৰ;
ভালপোৱা নাই তাত
নাই কোমলতা,
কঠুৱা স্বভাৱ তাৰ
কঠোৰ বিধান,
নোৱাৰে ভুলাব মন শকতিবলেৰে।
তই কিন্তু চান,
যদিওবা নাই তোত অপাৰ মহিমা,
যদিও নহৱ তই সহস্ৰ কিৰণ,
নিদিয় যদিও তই শকতি-সমূহ,
আছে তোত—
কোমলতা লৱনু-পৰশ,
মৃদুহাঁহি মুখ-ভৰা,
শীতল জেউতি ভোৰ
মন-প্ৰাণ জুৰ কৰা;
তই চান,
হৃদয়ৰ প্ৰিয়— প্ৰিয়তম,
তয়েহে কৰিছ জয় মানুহৰ মনোৰাজ্য
বিৰাজিছ অধীশ্বৰ কল্পনা-ৰাজ্যত।
কিহত মহত্ব তোৰ?
কিবাগুণে কৰ তই মনত বিহাৰ,
কিয়বা ভুলাইছ তই জীৱ-জগতক?
পশ্চিম সাগৰ শয্যাত যেতিয়া
বেলিয়ে জিৰণি লয়,
ভীৰু চান তই চোৰৰ নিচিনা
দেখা দিয় আকাশত।
সাহ তোৰ নাই ওলাব আগত
কৰ নেকি ভয় আমাৰে নিচিনা?
দেখা পায় বুলি লুকাৱ মেঘত
ওৰণিৰে মুখ ঢাকি ৰাখি থাক!
লুকাচুৰি খেল কৰ দিনে দিনে
মেঘৰ আঁৰত লুকাৱ ঘনে,
তামচাটি চাৱ দুৰ্ব্বলৰ তই
ভাল পোৱা ভাৱ জোখ এইদৰে!
পাহৰিলি চান বিৰিন্দাবনৰ
কৃষ্ণ-গোপিনীৰ ৰাস-বিহাৰ;
পাহৰিলি তেন্তে কৃষ্ণৰ দুষ্টামি
জোপৰ মাজত লুকাই কেনে,
কন্দুৱাই সেই আজঁলী গোপীক,
আনন্দ লভিলে আপোন মনে।
তয়োতো ধৰিছ সেই দুষ্টৰ বুধিকে,—
খন্তেকলৈ হলি গলি,
খন্তেকতে অভিমান,
নিমিষতে যাৱ গুচি নিৰ্দ্দয় নিষ্ঠুৰ দৰে
তৃষ্ণাতুৰ পৰাণৰ হৃদয়ত জুই জালি।
চান তই —
নকৰ এনুৱা আৰু ছলনা বঞ্চনা,
নুপুৰিবি প্ৰিয়জন বিৰহ জুইৰে,
নেভাঁড়িবি অজঁলাক ছঁয়াময়া বাজি কৰি,
নুলুকাবি ৰূপ তোৰ ওৰণিৰে ঢাকি ৰাখি।
ই ছলনা লীলা-খেলা নহয় সদৃশ তোৰ
নোশোভে কদাপি ই অপাৰ সৌন্দৰ্য্যৰাশি।
কোমলতা সুন্দৰতা নহয় নিৰ্দ্দয়
সুন্দৰতা কোমলতা দুয়ো একে বস্তু;
সুন্দৰত সমাবেশ নাই বিৰূপৰ
নিৰ্দ্দয়তা কপটতা বিৰূপৰ ৰূপ।
তোৰ প্ৰকৃতিয়ে তোৰ ৰূপত কালিমা সানে
লুকাচুৰি খেলিমেলি তোকেই মলিন কৰে।
আকাশ।
শৰৎ কালত পদুলি মুখত
ফুলে জাতিষ্কাৰ খৰিকাজাই,
জকমক কৰে ফুলে ঢাকি ধৰে
ফুল-জেউতিয়ে লুকালে কায়।
মৃদু বতাহত নাচে ফুলবোৰে
তিৰ্ বিৰ কৰে আকাশী তৰা;
সবুজ বৰণ মাজে মাজে ফুল
নীল আকাশত হাঁহিৰ ৰেখা।
শৈশৱ কালত দেখিলোঁ সাদৃশ্য
ভাবিলোঁ তৰাও খৰিকাজাই;
ফুলৰে লেখিয়া মন্দ বতাহত
বিলায় অমিয় সৌৰভ-ধাৰা।
কতনো হাঁহিলোঁ কতনো মাতিলোঁ
কতনো সাজিলোঁ ফুলৰ চাকি;
সি কথা ভাবিলে আজিও মনত
সুখৰ কণিকা জ্বলে ৰিণি ৰিণি।
সুখত মগন আছিলোঁ সিদিনা
মূৰ্খ দোষে সুখ দিলে সিকালত;
বিজ্ঞান পোহৰে নাশিলে এতিয়া
সুখৰ আঁকৰ কল্পনা-সোঁত।
শিকিলোঁ আকাশ নহয় আকাশ
নাই একো তাত, শূন্যৰ বিস্তাৰ;
ৰঙিয়াল ফুল তৰাটিহঁতিও
একোটি পৃথিবী বৃহৎ আকাৰ
উটিগল সেই সুখৰ সপোন
উৰিগল সেই ফুলৰ মালা;
বিৰহ-ডাৱৰ শোকৰ তৰঙ্গ
উথলি কৰিলে হৃদয় কলা।
দৰ্শন পঢ়িলোঁ পঢ়িলোঁ জ্যোতিষ
পঢ়িলোঁ আৰু শাস্ত্ৰ বিজ্ঞান;
ভাবিলোঁ গুণিলোঁ তৰাৰ বিষয়ে
আকাশ তেন্তে কৰি ৰচন?
কলে কোনোবাই অন্তৰত আহি
আকাশো খৰিকাজাই;
বিশ্বৰ কৰ্ত্তাই গঢ়িলে ই ফুল
বিশ্বত তাৰ তুলনা নাই।
⸻
চেক্চ্ পিয়েৰ।
আল্লচৰ উচ্চ শিখৰত বহি
কতযুগ তুমি তপস্যা কৰিলা;
ধ্যানমগ্ন যোগী নীমিলিত নেত্ৰে
কত যুগ পাচে সমাধি লভিলা।
জুপিটৰ আদি দেৱতাৰ সতে
ৰমিলা নিচয় আল্পচৰ শিৰে
জ্ঞান-লিপ্সু তুমি মহা যোগীবৰ
উচ্চ শিৰে তুমি দৰ্শিলা সংসাৰ।
নাই মানুহৰ জ্ঞান জগতৰ
নাজানে মানুহে মানুহ-স্বভাৱ
কপটতা, ছল, চাতুৰি, খিয়াল,
মনৰ ক্ৰিয়া নাজানে নৰ।
সুখৰ, দুখৰ, শোক-আনন্দৰ
একেটি ঘৰতে হয় সমাবেশ,
মৃত্যুৰ কৰুণ বিননিৰ ৰাৱ
আকাশ লঙ্ঘে আনন্দ-উল্লাস।
সংসাৰ আভাস দিব মানুহক
নৰৰূপে তুমি জন্মা ইংলণ্ডত;
অন্ধ মানুহক জগতৰ দৃশ্য
দেখুৱালা তুমি চিত্ৰৰ পটত।
যেনেকি দেখিলা তেনেই আঁকিলা
লৰচৰ নাই তোমাৰ পটত,
যথাৰ্থ নকল সত্য প্ৰতিবিম্ব
অতি সুযতনে আকিলা জগত।
কিবা ভাল পোৱা কিবা বেয়া পোৱা
গোপনে ৰাখিলা নিজৰ মনত
নিজ অভিৰুচি ৰং সানি তুমি
ৰং নচৰালা চিত্ৰৰ পটত।
সত্যবাদী তুমি জিতেন্দ্ৰিয় ঘোৰ
প্ৰকৃত বুৰঞ্জী—লিখক তুমি,
সত্য অন্বেষণ সত্যৰ প্ৰচাৰ
উদ্দেশ্য তোমাৰ তুমি মহাজ্ঞানী।
তব শাম্যভাৱ আদৰ্শ নৰৰ
চিত্ৰী-শিল্পী-তুমি জগত মাজে
গুণমুগ্ধ আমি, তুমি গুণাধাৰ,
প্ৰণমো, তুষ্ট হোৱা নিজ গুণে।
⸻
অন্ধৰ উক্তি।
[A Blind boy পদ্যৰ ছঁ৷]
বেলিয়ে পোহৰ দিয়ে
কোৱা শুনো মই
শুনো সৌন্দৰ্য্যৰ কথা
পোহৰায় মন;
‘পোহৰে জীৱন’ হেনো
সকলোৱে কয়,
চকুৰ আদৰ কিবা
অন্ধৰ কল্পনাতীত।
মোৰ দুখে দুখী সখি
বিষণ্ণ বদন,
প্ৰবোধ দিয়াহি মোক
“নকৰা বেজাৰ” বুলি;
সহানুভূতিৰ চিন
হায় হুমুনিয়া কাঢ়া;
দুখ পাতলাবা বুলি
প্ৰকৃততে তুমি দিয়া
সুখত দুখৰ বোজা
জনমিলোঁ অন্ধ হৈ
নেদেখিলোঁ কিনো সিটো
অমূল্য ৰতন;
নুবুজোঁ সেয়েহে আজি
পোহৰৰ অৰ্থ —
কিবা পোহৰৰ মোল
বান্দৰৰ নাৰিকল
ভাৰ বোৱা গাধে জানো
বুজে কেতিয়াবা
সোণৰ ভাৰৰ মূল্য।
এন্ধাৰে জীৱন মোৰ
এন্ধাৰতে সুখ দুখ;
এন্ধাৰে পোহৰ দিয়ে
এন্ধাৰতে কৰোঁ ভোগ।
দিন ৰাতি হয় মোৰ
মনৰ লগত
মোৰ বেলি অন্তৰত
অস্ত যায় ভাগৰত।
যেতিয়া আনন্দ লাগে
অন্তৰত বেলি জাগে;
দিন সাজোঁ ইচ্ছামতে,
উমলোঁ আপোনমনে,
তোমাৰে নিচিনা মই
কৰোঁ কাম উলাহত।
ভাগৰ লাগিলে পুনু
শোওঁ শেতেলিত;
“বেলি মোৰ অস্ত যায়—
অন্ধকাৰে চাটি ধৰে
মোৰ অন্তৰত।
আপোন ৰাজ্যত মই
কৰোঁ সুখে মহাভোগ,
ৰাজ ৰাজেশ্বৰ হৈ
নাজানিলোঁ কিবা দুখ।
দুৰ্ল্লভ বস্তুৰ মোহ
নিদিবা নিদিবা মোক;
দুৰ্ল্লভৰ আকাঙ্খাই
শান্তিত অশান্তি ঢালে,—
দুখ দিয়া অনুভূতি
নেদেখাবা দুখীয়াক;
নুগুনি কাৰ্য্যৰ ফল
নকৰিবা দুখ-শোক।
শিশু।
কি মোহিনী শক্তি আনিছ লগত
মায়াৰ বান্ধোন আহিছ লই,
কোনে দিলে তোক এনুৱা মৰম
যি মৰমেৰে বান্ধ আমাক অই।
তিৰবিৰ্ কৰি নীল চকুযুৰি
নিমেষ পছাৰ তৰাৰ দৰে,
ঘুৰি ঘূৰি চাৱ হৰিণীৰ দৰে
হাত মেলি উৰ পখীটি হৈ।
যিপিনেই যাওঁ ঘূৰ সেই দিকে
ইঙ্গিতেৰে মাত তোক লবলৈ;
চিনি পাৱ তেন্তে জনক জননী
অফুট মাতেৰে জান কবলৈ।
ওচৰক গলে মধুৰ হাঁহিটি
হাঁহ শিশু তই অন্তৰ খুলি,
দুৰ্ব্বল শক্তিৰে ডেৱ দিব চাৱ
মৰম-কোলাত স্নেহ বিচাৰি।
উভটি নাচালে মুখ ওফন্দাৱ
অভিমান তোৰ অতিকে বৰ
তোৰ আলসুৱা চেনেহ শক্তিয়ে
কৰে বিচলিত হৃদয় বীৰ।
পাষাণ হৃদয় নৰহত্যাকাৰী
কৰ পৰাজয় বীৰ মহাবীৰ,
ভৰি হাত মাৰি কান চুলি টানি
কৰ অত্যাচাৰ, নহয় কাতৰ।
আ-বা, বা-বা বুলি মাতি থাক ঘনে
সুমধুৰ গীত নাই সমকুল,
তোৰেই কাৰণে জগত বিভোল
তয়েই সমাজ ৰাখিছ বান্ধি।
তোৰ মৰমত নাই স্বাৰ্থ একো—
ভাল পাওঁ তোক আপোনা আপুনি;
তোৰ ই মৰমে সিঁচৰে মৰম
তোৰ মৰমেই প্ৰেম-শিকনি।
পৰা নাই যি তোৰ ই মায়াৰ
বান্ধোনত এটিবাৰ,
নুবুজে কদাপি প্ৰেম কিবা বস্তু
তাৰ প্ৰেমালাপ সমূলি অসাৰ।
পৰা নাই যি তোৰ চাহনিত
অমল মৰমে ভৰা,
নুবুজে সংসাৰ কিনো প্ৰেমময়
তাৰ প্ৰেম-কথা সপোন-তৰা।
তয়েই দেৱতা তয়ে জোন-বেলি
আগভাগ তই লৱ দেৱতাৰ,
তোৰ বৰ্ত্তমানে কোন দেৱ আছে:
মগ্ন তোতে, তই কেন্দ্ৰ জগতৰ।
⸻
ফুল কলি।
ফুল-কলি ফুলিছিলি গছৰ আগত,
গোন্ধত আমোল মোল,
সৌৰভত বায়ু ভোল,
ৰূপদেখি পখিলাই
নাচে পাখিমেলি,
নাচে ঠেও ধৰি
তোৰ ৰূপে পখিলাক
কৰিলে ৰূপহী।
আকাশী নৰ্ত্তকী পখী
চেনেহ টানত
উৰিব নোৱাৰি
তালমান ভঙ্গ হল –
শাপ-ভ্ৰষ্ট হৈ আহি পৰিল ডালত
একেঠৰে চাই ৰল
তোৰ-
ফুল সৌৰভক।
তোৰ ৰূপ-লহৰীৰ,
মৌ-সনা হাঁহিটিৰ,
আৰু সেই
উজ্জ্বল মোহিনী আঁখি-
সিবোৰৰ ঢৌৱে আহি
ঢৌৱালে প্ৰকৃতি ৰাজ্য;
আপোন ৰূপেৰে ৰূপ
চৰালি ধৰাৰ,
মানিলে নিজকে ধন্য
নাচিলে পবনে;
বৰষিলি অমিয় মধুৰ।
কিয় হায়!
এনুৱা পৰাণ তোৰ
লেৰেলি পৰিল,
সকলোকে ৰং ঢালি
ৰাংঢালী ফুল তই
প্ৰকৃতিৰ আত্মা—
কান্দিছ মাটিত পৰি?
আছে নেকি দুখ
তোৰো অন্তৰত?
আলসুৱা বস্তু তোক
কৰে—অৱহেলা কোনে?
দেৱতাৰ ভোগ্য উপহাৰ
তোৰো আছে
লাঞ্ছনা নিকাৰ!
উঠ দেৱি,
পুনু নাচ গছৰ ডালত
নাচক পবন
হাহঁক প্ৰকৃতি—
হাঁহিব ধৰা তোৰ জ্যোতি দেখি,
শোক দুখাকীৰ্ণ
মানবী জীৱন
শান্তনা লভিব
তোৰ পূজা কৰি—
তোৰ প্ৰেৰণাই দিব প্ৰেৰণা মনক;
তিয়াগি নৈৰাশ্য ভাৱ
আনন্দত হব মতলীয়া
পখিলাৰ ৰূপ ধৰি
নাচিব বিশ্বত।
⸻
কি?
গোপনে হিয়াত জ্বলে
ঢিমিকি ঢিমিকি
সিকুৰা হিয়াৰ জুই
হিয়াৰ মাজত,
খেনো উঠে, খেনো পৰে,
খেনো শান্ত-ভাৱ ধৰে,
দপ্ দপ্ দপ্ কৰি
মাজে মাজে দিয়ে উকি।
গোপনে হিয়াত জ্বলে
সিকুৰা হিয়াৰ জুই;-
শোণিত তপত কৰে,
তপ্ততেজে ধাৰ ধৰে,
তাৰ তাপে তপ্ত হয়
সকল শৰীৰ
সেই তাপে দগ্ধ কৰে
দেহ-মন কৰে ক্ষয়।
সকলোকে গিলি থয়
সিকুৰা হিয়াৰ জুই;
যতেকে যোগোৱা তাক
ভোগ্য বস্তু উপহাৰ,
যতমানে কৰা যত্ন
নুমাব ইকুৰ৷ জুই,
সকলোকে ক্ষয় কৰি
শক্তি তাৰ বাঢ়ি যায়,
লহ্ লহ্ জিভা মেলি
বিচাৰে ভোগৰ বস্তু।
ভাল বস্তু দেখা পালে
লোভ তাৰ বাঢ়ি যায়;
হিয়াৰ বাহিৰ হৈ
লেউ লেউ কৰি ঘূৰে;
নামানে ই ভেদাভেদ
সদাচাৰ কদাচাৰ
নতুনৰ সন্ধানত
ঘূৰে ত্ৰিভুবন,
ফুলপাহি চিঙি আনি
কৰে উপভোগ
নাশ কৰে ফুলৰ জীৱন।
সকলোতে জ্বলি আছে
ইকুৰা হিয়াৰ জুই—
নহয় ই ভাল পোৱা
নতু দয়া, কোমলতা,
আশা-কামনাৰ জুই?
কোৱা জ্ঞানী ইনো কি?
⸻
সৰু-বৰ
ক্ষুদ্ৰ পৰমাণুবোৰে
গঢ়িছে মানৱ দেহ—
ৰজা, প্ৰজা, সুখী, দুখী
বালি-চাহী পিপীলিকা
নতশিৰ দুৰ্ব্বাদল
আৰু ক্ষুদ্ৰ ধূলি-কণা
সকলোৰে জীৱদেহ
অণুৰে গঠিত৷
অণু পৰমাণুবোৰ
ঈশ-শক্তি পুঞ্জীভূত
জীৱৰ জীৱনো মাত্ৰ
শক্তিৰে স্বতন্ত্ৰ ৰূপ;
নেদেখোঁ অকণো ভেদ
সজীৱ নিৰ্জীৱ বস্তু,—
জীৱহীনে অচেতন
দেহ মাত্ৰ সাৰ তাৰ,
দেহ-প্ৰাণ মিলি হয়
চৈতন্য জীৱন—
একেটি বস্তুৰে হোৱা
ধূলি-কণা এটি মই,—
ধূলি-পুঞ্জ মোৰ দেহ;
আছে জানো তাত বাজে
আৰু কিবা ভেদ?
মহাসাগৰৰ পৰা
অনা এটি পানী টোপা
নহয় পৃথক পানী
সাগৰৰ পৰা;
স্বৰূপত ভেদহীন
দুইও একে বস্তু,
আকাৰৰ সৰু-বৰ
এয়েহে প্ৰভেদ৷
হীন-বৃদ্ধি নৰ আমি
দেখোঁ নানা ভেদ;
কিবা গুণে শক্তিমান নৰ?
বহু শক্তি একত্ৰিত নৰৰ দেহত
সেয়েহে মানৱ— শক্তি—
মূলতত্ত্ব বিচাৰিলে
নাপাওঁ অকণো ভেদ,
দৰাচলে
সৰু-বৰ ভাৱ
অজ্ঞতাৰ পূৰ্ণ পৰিচয়;
বিজ্ঞানৰ পোহৰত নিজৰ স্বৰূপ দেখি
সৰু-বৰ ভাৱ জ্ঞানী কৰে পৰিহাৰ।
⸻
জীৱনৰ লক্ষ্য।
কি খেল খেলিছ কোনে
মোৰ অন্তৰত?—
হিয়া কৰ থানবান্,
আলোড়িত কৰ মোৰ
হৃদয়ৰ তাঁৰ;
বোৱাইছ ধুমুহাৰ মলয়াৰ বা,
হঁহুৱাইছ নচুৱাইছ,—
অন্তৰতে লুকুৱাই
আপোন স্বৰূপ
কি খেল খেলিছ কিয়
কোন হিয়া-চোৰ?
হৃদি-তন্ত্ৰী কম্পমান
ধুমুহা-কোবত,
মলয়াৰ বাত
নাচিছে সঘনে—
বাজি উঠে অন্তৰত নিতৌ নতুন—
অজান দেশৰ অজান গীতি
নীৰৱ সুৰত বাজে ৰিণি ৰিণি
যি গীতি-ৰাগীত মতলীয়া প্ৰাণ
মুহূৰ্ত্তে কৰে ৰূপ পৰিহাৰ
কৰে বাজিখেল চপল মন।
ক্ষণে সাধু ক্ষণে চোৰ —
আস্তিক নাস্তিক
সাজে একে তালে
ছলনা, চাতুৰি, ধাৰ্ম্মিক প্ৰবৰ
ভাল বেয়া যত ৰূপ
ধৰে একে একে;
ছাঁয়াবাজি কৰে চঞ্চল মন —
কাণ্ডাৰীহীন জীৱন-তৰী
ধুমুহা কোবত নাই থানথিতি—
লক্ষ্যহীন হৈ চলে ই জীৱন—
মায়া ধুমুহাত
নাজানো কদাপি জীৱনৰ গতি।
ভিক্ষাৰী
ভিক্ষাৰী নহয় কোন এই জগতত!
ৰজাৰ ভিক্ষাৰ স্থল প্ৰজাৰ সমূহ —
ভিক্ষা মাগে কৰ বুলি
প্ৰজাগণে দিয়ে ডঁৰি
জানোছা সৰ্ব্বস্ব হৰে ধৰি দায় ‘ৰাজদ্ৰোহ’!
ৰাজ-ভিক্ষা বলীয়ান ৰাজ্যৰ বলেৰে—
নিদিলে তৰণি নাই
লাভে মূলে সবে যা’য়,
ভিক্ষা নাম পৰিহৰি
'ৰাজ-কৰ’ আখ্যা পায়
ৰাজ-কৰ ৰাজ-দণ্ড যায় একেলগে।
বীৰপতি সেনাপতি ইমান সুখ্যাতি যাৰ,
তেৱোঁতো ভিক্ষাৰী বৰ—
ক্ষুদ্ৰ ক্ষুদ্ৰ সৈন্যগণে
যোগায় শকতি যাক
যাৰ অবিহনে বীৰ
অঙ্গহীন শক্তিহীন
তথাপিতো গৰ্ব্ব কৰে “জয়ী মই মহাবীৰ।”
ধনীৰ ধনৰ মোনা প্ৰজাই পূৰায়;
বহু আনে দিয়ে ক্ষুদ্ৰ
ভৰায় ধনৰ মোনা
শোষণ ধনীৰ ধৰ্ম্ম;
প্ৰজাহীনে ধনী দীন,
প্ৰাণীহীন জগতত ধনী কোন হয়!
দেখিও নেদেখোঁ হায়! বুজিও নুবুজোঁ,—
যেয়ে দিয়ে অন্নবস্ত্ৰ
তাকে কৰোঁ উপলঙ্ঘা;
সাম্য ভাৱ নাই নাই,
দেখোঁ মাত্ৰ দিনেৰাতি “বল যাৰ ভোগ তাৰ। ”
নিজৰা
‘কুলু কুলু কুলু' বইছে নিজৰা,
কবি গীত গালে কুলু সুৰ ধৰা,
কুলুধ্বনি শুনি প্ৰাণ চমকিল
কবিৰ ঝঙ্কাৰে বিশ্ব শিহৰিল।
সি সুৰত মুগ্ধ কুলী সুৱগীয়ে
গালে গীত ‘কু-উ’ পঞ্চম সুৰত,
লাহতী কেতেকী কাছি পাৰি আহি
নাচিব ধৰিলে গছৰ ডালত।
বনৰ হৰিণী থিয় হৈ ৰল
নীৰৱে শুনিলে ‘কুলু কুলু গান,
তটিনীৰ সুৰে অন্তৰ কঁপালে
জিলীয়ে ধৰিলে মোহন তান।
তাৰ প্ৰতিধ্বনি আকাশ ভেদিলে
মেনকা ৰাজ্যত মলয়া বলে,
পাখি মেলি উৰি আহি মৰ্ত্ত্যলৈ
তটিনী-পাৰত গন্ধৰ্ব্বে গালে।
নীৰৱ বননি হল মুখৰিত,
অমৰাৱতী নামিল ধৰাত,
দেৱ বসন্তই সিমদ-ৰাগীত
বাসন্তীৰে স'তে ৰমিলে তাত।
হাঁহিলে নিজৰা, ফুল চিটিকিল,
নীল আকাশত হাঁহিলে তৰা,
আপোন পাহৰি মত্ত চন্দ্ৰমাই
হাঁহিৰ জ্যোতিৰে ধুৱালে ধৰা
আকৌ এছাটি মলয়া বলে,
জোনাকী ৰাতিত প্ৰকৃতি দেবী
সুন্দৰী সাজি দিলেহি জগাই
দশৰসে গালে প্ৰেমিক কবি।
⸻
শান্তিৰ উদ্দেশ্য
জনম-মৰণ বন্ধা ৰীতি জগতৰ,
জন্মিলে মৰণ নিত্য হয় জাতকৰ;
জন্মহীনে অৰ্থহীন মৃত্যু যিবাদৰে
জনমৰো অৰ্থ নাই মৃত্যুৰ বিহনে।
ভোগা নাই যিটোজনে যাতনা-নিকাৰ,
পোৱা নাই দুখ, শোক, লাঞ্ছনা ভাগৰ,
খোৱা নাই তিতা কেহা এই জীৱনত—
নোৱাৰে ভুগিব সুখ দৰাচলে সি
মিঠা সুখ কিবা বস্তু নুবুজে কদাপি।
অন্ধৰ পোহৰ
কৃপণৰ দান
জুইৰ শীতল গুণ,
সিদৰে জীৱন-মৰণ দুইয়ে
এটা এৰি অৰ্থহীন।
জনমে সূচায় পূৰৱ জনম
পটৰ সিফালে জীৱৰ বাস,
পট ভেদ কৰি আহি ইপুৰীত
জীৱ-দেহ ধৰি,
হয় জীৱ দৃশ্যমান।
এই জগতৰ ভাওনা ঘৰত
লয় প্ৰতি জীৱে একোটি ভাও
বিশ্বৰ কৰ্ত্তাই সজা ই মঞ্চত
সকলো দৰ্শক
প্ৰত্যেকে চাই লোকৰ ভাৱ।
বালি-চাহী আদি,
মাটি পানী জুই,
সকলোৰে আছে
নিজৰ কাম,
শক্তিৰ সমানে
সবেও দৰ্শক
নাই বাদ কেও জীৱী অচেতন।
শক্তিয়ে অস্তিত্ব,
শক্তিয়ে বস্তু,
শক্তি ৰূপ ধৰি হয় দৃশ্যমান;
ৰূপান্তৰ শক্তি বস্তুৰ প্ৰভেদ
শক্তিৰ ৰূপেই চৈতন্য প্ৰাণ।
দৰাচলে নাই বস্তুৰ ভেদ
চেতনাচেতন একেই বস্তু;
ধূলিৰ কণাটি, চৈতন্য-জীৱন
এক ঈশ্বৰৰ বিভিন্ন ৰূপ।
তেন্তে কৰা কিয় ভেম, অভিমান,
অৱহেলা কৰা 'সামান্য জীৱে',
ক্ষুদ্ৰ বস্তু বুলি ইতিকিং কৰা
ক্ষুদ্ৰতম বস্তু নোহোৱানে নিজে?
কৰা গৰ্ব্ব কিয় জগতৰ মাজে
আত্মম্ভৰি ভাৱ মনত কিয়?
কিহৰ গৌৰৱ কিহত জয়
ৰণ-বাদ্য তুমি বজোৱা কিয়?
সকলো জীৱ অংশ ঈশ্বৰৰ
সকলে মানৱ নাই ভেদাভেদ,
তথাপি কিয় ৰক্ত অভিলাসী
ৰণ-মদে মত্ত কিয়বা তুমি?
জীৱন সংহাৰা, দাসত্ব দিয়া,
ধন-জন কিবা গঢ়িছা নিজে?
ঈশ্বৰে দিয়া শান্তি-সাম্য ভাৱ
হৰি জয়ঢোল বজোৱা কিয়?
মাৰিছা যিদৰে মৰিবা সিদৰে
ৰঙ্গমঞ্চ এৰি যাবাগৈ গুচি,
পটৰ সিফালে নতুন মঞ্চত
ওলাব লাগিব নতুন সাজি।
শক্তি অব্যাহত নাই তাৰ ক্ষয়
আতমাৰো নাই ক্ষয়-ভগন,
ভ্ৰমিবা বিশ্বত নতুন সাজেৰে
ৰূপান্তৰ মাত্ৰ জন্ম-মৰণ।
কি লাভ তেন্তে ৰণবাদ্যৰ
কি লাভ হৈ প্ৰভু জগতৰ;
এৰা অস্ত্ৰ-শস্ত্ৰ, দম্ভ-অহঙ্কাৰ,
সত্য পথ লোৱা,
সত্যক বিচৰা,
জগতত কৰা প্ৰেম-প্ৰচাৰ।
শক্তিৰ প্ৰয়োগ নহয় হিংসা
শক্তি হীনতাই হিংসাৰ মূল;
দয়া, ত্যাগ, প্ৰেম শক্তিৰ গুণ,
ক্ষমা শক্তিমানৰ অস্ত্ৰ।
প্ৰেম জগতৰ গাঁথনি সূতা
প্ৰেমতে হৈছে জগতৰ স্থিতি;
সিদিনাহে শান্তি হব ধৰাত
প্ৰেমৰ ঢউত যিদিনা ধৰাৰ
হিংসা কপটতা যাব উটি।
প্ৰেমৰ মাজেৰে লভিবা সত্য
প্ৰেমেৰে থাপিবা শান্তিৰ ৰাজ্য
প্ৰেমৰ তুলনা নাই জগতত
প্ৰেমহে কেৱল অমোঘ অস্ত্ৰ।
ক্ষমা, সহ্যগুণ প্ৰেমৰ সোপান
প্ৰেমৰ পথিক শিকাঁই ধৰম,
মহাত্মা যিশুৰ আদৰ্শ লোৱা
বশিষ্ঠ-দেৱক কৰা প্ৰণাম।
ই গালে মাৰিলে সিও গাল দিয়া
নুমোৱা জুই ক্ষমা—বলেৰে;
লভিবা প্ৰেম সিও ঘাতকৰ
প্লাবিব ধৰা শান্তি-বাৰিৰে।
⸻
আত্ম-সমৰ্পণ।
কিহেৰে গঠিত মোৰ
এই জীৱটি,
কিবা বস্তু ইটো
“মই” নাম যাৰ,
হাত, ভৰি, দেহ “মই” নহয়
জীৱ দেহ সংযোগতে
উপজিছে “মই।"
চকুৰে নমনি নিৰাকাৰ জীৱ
ইন্দ্ৰিয় বুদ্ধিৰ জীৱ অগোচৰ;
জীৱৰ বিনাশ বাদ
উৎপত্তি ইয়াতে,
নাস্তিক বিজ্ঞানে তাকে
ঘোষে নিৰন্তৰ।
ভূতেৰে নিৰ্ম্মিত দেহ মৃত্যুৰ পাচত
মিলি যায় ভূতৰ লগত;
“মোৰ” এই “মই” ভাৱ
শূন্যত বিলীন হয়,
মাৰ যায় “মই’ ভাৱ
“তোমাৰ” লগত।
নাজানো নিজকে “মই”
নাজানো “মই” নো কি;
অন্তৰত বাজে সদা
“মই” মোহজাল’
‘তুমিয়েই, সাজ পিন্ধি
ৰূপ লৈছা “মোৰ।”
অন্ধ “মই,” নেদেখোঁ নিজকে
লোমকূপটিও “মোৰ” দৃষ্টি-অগোচৰ;
জগতৰ মাজে “মই”
মূৰ্খতম জীৱ,
নিচিনো নিজকে,—
কিদৰে বুজিম তেন্তে বিশাল ব্ৰহ্মাণ্ড!
সুদূৰত দেখোঁ সৌৱা
আকাশৰ তৰা,
ভাবোঁ মনে মনে—
“তোমাৰে’’ মহিমা
পুঞ্জীভূত হৈ
প্ৰকাশিছে আকাশত।
“তোমাৰে” বিকাশ
দেখি চৌদিশত,
“তোমাকে” দেখোঁ
“মোৰ”— হৃদয়ত;
নগণ্য “মই”, অতি ক্ষুদ্ৰতম,
বিশ্বত “মই” অস্তিত্বহীন।
অভিভূত হওঁ ক্ষুদ্ৰানুভূতিৰে,
অন্তৰত বাজে নিৰাশাৰ ভাৱ
ব্যাকুল-হৃদয়ে কান্দোঁ ৰৈ ৰৈ
বিনাশন কাল যেন উপস্থিত, –
মাতৃৰ বিহনে যি দুখ শিশুৰ
হিয়া ফাটি যায় শোক-উচ্ছ্বাসত।
ধন, জন, মান, পুত্ৰ, পৰিবাৰ,
সকলোকে দেখোঁ সপোনৰ খেলা,
সবেও অসাৰ মোৰেই নিচিনা
সংসাৰ শ্মশান—
জন-পূৰ্ণ হৈও তাক
দেখোঁ জনহীন।
তুমিও প্ৰভু নিদিয়া দেখা
মায়া-আৱৰণ সোলোকাই থৈ;
মায়াৰে আচ্ছন্ন মই বুদ্ধিহীন,
পূৰ্ণ আলোকেৰে নাহানো কিয়?
এটিমাত্ৰ আশা জাগে অন্তৰত,
ক্ষুদ্ৰ আলোকেৰে দেখোঁ সুদূৰত,
“তুমি”য়েই “মই”
“তোমাৰে” শক্তি বিকশিত “মোত”।
যদিওবা অতি ক্ষুদ্ৰ “মই” শক্তি
“তোমাৰে” অসীম জ্যোতিৰ কণা।
তোমাৰে লগত,
অসীম অনন্ত,
নিৰ্ব্বিকাৰ “মই” জন্ম-মৃত্যুহীন।
খেলিছা, খেলা “তুমি” বাজিকৰ,
“তোমাৰ” খেলাতে “মোৰ” অৱতাৰ,
নকৰোঁ ভয়,
নহওঁ নিৰাশ,
যত দিন জাগে “মোৰ” অন্তৰত
“তোমাৰ” “মোৰ” অভিন্ন ভাৱ—
কৰাঁ ইচ্ছা পূৰ্ণ প্ৰভু “তোমাৰ”।
⸻
শক্তিৰ পৰিচয়
[ ৫৬ ] পিচপৰা, ভীৰু, সন্দিগ্ধমনা—সি চাৰিওফালে হীন আৰু জীৱন যুদ্ধত সি টিকিব নোৱাৰে। শক্তিমান পুৰুষ বীৰ, সাহী,জ্ঞানী; শক্তিমান পুৰুষেহে সঁচা কথা নিৰ্ভয়ে কব পাৰে, নিৰ্ভয়ে মৃত্যুক বৰণ কৰিব পাৰে, হৰিশ্চন্দ্ৰৰ নিচিনাকৈ দাৰিদ্ৰ্যক আকোঁৱালি ধৰিব পাৰে, আৰু সিদ্ধ পুৰুষবিলাকৰ নিচিনাকৈ জুই-পানী, সুখ-দুখ, মান-অপমানক একে বুলি ভাবিব আৰু সংসাৰত থাকিও সংসাৰ-নিৰ্লিপ্ত হব পাৰে। শক্তিমানৰ হাতত হীনশক্তিৰ জীৱ পুতলাৰ নিচিনা হৈ পৰে; শক্তিমানে আনক জীৱন যুদ্ধত পিচ পেলাই আগবাঢ়ে। এই কাৰণেই গছ-লতা, পশু-পক্ষী আটাইয়ে জীৱ শ্ৰেষ্ঠ মানুহৰ হাতৰ অস্ত্ৰ, গাৰ বস্ত্ৰ আৰু পেটৰ যোগনীয়াৰ হৈছে।
প্ৰকৃততে শক্তি জীৱকুলতে আৱদ্ধ নহয়। শক্তিৰ ৰূপান্তৰেই বস্তু বা পদাৰ্থ— ( পদাৰ্থ বুলিলে নিৰ্জীৱ আৰু জীৱন্ত সকলোকে বুজায় )। একে বস্তুৱেই ৰূপান্তৰিত হৈ পানী, বৰফ আৰু ভাপ হয় : তাপৰ আধিক্যই পোহৰ; একে বিজুলী শক্তিয়েই তাপ দিয়ে, পোহৰ দিয়ে, আকৰ্ষণ কৰে, কল চলায়, কথা কয়, মানুহ মাৰে আৰু মানুহ জীয়ায়, ( বেমাৰ চিকিৎসাত বিজুলী শক্তিৰ প্ৰয়োগ কৰা[ ৫৭ ] হয়)৷ বৈজ্ঞানিক সকলে দেখুৱাইছে যে আমাৰ পৃথিবীত যিমানবোৰ পদাৰ্থ আছে, সেই আটাইবোৰেই ৯০ টা মাত্ৰ মূল পদাৰ্থৰ বেলেগ বেলেগ সংমিশ্ৰনৰ পৰা হৈছে। একে মূল পদাৰ্থ কেইটামানেই ভিন ভিন ধৰণে মিহলি হৈ অমৃততুল্য উপাদেয় বস্তু আৰু কালকূটৰ দৰে মহাবিষৰ সৃষ্টি কৰিছে। এই মূল পদাৰ্থবোৰেই বালি-চাহিৰ পৰা সিংহ- হাতী আৰু মানুহলৈ জীৱ সকলৰ দেহ গঢ়ি তুলিছে; পৰ্ব্বতৰ শিল, নৈৰ বালি, গছৰ পাত, হীৰা-মুক্তা, সকলোবোৰ এইবোৰৰে সংমিশ্ৰণৰ ফল। বৈজ্ঞানিকসকলে আৰু আগবাঢ়িগৈ দেখুৱাইছে যে যিদৰে দৃশ্যমান জগতৰ বস্তুবোৰ ৯০ টা মূল বস্তুৰ সংমিশ্ৰণৰ ফলত হৈছে, সেইদৰে এই ৯০ টা মূল বস্তুও “আয়ন’’ আৰু “প্ৰটন ” নামেৰে দুট৷ মাত্ৰ মূল বস্তুৰ ভিন ভিন সংমিশ্ৰণৰ পৰাহে হৈছে।
ইয়াতো বৈজ্ঞানিকসকল ৰব পৰা নাই। সৱশেষত গৈ তেওঁলোকে পাইছে যে এই দুই বস্তুও একেবাৰে আদি বস্তু নহয়; আদিমূল বস্তু হৈছে একমাত্ৰ শক্তি (Energy )—যি শক্তিয়েই হৈছে সত্ত্বা ( Being Existence )। গোটেই বিশ্ব জুৰি এক শক্তি বিয়পি আছে। এই শক্তিয়েই এক ৰূপত গ্ৰহ, নক্ষত্ৰ, আকাশ আদি হৈ দেখা দিছে,[ ৫৮ ] এক ৰূপত বালি, শিল, পানী, জীৱদেহ আদি হৈ দেখা দিছে, অন্য এক ৰূপত জীৱন বা প্ৰাণ হৈ জীৱ-জগত সৃজন কৰিছে; এই একমাত্ৰ শক্তিয়েই তাপ, পোহৰ,বিজুলী আদি বিভিন্ন শক্তিধাৰাত পৰিণত হৈছে। এই শক্তিৰ ৰূপান্তৰতেই অসীম অনন্ত বিচিত্ৰ জগতখন হৈ পৰিছে। এই ৰূপান্তৰেই সৃষ্টি, আৰু যি মুহূৰ্ত্ততে এই শক্তিয়ে ৰূপ ধৰিব এৰিব, তেতিয়াই এই সংসাৰৰ অৱসান হব। এই শক্তি অসীম অনন্ত, অপ্ৰমেয়, অবিনশ্বৰ,অটুট; ই সদায় সমভাবে বৰ্ত্তমান ( Conservation of Energy )। এই শক্তিয়েই আদি, অন্ত, সৃষ্টি, স্থিতি,প্ৰলয়। ইয়াৰ আধাৰেই ঈশ্বৰ।
যাৰ শৰীৰত এই শক্তি বেচি পৰিমাণে আছে, সেয়ে আনৰ তুলনাত বেচি পূৰ্ণ। ঈশ্বৰ সকলো শক্তিৰ আধাৰ; তেওঁ সম্পূৰ্ণ। মানুহৰ ভিতৰত যিবিলাকক আমি ঈশ্বৰৰ অৱতাৰ বোলোঁ, সেইবিলাকেই মানুহৰ ভিতৰত আটাইতকৈ বেচি শক্তিমান—শক্তিৰ প্ৰাচুৰ্য্য হেতুকেই তেওঁলোকে অদ্ভুত অদ্ভুত কাৰ্য্য কৰে আৰু অৱতাৰ আখ্যা পায়।
উন্নতিকামীয়ে শক্তি বঢ়াবলৈ চেষ্টা কৰে, সেয়েহে তেওঁলোকৰ উন্নতি হয়। এহাতে শক্তি ক্ষয় কৰি ফল
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )