পৃষ্ঠা:চান (কবিতা পুথি).pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮)

যিবিলাকৰ সহানুভূতিপূৰ্ণ শিৰা আছে, সিবিলাকৰ অন্তৰত ভাৱবোৰে আপোনাআপুনি ঢৌ খেলি আহে; যিবিলাকৰ নাই, সিবিলাকে কৃত্তিম উপায়েৰে ঢৌ সাজিব লাগে—যি কাৰণত ইবিলাকৰ ৰচন প্ৰাকৃতিক লয়, মাধুৰী, ঝঙ্কাৰ আৰু স্নিগ্ধতা ( খোঁকোজা নলগা অৱস্থা ) বিহীন হয়।

 ৰসৰ আস্বাদ পাবলৈ প্ৰকৃতিৰাজ্যত সাধনা কৰিলে সহজে সিদ্ধি লভিব পাৰি। প্ৰকৃতিৰ কাৰ্য্যত সদাই ৰসৰ বিকাশ; সমুদ্ৰৰ ঢৌ, মলয়াৰ বা, ধুমুহা, এইবোৰেই ৰসজ্ঞান অৰ্জ্জাত যথেষ্ট সহায় কৰে। ৰসজ্ঞান লাভ হলে নিজে ’ৰস’ স্ৰজা অতি সহজ। ঢৌৰ, উচ্চতা, দৈৰ্ঘ্য আৰু ভ্ৰমণৰ বেগতেই ৰসৰ সৃষ্টি। ভয়ানক ৰস উপাদক ঢৌবোৰৰ দৈৰ্ঘ্য বেগ আৰু উচ্চতা শান্ত-ৰস উৎপাদক ঢৌবোৰৰ গুণৰ পৰা পৃথক; আন আন ৰসতো একে কথা৷

 মূল ৰস প্ৰকৃততে এটা; সেইটো হৈছে প্ৰেমৰস। এই প্ৰেম অতি সুক্ষ্ম, বিশ্বজনীন আৰু নিঃস্বাৰ্থ; ই সহজ-লভ্য নহয়। প্ৰয়োগভেদে এই এক ৰসে দহৰূপত বিকশিত হৈ দহোটা ৰসৰ সৃষ্টি কৰিছে। এই কেইটা হৈছে—আদি, বীৰ, কৰুণ, ভয়ানক, বীভৎস, অদ্ভুত, হাস্য, শান্ত, ৰৌদ্ৰ আৰু শৃঙ্গাৰ ৰস। আদিৰসে নায়কনায়িকাৰ অনুৰাগ সূচায়,