পৃষ্ঠা:চান (কবিতা পুথি).pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯)

উটিগল সেই সুখৰ সপোন
 উৰিগল সেই ফুলৰ মালা;
বিৰহ-ডাৱৰ শোকৰ তৰঙ্গ
 উথলি কৰিলে হৃদয় কলা।

দৰ্শন পঢ়িলোঁ পঢ়িলোঁ জ্যোতিষ
 পঢ়িলোঁ আৰু শাস্ত্ৰ বিজ্ঞান;
ভাবিলোঁ গুণিলোঁ  তৰাৰ বিষয়ে
 আকাশ তেন্তে কৰি ৰচন?

কলে কোনোবাই  অন্তৰত আহি
 আকাশো খৰিকাজাই;
বিশ্বৰ কৰ্ত্তাই  গঢ়িলে ই ফুল
 বিশ্বত তাৰ তুলনা নাই।