পৃষ্ঠা:চান (কবিতা পুথি).pdf/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৭)


হয়)৷ বৈজ্ঞানিক সকলে দেখুৱাইছে যে আমাৰ পৃথিবীত যিমানবোৰ পদাৰ্থ আছে, সেই আটাইবোৰেই ৯০ টা মাত্ৰ মূল পদাৰ্থৰ বেলেগ বেলেগ সংমিশ্ৰনৰ পৰা হৈছে। একে মূল পদাৰ্থ কেইটামানেই ভিন ভিন ধৰণে মিহলি হৈ অমৃততুল্য উপাদেয় বস্তু আৰু কালকূটৰ দৰে মহাবিষৰ সৃষ্টি কৰিছে। এই মূল পদাৰ্থবোৰেই বালি-চাহিৰ পৰা সিংহ- হাতী আৰু মানুহলৈ জীৱ সকলৰ দেহ গঢ়ি তুলিছে; পৰ্ব্বতৰ শিল, নৈৰ বালি, গছৰ পাত, হীৰা-মুক্তা, সকলোবোৰ এইবোৰৰে সংমিশ্ৰণৰ ফল। বৈজ্ঞানিকসকলে আৰু আগবাঢ়িগৈ দেখুৱাইছে যে যিদৰে দৃশ্যমান জগতৰ বস্তুবোৰ ৯০ টা মূল বস্তুৰ সংমিশ্ৰণৰ ফলত হৈছে, সেইদৰে এই ৯০ টা মূল বস্তুও “আয়ন’’ আৰু “প্ৰটন ” নামেৰে দুট৷ মাত্ৰ মূল বস্তুৰ ভিন ভিন সংমিশ্ৰণৰ পৰাহে হৈছে।

 ইয়াতো বৈজ্ঞানিকসকল ৰব পৰা নাই। সৱশেষত গৈ তেওঁলোকে পাইছে যে এই দুই বস্তুও একেবাৰে আদি বস্তু নহয়; আদিমূল বস্তু হৈছে একমাত্ৰ শক্তি (Energy )—যি শক্তিয়েই হৈছে সত্ত্বা ( Being Existence )। গোটেই বিশ্ব জুৰি এক শক্তি বিয়পি আছে। এই শক্তিয়েই এক ৰূপত গ্ৰহ, নক্ষত্ৰ, আকাশ আদি হৈ দেখা দিছে,