পৃষ্ঠা:চান (কবিতা পুথি).pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শক্তিৰ পৰিচয়

 শক্তি বুলিলে আমি সাধাৰণতে শৰীৰৰ কাম কৰিব পৰা ক্ষমতাকে বুজোঁ। লিখা পঢ়া, কথা কোৱা, হঁহা,নচা, ভবা, উশাহ-নিশাহ লোৱা, জীয়াই থকা, আটাইবোৰেই জীৱৰ কাম। লিখা-পঢ়া আদি অৱশ্যে মানুহৰ সুকীয়া কাম; অন্য প্ৰাণীৰ এনে কাম নাই। কিন্তু জীৱমাত্ৰেই কাম কৰে : কাম বন্ধ কৰা মানে জীৱনৰ অন্ত বা মৰণ। Activity is life, life is activity, death is equivalent to absence of activity. গছ-লতা জীৱন্ত; সিহঁতেও সিহঁতৰ জোখাৰে কাম কৰে।পশু-পক্ষীয়েও জীয়াই থকা কালত কাম কৰে; এখন্তেকৰ বাবেও সিহঁতে সেই কালত কাম বন্ধ কৰিব নোৱাৰে। যদি সেয়ে হয়, তেন্তে জীৱৰ ভেদ হ’ল কৰ পৰা? জীৱৰ ভেদ শক্তিৰ হীন-ডেঢ়িৰ পৰা হয়। যাৰ ভিতৰত বেচি শক্তি নিহিত হৈ আছে, সি বেচি জীৱন্ত, বেচি কৰ্ম্মী,বেচি উন্নত — সি সকলোতে চৰা; যাৰ ভিতৰত শক্তি কম পৰিমাণে আছে, সি মৃতপ্ৰায়, অকামিলা, চলৎশক্তিহীন,