পৃষ্ঠা:চান (কবিতা পুথি).pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৮)

কি লাভ তেন্তে  ৰণবাদ্যৰ
 কি লাভ হৈ প্ৰভু জগতৰ;
এৰা অস্ত্ৰ-শস্ত্ৰ, দম্ভ-অহঙ্কাৰ,
 সত্য পথ লোৱা,
 সত্যক বিচৰা,
 জগতত কৰা প্ৰেম-প্ৰচাৰ।

শক্তিৰ প্ৰয়োগ   নহয় হিংসা
 শক্তি হীনতাই হিংসাৰ মূল;
দয়া, ত্যাগ, প্ৰেম  শক্তিৰ গুণ,
 ক্ষমা শক্তিমানৰ অস্ত্ৰ।

প্ৰেম জগতৰ  গাঁথনি সূতা
 প্ৰেমতে হৈছে জগতৰ স্থিতি;
সিদিনাহে শান্তি  হব ধৰাত
 প্ৰেমৰ ঢউত যিদিনা ধৰাৰ
 হিংসা কপটতা যাব উটি।